ডিব্ৰুগড়ত কলেৰাৰ ভয়ংকৰ সংক্ৰমণ - Cholera cases
Cholera cases : ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত কলেৰা সদৃশ ৰোগত কেইবাজনো লোকৰ মৃত্যু হৈছে । এতিয়াও হাস্পতালখনত ১০ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে । উদ্বিগ্ন চিকিৎসকসকল ।

Published : May 2, 2024 at 9:20 PM IST
মৰাণ,২ মে': ৰাজ্যত কলেৰাৰ সংক্ৰমণ আৰম্ভ হৈছে । ডিব্ৰুগড় জিলাৰ মোকালবাৰী চাহ বাগিচাকে ধৰি কেইবাখনো চাহ বাগিচাত শেহতীয়াকৈ কলেৰা সদৃশ ৰোগে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । বাগিচা এলেকাত এজনৰ পাছত আন এজন ৰোগী আক্ৰান্ত হৈছে এই ৰোগত । বহু বছৰৰ অন্তত ডিব্ৰুগড়ত প্ৰথমজন কলেৰা অৰ্থাৎ হাইজা বেমাৰত আক্ৰান্ত ৰোগী ধৰা পৰাৰ লগে লগে স্বাস্থ্য বিভাগত আলোড়নৰ সৃষ্টি হৈছে । ৰোগীজন ডিব্ৰুগড়ৰ মোকালবাৰী চাহ বাগিচাৰ দীপক বাউৰী বুলি জানিব পৰা গৈছে । অসম চিকিৎসা মহাবিদ্যালয়ত এক উচ্চস্তৰীয় চিকিৎসকৰ দলে চিকিৎসা চলাই আছিল এই ৰোগীজনৰ ।
- " class="align-text-top noRightClick twitterSection" data="">
সমান্তৰালকৈ আন ১০ জন ৰোগীও কলেৰা সদৃশ জটিল ৰোগত আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হৈ থকাৰ কথা প্ৰকাশ কৰিছে অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙ্গীয়াই । বৰ্তমান অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা ৰোগীসকলক আছুতীয়া কক্ষত ৰাখি চিকিৎসা চলাই থকা হৈছে বুলি জানিবলৈ দিছে অধীক্ষকগৰাকীয়ে ।
ইফালে কলেৰা সদৃশ ৰোগত আক্ৰান্ত হৈ ২৫ এপ্ৰিলত লাহোৱালৰ মোকালবাৰী চাহ বাগিচাৰ ৰাহুল বাউৰী নামৰ আন এজন ২২ বছৰীয়া যুৱক আৰু ২৮ এপ্ৰিলত ৰাঙলিটিং চাহ বাগিচাৰ মাখনি বাউৰী নামৰ এগৰাকী ৩৬ বছৰীয়া মহিলা মৃত্যু হোৱা বুলি অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমত প্ৰকাশ কৰিছে । ইয়াৰ লগে লগে কলেৰাত আক্ৰান্ত ৰোগীৰ সংখ্যা অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । যাৰ বাবে জনসাধাৰণক এই দিশত প্ৰতিকাৰৰ ব্যৱস্থা গ্ৰহণ কৰি সজাগ হ'বলৈ আহ্বান জনাইছে চিকিৎসকসকলে ।
লগতে পঢ়ক :ৰাজ্যত অভাৱনীয় হাৰত কমিছে বৰষুণ, স্বাভাৱিকতকৈ ৩৩% কম হৈছে বৰষুণ - Rainfall Rates In Assam

