ETV Bharat / state

টঙনা চাহ বাগিচাত কলেৰাসদৃশ ৰোগত ১১ জনকৈ শ্ৰমিকৰ মৃত্যু - Tangana Tea Estate Tinsukia

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 10:08 PM IST

Tangana Tea Estate : কলেৰাসদৃশ অচিন ৰোগত আক্ৰান্ত হৈ মৃত্য়ু ১১ জনকৈ শ্ৰমিকৰ ৷ টঙনা চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনা ৷ স্বাস্থ্য বিভাগে বিশেষ গুৰুত্ব দিয়াৰ দাবীত স্মাৰকপত্ৰ আটছাৰ ৷

Tangana Tea Estate
টঙনা চাহ বাগিচাত কলেৰাসদৃশ অচিন ৰোগ (ETV Bharat Assam)

আটছা, তিনিচুকীয়া জিলা সমিতিৰ সভাপতি জগত নায়ক (ETV Bharat Assam)

তিনিচুকীয়া, ২২ মে’ : তিনিচুকীয়া জিলাৰ ডুমডুমা ৰাজহ চক্ৰৰ অন্তর্গত কাকপথাৰ টঙনা গাঁও চাহ বাগিচাত দেখা দিছে কলেৰাসদৃশ মহামাৰীয়ে ৷ বিগত এসপ্তাহৰ ভিতৰত উক্ত ৰোগত আক্ৰান্ত হৈ প্ৰায় ১১ গৰাকী লোকৰ অস্বাভাৱিকভাবে মৃত্যু হোৱাৰ দাবী কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে ৷

চাহ বাগিচাখনত আকস্মিকভাৱে এইধৰণে হোৱা মানুহৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই বুলি উল্লেখ কৰি মঙলবাৰে সংগঠনটোৰ জিলা সভাপতি জগত নায়ক, সম্পাদক অনুজ তাঁতী, প্ৰচাৰ সম্পাদক ত্ৰিশূল দ্বীপ আৰু কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য যতীন বৰাইকে জিলা আয়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷ আটছাৰ জিলা সভাপতি জগত নায়ক আৰু সম্পাদক অনুজ তাঁতী স্বাক্ষৰিত স্মাৰকপত্ৰত স্পষ্টকৈ উল্লেখ কৰা হয় যে টঙনা গাঁও চাহ বাগিচাত বিগত সপ্তাহধৰি কলেৰাসদৃশ ৰোগত ১১ জনকৈ চাহ শ্ৰমিকৰ মৃত্যু হোৱা স্বত্বেও স্বাস্থ্য বিভাগ আৰু চাহ বাগিচা কর্তৃপক্ষই কোনোধৰণৰ ব্যৱস্থা হাতত লোৱা নাই ৷

স্বাস্থ্য বিভাগ আৰু চাহ বাগিচা কৰ্তৃপক্ষৰ চূড়ান্ত হেমাহিৰ বাবে এনে ঘটনা সংঘটিত হৈছে বুলিও আটছাই অভিযোগ কৰিছে ৷ আটছাই সন্দেহ কৰা মতে যদি স্বাস্থ্য বিভাগে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে তিনিচুকীয়া জিলাৰ প্ৰত্যেক চাহ বাগিচালৈ কলেৰাসদৃশ এই ৰোগ বিয়পি পৰিব ৷

কলেৰাসদৃশ ৰোগত টঙনা চাহ বাগিচাত বিগত সপ্তাহত মৃত্যু হোৱা শ্ৰমিকসকল হ’ল চুনু তাঁতী (৬৯), দিবিচা তাঁতী (২৮), সীতা তাঁতী (৩২), লৈয়া তাঁতী (৫০), শচীন তাঁতী (৪৩), সুনীল তাঁতী (৪৩), পুনু তাঁতী (৬৮), জিমী গড় (৬০), চিব্ৰত গোৱালা (৪৫), গৰঠী ওৰাং (৬০) আৰু ধনু তাঁতী (৫০) ৷

স্মাৰকপত্ৰ যোগে আটছাই জনোৱা দাবী কেইটাৰ ভিতৰত টঙনা গাঁও চাহ বাগিচাত দিনক দিনে বিয়পি পৰা কলেৰা ৰোগ প্ৰতিৰোধ কৰি শ্ৰমিকসকলক মৃত্যুমুখৰ পৰা ৰক্ষা কৰাৰ ব্যৱস্থা কৰা, চাহ বাগিচাত চিকিৎসাধীন হৈ থকা শ্ৰমিকসকলক অতি শীঘ্ৰে উন্নতমানৰ চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা, জিলাৰ প্ৰতিখন চাহ বাগিচাত এনে ৰোগৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰা, টঙনা গাঁও চাহ বাগিচাৰ চিকিৎসালয়ত স্থায়ী চিকিৎসক নিয়োগ কৰাৰ লগতে ২৪ ঘণ্টাই জৰুৰীকালীন স্বাস্থ্যসেৱা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা আদি ৷

সমগ্ৰ বিষয়টো জানিবলৈ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰাৰ পিচত ইতিমধ্যে স্বাস্থ্য বিভাগৰ এটা দলে বাগিচাখনলৈ গৈ পৰীক্ষা-নিৰীক্ষা কৰিছে ৷ অৱশ্যে এইপৰ্যন্ত স্বাস্থ্য বিভাগৰ হাতত মৃত্যু হোৱা লোকৰ সংখ্যা পৰা নাই আৰু কলেৰা ৰোগৰ প্ৰাদুৰ্ভাৱ সন্দৰ্ভতো এতিয়ালৈকে তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

আটছাই কলেৰা বুলি দাবী কৰিছে যদিও সম্পূৰ্ণ পৰীক্ষাৰ পিছতহে বিষয়টোৰ সন্দৰ্ভত তদন্ত কৰি ক’ব পৰা যাব বুলিও জানিব পৰা গৈছে ৷

লগতে পঢ়ক: ডিব্ৰুগড়ত কলেৰাৰ ভয়ংকৰ সংক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.