ETV Bharat / state

কলেৰাত মৃত্যু হোৱা নাছিল টঙনাগাঁও চাহ বাগিচাৰ ১১ শ্ৰমিকৰ: জিলা আয়ুক্ত - Cholera like disease

টঙনাগাঁও চাহ বাগিচাত ১১ গৰাকী লোক কলেৰাসদৃশ ৰোগত মৃত্যু হোৱাৰ খবৰ সন্দৰ্ভত জিলা আয়ুক্তৰ সংবাদমেল ৷ কোনো এগৰাকী মৃতকৰ দেহত ধৰা পৰা নাই কলেৰাসদৃশ ৰোগ ৷ প্ৰধানকৈ চুলাই সেৱন আৰু অত্যধিক নিমখ গ্ৰহণৰ বাবেই মৃত্যুৰ আশংকা ৷

Cholera like disease
labours death in Tongonagaon (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 23, 2024 at 9:16 PM IST

2 Min Read
Choose ETV Bharat

তিনিচুকীয়া, ২৩ মে’: তিনিচুকীয়া জিলাৰ টঙনাগাঁও চাহ বাগিচাত ১১ গৰাকীকৈ লোকৰ কলেৰাসদৃশ বেমাৰত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি খবৰ বিয়পি পৰাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ ৷ সমান্তৰালভাৱে জিলা প্ৰশাসনৰ তৎপৰতাত স্বাস্থ্য বিভাগে গ্ৰহণ কৰে সকলো পদক্ষেপ । তাৰ পাছতে বৃহস্পতিবাৰে তিনিচুকীয়াৰ জিলা আয়ুক্ত স্বপ্নীল পালে এখন সংবাদমেলৰ জৰিয়তে সদৰী কৰে যে মৃত্যু হোৱা কোনো এজন লোক কলেৰা বেমাৰত আক্ৰান্ত হোৱা নাছিল ৷

তিনিচুকীয়া জিলা আয়ুক্তৰ সংবাদমেল (ETV Bharat Assam)

স্বাস্থ্য বিভাগে টঙনাগাঁও চাহ বাগিচাৰ কুলিবিল লাইনত উপস্থিত হৈ পৰ্যবেক্ষণ কৰাৰ লগতে মৃত লোকসকলৰ পৰিয়ালৰ পৰা সকলো বিৱৰণ গ্ৰহণ কৰে আৰু নমুনাৰ ফৰেনছিক পৰীক্ষা সম্পন্ন কৰে ৷ সকলো তথ্য লাভ কৰাৰ পাছত মৃত ১১ গৰাকীৰ ৯ গৰাকীৰ দেহতেই কলেৰা ৰোগৰ কোনো লক্ষণ নাই বুলি নিশ্চিত হোৱাৰ লগতে এগৰাকীও লোক কলেৰাসদৃশ ৰোগত আক্ৰান্ত হোৱা নাছিল বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক: আশ্চৰ্যকৰ ! চিতাৰ পৰাই তুলি নিলে বৃদ্ধাৰ মৃতদেহ - Suspicious death in tinsukia

ইয়াৰে দুগৰাকীৰ কিছু বমি আৰু শৌচ হৈছিল যদিও সেয়া কলেৰা বা টাইফয়ড নহয় বুলি প্ৰতিবেদনত কোৱা হৈছে৷ লগতে মৃত লোকসকলৰ অধিকাংশই থলুৱা মাদক দ্ৰব্য সেৱন কৰা আৰু নিমখজাতীয় খাদ্য অধিক গ্ৰহণ কৰাৰ বাবে মৃত্যু হোৱাৰ আশংকা প্ৰকাশ কৰিছে ৷

উল্লেখ্য যে, টঙনাগাঁও চাহ বাগিচাত শেহতীয়াকৈ 11 গৰাকী লোকৰ অচিন ৰোগত মৃত্যু হোৱাৰ পিছতে এক খবৰ ওলাইছিল যে কলেৰসদৃশ ৰোগত লোককেইজনৰ মৃত্যু হৈছে ৷ এই বাতৰি প্ৰকাশ পোৱাৰ পিছতেই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয় ৷ কিন্তু জিলা আয়ুক্তই শেহতীয়াভাৱে স্বাস্থ্য বিভাগৰ পৰ্যবেক্ষণৰ তথ্য প্ৰকাশ কৰি এই বাতৰি মিছা বুলি সদৰী কৰিছে ৷

লগতে পঢ়ক: টঙনা চাহ বাগিচাত কলেৰাসদৃশ ৰোগত ১১ জনকৈ শ্ৰমিকৰ মৃত্যু - Tangana Tea Estate Tinsukia