ETV Bharat / state

Assam BJP Slams Congress : বৰ্তমান সময়ত কংগ্ৰেছৰ ওচৰত কোনো ৰাজনৈতিক ইচ্ছ্যু নাই; ৰঞ্জীৱ কুমাৰ শৰ্মা

author img

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 8:10 PM IST

Assam BJP Spokesperson Ranjib Kumar Sharma
বিৰোধী দলপতি দেবব্ৰত শইকীয়াক তীব্ৰ সমালোচনা

দেওবাৰে এক সংবাদমেল সম্বোধন কৰি বিৰোধী দলপতি দেবব্ৰত শইকীয়াক তীব্ৰ সমালোচনা কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জিৱ কুমাৰ শৰ্মাই ৷ আনহাতে অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰাক বাংলাদেশী মূলৰ মুছলমান লোকৰ ভোট আকৰ্ষণ কৰাৰ অভিযান বুলি বিজেপি মুখপাত্ৰজনে উল্লেখ কৰে ৷

বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জিৱ কুমাৰ শৰ্মাৰ সংবাদমেল

গুৱাহাটী, ২৪ ছেপ্টেম্বৰ : এচকাৰ্ট বেংকৰ দৰে অসমৰ জনসাধাৰণৰ ধনেৰে গঢ়ি উঠা ৰাজহুৱা প্ৰতিষ্ঠানক ধ্বংস কৰাৰ ক্ষেত্ৰত বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ পৰিয়ালৰ লোক প্ৰত্যক্ষভাৱে জড়িত আছিল ৷ এই অভিযোগ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ ৷ দেওবাৰে এক সংবাদ মেল সম্বোধন কৰি বিৰোধী দলপতি দেবব্ৰত শইকীয়াক তীব্ৰ সমালোচনা কৰে ৰাজ্যিক বিজেপিৰ নেতাজনে ৷

সংবাদমেলত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি শৰ্মাই কয় যে, কোটি টকীয়া এল. অ. চি কেলেংকাৰী সংঘটিত কৰাৰ ক্ষেত্ৰত বিৰোধী দলপতি গৰাকীৰ ভূমিকাৰ কথা সৰ্বজন বিদিত ৷ দুৰ্নীতি, অনিয়ম, ৰাজহুৱা সম্পত্তি আত্মসাতৰ দৰে পৰম্পৰাৰ অধিকাৰী দেবব্ৰত শইকীয়াৰ দৰে ব্যক্তিয়ে কেৱল সমালোচনা কৰাৰ স্বাৰ্থতে বিজেপি দল আৰু দলৰ একাংশ নিৰ্বাচিত লোকৰ বিৰুদ্ধে মনে সজা কাহিনী সংবাদ মাধ্যমত প্ৰকাশ কৰা আমি দেখিবলৈ পাইছো ৷ মনেসজা কাহিনীৰে অপ- প্ৰচাৰ চলোৱাৰ বিপৰীতে তথ্য-প্ৰমাণ সহ আদালতৰ কাষ চাপিবলৈ আমি প্ৰত্যাহ্বান জনালো বুলি মন্তব্য কৰে বিজেপি নেতাজনে ৷

শৰ্মাই কয় যে, দেবব্ৰত শইকীয়াই আমাৰ এই প্ৰত্যাহ্বান নিশ্চয় গ্ৰহণ কৰিব ৷ বিজেপি নেতাজনে লগতে সকীয়াই দি কয় যে দেবব্ৰত শইকীয়াৰ দৰে নেতাই কুৎসা ৰচনা আৰু অপ-প্ৰচাৰৰ পৰা আঁতৰি থকা উচিত অন্যথা তেওঁৰ অৱশিষ্ট ভেঁটিও নোহোৱা হৈ পৰিব ৷ বৰ্তমান সময়ত কংগ্ৰেছৰ ওচৰত কোনো ৰাজনৈতিক ইচ্ছ্যু নাই ৷ সেয়েহে অপ-প্ৰচাৰ, পৰচৰ্চাকে তেওঁলোকে ৰাজনৈতিক সমল হিচাবে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে বুলি বিজেপি মুখপাত্ৰজনে মন্তব্য কৰে ৷

চাহ বাগানত চলোৱা যাত্ৰা চুপাৰ ফ্লপ হোৱাৰ পিছত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব চৰম হতাশাত ভোগা বুলি শৰ্মাই কটাক্ষ কৰে ৷ আনহাতে অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰক বাংলাদেশী মূলৰ মুছলমান লোকৰ ভোট আকৰ্ষণ কৰাৰ অভিযান বুলি বিজেপি মুখপাত্ৰজনে বৰ্ণনা কৰে ৷ শৰ্মাৰ মতে নিজকে গৌৰৱ গগৈতকৈ বেছি জনপ্ৰিয় হিচাবে প্ৰতিষ্ঠা কৰাৰ বাবেই জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈয়ে এই যাত্ৰা কৰিছে ৷ জাতীয় পৰিষদৰ এক অসম যাত্ৰাই অসমৰ খিলঞ্জীয়া ভুমিপুত্ৰ সকলৰ মাটি, ভেঁটি, ভাষা, সংস্কৃতি, আস্থাকেন্দ্ৰ আদিৰ প্ৰতি ভাবুকি সৃষ্টি কৰা বাংলাদেশীয় মূলৰ লোককহে একত্ৰিত কৰা দেখা গৈছে বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই মন্তব্য কৰে ৷

লগতে পঢ়ক : Rahul Gandhi on upcoming election : 'নিৰ্বাচনমুখী ৰাজ্যবোৰত বিজেপি সফল হ'ব নোৱাৰে'-ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.