ETV Bharat / state

মিছন বাৎসল্যৰ অধীনত শোণিতপুৰৰ দুই শিশুলৈ ৪৮ হাজাৰ টকাৰ অনুদান - Mission Vatsalya

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 7:03 AM IST

Sonitpur DC : শোণিতপুৰ জিলা শিশু সুৰক্ষা ইউনিট আৰু জিলা প্ৰশাসনৰ যুটীয়া বৈঠক ৷ এই বৈঠকত নিৰ্বাচিত হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় 48,000 টকাৰ চেক । সবিশেষ এই প্ৰতিবেদনত ...

Mission Vatsalya
শোণিতপুৰৰ দুই শিশুলৈ ৪৮ হাজাৰ টকাৰ অনুদান (Etv Bharat Assam)

তেজপুৰ, 23 মে’ : ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰণালয়ৰ মিছন বাৎসল্যৰ অধীনত স্পনছৰশ্বীপ পুঁজিৰ আনুষ্ঠানিক বিতৰণৰ কাৰ্যসূচী শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বুধবাৰে অনুষ্ঠিত হয় ৷

এই কাৰ্যসূচীৰ উদ্যোক্তা হৈছে জিলা শিশু সুৰক্ষা ইউনিট আৰু জিলা প্ৰশাসন ৷ এই বৈঠকত অধ্যক্ষতা কৰি জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই এই অভিযানৰ উদ্দেশ্য ব্যাখ্যা কৰে ৷ বৈঠকত এই বছৰৰ বাবে নিৰ্বাচিত হোৱা হিতাধিকাৰীসকলৰ ভিতৰৰ দুজনক 48 হাজাৰকৈ টকাৰ চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় ।

লগতে পঢ়ক: জি আই টেগ লাভ কৰা তেজপুৰৰ লিচুৰ সোৱাদ আপুনি বাৰু লৈছে নে ? - Tezpur Litchi Story

অনুদান লাভ কৰা দুই হিতাধিকাৰী হৈছে ক্ৰমে ঢেকীয়াজুলিৰ ১৬ বছৰীয়া বিক্ৰম ছেত্ৰী, যিয়ে ঢেকীয়াজুলিৰ ডনবস্ক’ স্কুলৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 80.17% নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে ৷ আনজন ছাত্ৰ হৈছে জামুগুৰিৰ শলগুৰি গাঁৱৰ ন বছৰীয়া ভাস্কৰজ্যোতি বৰা, যি এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ৷

উল্লেখ্য যে, জিলা আয়ুক্তগৰাকীয়ে এই আঁচনিৰ অধীনত সামৰি ল’ব পৰা উপযুক্ত হিতাধিকাৰী চিনাক্তকৰণত প্ৰশাসনক সহায় কৰিবলৈ উপস্থিত সকলোকে আহ্বান জনায় ।

মিছন বাৎসল্য কি :

মিছন বাৎসল্য হৈছে শিশুৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়াৰ লগতে সামগ্ৰিক বিকাশত উপনীত হোৱাৰ বাবে মূলতঃ যত্ন আৰু সুৰক্ষাৰ প্ৰয়োজনীয় শিশু আৰু আইনৰ সংঘাতত থকা শিশুৰ পুনৰ্বাসনত গুৰুত্ব আৰোপ কৰা এক ৰোডমেপ ।

ইয়াত "কোনো শিশু যাতে বাদ নপৰে" এই মূলমন্ত্ৰৰে শিশুসকলক ন্যায় প্ৰদানৰ ক্ষেত্ৰত ল’বলগীয়া যত্ন আৰু সুৰক্ষা ব্যৱস্থাক শক্তিশালী কৰাৰ লগতে শিশুৰ অধিকাৰ আৰু সজাগতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যুটীয়া অংশীদাৰিত্বৰে এই আঁচনিখন ৰূপায়ণ কৰা হৈছে ।

কোনে পাব মিছন বাৎসল্যৰ আঁচনি:

উল্লেখযোগ্য যে, 2023-24 বিত্তীয় বৰ্ষত জিলাখনৰ মুঠ 91 গৰাকী হিতাধিকাৰীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিব । এই আঁচনিৰ অধীনত নিৰ্বাচিত হিতাধিকাৰীসকলে এবছৰৰ বাবে প্ৰতিমাহে 4000 টকাকৈ পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টযোগে লাভ কৰিব ৷ ইয়াৰ পিছত পুনৰ এবছৰৰ বাবে যোগ্যতাৰ মাপকাঠীৰ ভিত্তিত এই সুবিধা নবীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

লগতে পঢ়ক: ভ্ৰমণৰ আনন্দ ল’বলৈ তেজপুৰলৈ আহিলে নোচোৱাকৈ নাযাব এইকেইটা স্থান... - Tourist Spots In Tezpur

আঁচনিখনৰ জৰিয়তে কেৱল 18 বছৰ বয়সৰ শিশুকহে সামৰি লোৱা হৈছে । বুধবাৰৰ এই অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত(ডব্লিউ চি ডি) কবিতা কাকতি কোঁৱৰ, শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ সম্পাদিকা এইচ টি বুঢ়াগোঁহাই, জিলা শিশু সুৰক্ষা ইউনিট, স্নেহবন্ধন শিশুগৃহৰ অধীক্ষক তথা অন্যান্য সংশ্লিষ্ট বিষয়া আৰু আমন্ত্ৰিত অতিথিসকল উপস্থিত থাকে ।

লগতে পঢ়ক: তেজপুৰ লোকসভাৰ প্ৰাক্তন সাংসদ ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ দেহাৱসান - Former MP Ishwar Prasanna Hazarika

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.