ETV Bharat / state

আমাক এজন শিক্ষক দিয়ক: মুখ্যমন্ত্ৰীলৈ শিক্ষক বিচাৰি প্ৰাৰ্থনা এজাক শিক্ষাৰ্থীৰ - Lack of teachers

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 9:21 PM IST

Chowkidar teaches students: চকীদাৰে পাঠদান কৰা অসমৰ এখন মধ্য ইংৰাজী বিদ্যালয়, শিক্ষকৰ অভাৱৰ বাবে এজন চতুৰ্থবৰ্গৰ কৰ্মচাৰীয়ে পাঠদান কৰিব লগা হয় বিদ্যালয়খনত । ক’ত আছে এইখন বিদ্যালয় ? চাওক সবিশেষ...

Chowkidar teaches students
LACK OF TEACHERS (ETV Bharat Assam)

যোৰহাট, 23 মে’: চকীদাৰে পাঠদান কৰা অসমৰ এখন মধ্য ইংৰাজী বিদ্যালয়, শিক্ষকৰ অভাৱৰ বাবে বিদ্যালয়খনত থকা এজন চতুৰ্থবৰ্গৰ কৰ্মচাৰীয়ে পাঠদান কৰিব লগা হয় ছাত্ৰ-ছাত্ৰীক । চৰকাৰে সদম্ভে উন্নয়ন হোৱা বুলি দাবী কৰি থকা ৰাজ্যৰ শিক্ষা বিভাগ এতিয়া এইদৰেই চলিছে ঢোকা-ভেজা দি ৷

মুখ্যমন্ত্ৰীলৈ শিক্ষক বিচাৰি প্ৰাৰ্থনা এজাক শিক্ষাৰ্থীৰ (ETV Bharat Assam)

চাহ বাগিচা অঞ্চলৰ শৈক্ষিক উত্তৰণৰ বাবে বিভিন্ন আচঁনিৰ ঘোষণা কৰি আহিছে ৰাজ্য চৰকাৰে । সেই সময়তে শিক্ষক অবিহনে চাহ বাগিচা অঞ্চলত চলি আছে এখন চৰকাৰী বিদ্যালয় । শিক্ষকৰ অভাৱৰ বাবে চতুৰ্থবৰ্গৰ কৰ্মচাৰীগৰাকীয়ে পাঠদান কৰিব লগা হয় বিদ্যালয়খনত । ১০০ জনৰো অধিক ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে বিদ্যালয়খনত আছে এজন শিক্ষক ।

লগতে পঢ়ক: নিৰ্বিকাৰ ভূমিকাত ৰাজ্যৰ শিক্ষা বিভাগ ! শিক্ষকৰ অভাৱত প্ৰত্যাহ্বানৰ সন্মুখীন শিক্ষাৰ্থী - Lack of teachers IN GOVT SCHOOL

শিক্ষকৰ অভাৱৰ বাবে চকীদাৰগৰাকীয়েও পাঠদান কৰে বিদ্যালয়খনত । শিক্ষক বিচাৰি হাতযোৰ কৰি মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনালে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে ৷ এই বিদ্যালয়খন হৈছে মৰিয়নীৰ কাকজান চাহ বাগিচা আদৰ্শ মধ্য ইংৰাজী বিদ্যালয় ৷ গৰিষ্ঠ সংখ্যক চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰে এই বিদ্যালয়খনত । ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে থকা বিদ্যালয়খনত নিয়োজিত হৈ আছে মাত্ৰ এজন শিক্ষক । ফলত শিক্ষকৰ অভাৱৰ বাবে চতুৰ্থবৰ্গৰ কৰ্মচাৰীগৰাকীয়েও শিক্ষাদান কৰিবলগীয়া হয় বিদ্যালয়খনত ।

মন কৰিবলগীয়া যে শৈক্ষিক উত্তৰণৰ বাবে অসম চৰকাৰে বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰাৰ সময়তে শিক্ষকৰ অভাৱৰ বাবে বাগিচা অঞ্চলৰ এখন বিদ্যালয়ৰ বহু ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱন অন্ধকাৰ হৈ পৰাত চিন্তিত হৈ পৰিছে অভিভাৱক তথা ছাত্ৰ সমাজ । চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থীসকলে যাতে পৰ্যাপ্ত শিক্ষা লাভ কৰে তাৰ বাবে মডেল স্কুল আৰু পৰ্যাপ্ত শিক্ষক যোগানৰ কথা চৰকাৰে ঘোষণা কৰি আহিছে যদিও সেয়া যেন এক ভুৱা প্ৰতিশ্ৰুতিত পৰিণত হৈছে ৷ কাকজান চাহ বাগিচা আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ে উদঙাই দিছে শিক্ষা বিভাগৰ এই ফোঁপোলা স্বৰূপটো ৷

লগতে পঢ়ক: মিছন বাৎসল্যৰ অধীনত শোণিতপুৰৰ দুই শিশুলৈ ৪৮ হাজাৰ টকাৰ অনুদান - Mission Vatsalya

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.