ETV Bharat / politics

তেজপুৰ লোকসভাৰ প্ৰাক্তন সাংসদ ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ দেহাৱসান - Former MP Ishwar Prasanna Hazarika

author img

By ETV Bharat Assamese Team

Published : May 13, 2024, 1:42 PM IST

Former MP Ishwar Prasanna Hazarika : তেজপুৰ লোকসভাৰ প্ৰাক্তন সাংসদ ঈশ্বৰ প্ৰসন্ন হাজৰিকা আৰু নাই ৷ তেওঁৰ মৃত্যুত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ শোক প্ৰকাশ ৷

Former Lok Sabha MP from Tezpur Ishwar Prasanna Hazarika passes away
ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰ মৃত্যু (ETV BHARAT ASSAM)

তেজপুৰ, ১৩ মে’ : এক অজান দেশলৈ গ’ল গৈ তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ঈশ্বৰ প্ৰসন্ন হাজৰিকা ৷ সকলোকে কন্দুৱাই ঈশ্বৰ প্ৰসন্ন হাজৰিকাৰই এই ইহ সংসাৰৰ পৰা বিদায় মাগে ৷ আজি (সোমবাৰ) নতুন দিল্লীৰ ওখলাৰ ফৰ্টিছ হাস্পতালত চিকিৎসাধীন অৱস্থাতে ৮৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান কংগ্ৰেছ নেতাগৰাকীয়ে । বিগত কিছুদিন ধৰি বৃক্ক আৰু হৃদৰোগত আক্ৰান্ত হৈ আছিল জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকী ।

ইশ্বৰ প্ৰসন্ন হাজৰিকা এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু চৰকাৰী কৰ্মচাৰী আছিল । ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে তেজপুৰ সমষ্টিৰ পৰা ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হৈছিল । ১৯৯৬ চনত ঈশ্বৰ প্ৰসন্ন হাজৰিকা কংগ্ৰেছৰ পৰা সাংসদ হিচাবে নিৰ্বাচিত হৈছিল আৰু ১৯৯৮ চনলৈ তেওঁ তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ হিচাবে সংসদৰ মজিয়াত বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছিল হাজৰিকাই ।

১৯৩৭ চনত উত্তৰ লখিমপুৰৰ অধিবক্তা তথা স্বাধীনতা সংগ্ৰামী তীৰ্থেশ্বৰ হাজৰিকা আৰু ভাৰতীয় স্বাধীনতা আন্দোলনত সক্ৰিয় মোক্ষদা দেৱীৰ ঘৰত জন্মগ্ৰহণ কৰিছিল ইশ্বৰ প্ৰসন্ন হাজৰিকাই । ইশ্বৰ প্ৰসন্ন হাজৰিকাই বেনাৰস হিন্দু বিশ্ববিদ্যালয় আৰু দিল্লী স্কুল অৱ ইকনমিক্সত অধ্যয়ন কৰিছিল আৰু তেওঁ চৰকাৰী কৰ্মচাৰী হিচাপে কাম কৰিছিল ৷

তেওঁ ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ সৈতে জড়িত মূল পদসমূহত কাৰ্যনিৰ্বাহ কৰিছিল, য’ত এনটিপিচিৰ ব’ৰ্ডৰ সঞ্চালক আৰু অধ্যক্ষ আৰু এমএমটিচিৰ পৰিচালন সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । ১৯৯৬ চনত হাজৰিকাই অসমৰ তেজপুৰ লোকসভা সমষ্টিৰ পৰা লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈ তেজপুৰলৈ সন্মান কঢ়িয়াই আনিছিল ।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই তেওঁৰ সামাজিক মাধ্যম X ত মন্তব্য কৰি দুখ প্ৰকাশ কৰি কয় যে তেওঁ এজন অভিভাৱক হেৰুৱালে ৷

লগতে পঢ়ক : চিৰদিনৰ বাবে নোহোৱা হ'ল এক বিৰল ব্যক্তিত্ব : উদ্ভিদ বিজ্ঞানী, লোক-সংস্কৃতিৰ গৱেষক পণ্ডিত ড° পদ্মেশ্বৰ গগৈৰ দেহাৱসান - Dr Padmeswar Gogoi Passes Away

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.