ETV Bharat / state

চিৰদিনৰ বাবে নোহোৱা হ'ল এক বিৰল ব্যক্তিত্ব : উদ্ভিদ বিজ্ঞানী, লোক-সংস্কৃতিৰ গৱেষক পণ্ডিত ড° পদ্মেশ্বৰ গগৈৰ দেহাৱসান - Dr Padmeswar Gogoi Passes Away

author img

By ETV Bharat Assamese Team

Published : May 12, 2024, 10:56 PM IST

Dr Padmeswar Gogoi : উদ্ভিদ বিজ্ঞানী, লোক-সংস্কৃতিৰ গৱেষক পণ্ডিত, সমাজ জীৱনৰ বটবৃক্ষ স্বৰূপ ড° পদ্মেশ্বৰ গগৈৰ দেহাৱসান ৷ গুৱাহাটীৰ হেলথ চিটি চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শনিবাৰে নিশা দেহাৱসান ঘটে ড° পদ্মেশ্বৰ গগৈৰ।

DR PADMESWAR GOGOI PASSES AWAY
নোহোৱা হ'ল এক বিৰল ব্যক্তিত্ব (ETV BHARAT ASSAM)

গৱেষক পণ্ডিত ড° পদ্মেশ্বৰ গগৈৰ দেহাৱসান (ETV BHARAT ASSAM)

গোলাঘাট, 12 মে’ : চিৰ দিনৰ বাবে নোহোৱা হ'ল সমগ্ৰ ৰাজ্যখনৰে পৰিচিত বিশিষ্ট উদ্ভিদ বিজ্ঞানী, লোক-সংস্কৃতিৰ গৱেষক পণ্ডিত, প্ৰকৃতিবিদ,ড৹ পদ্মেশ্বৰ গগৈ ৷ মধুমেহ আৰু হৃদ ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ হেলথ চিটি চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শনিবাৰে নিশা তেখেতৰ দেহাৱসান ঘটে ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল 78 বছৰ ৷

ড৹ পদ্মেশ্বৰ গগৈৰ মৃত্যুৰ সংবাদত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ গোলাঘাট জিলা ৷ ৰাজ্যবাসীয়েও এনে এগৰাকী পণ্ডিতৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰে ৷ দেওবাৰে পুৱা তেখেতৰ শৱদেহ গোলাঘাটৰ সমীপৱৰ্তী পুলিবৰ বগৰীজেঙস্থিত নিজা বাসভৱনলৈ অনাৰ পাচত অগণন গুণমুগ্ধই শেষ শ্ৰদ্ধা নিবেদন কৰে ৷ ইয়াৰ পিচতে তেওঁৰ শৱদেহ বিশাল শোভাযাত্ৰা কৰি পুলিবৰ লাচিত জিৰণি চ'ৰালৈ অনা হয় আৰু ইয়াতেই অগণন গুণমুগ্ধ আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান,সংগঠনৰ প্ৰতিনিধিয়ে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনায় তেখেতক ৷ ইয়াৰ পাচতেই তেখেতৰ নশ্বৰদেহ অনা হয় গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়লৈ ৷ দেৱৰাজ ৰয় মহাবিদ্যালয় কৰ্তৃপক্ষৰ উদ্যোগত মহাবিদ্যালয় প্ৰাংগনত মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ জয়ন্ত বাৰুকীয়ালে মহাবিদ্যালয় কৰ্তৃপক্ষৰ হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ ইয়াৰ পিচতে পুলিবৰ বগৰীজেঙত বাসগৃহৰ সমীপত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয় ৷

1946 চনত গোলাঘাট পুলিবৰত জন্ম গ্ৰহণ কৰা ড৹ পদ্মেশ্বৰ গগৈয়ে বগৰীজেঙৰ জাপিসজীয়া এল পি স্কুলত শিক্ষা জীৱন আৰম্ভ কৰিছিল ৷ 1963 চনত মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰয়াত ড৹ গগৈয়ে গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ পৰা 1967 চনত বিজ্ঞান শাখাত ডিষ্টিংশ্যনসহ স্নাতক ডিগ্ৰী লাভ কৰে ৷ তাৰ পাচতেই 1968 চনত কাৰ্বি-আংলং জিলাৰ দংকামকাম হাইস্কুলত শিক্ষকতাৰ চাকৰিত তেওঁ যোগদান কৰে ৷ 1970 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা উদ্ভিদ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি 1971 চনৰ ফেব্ৰুৱাৰীত কামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শিক্ষক হিচাপে যোগদান কৰে ৷ অৱশ্যে সেই চাকৰি ত্যাগ কৰি 1971 চনত তেওঁ দেৱৰাজ ৰয় মহাবিদ্যালত উদ্ভিদ বিজ্ঞান বিভাগত অধ্যাপক হিচাপে যোগদান কৰে ৷ গুৱাহাটী বিশ্ববিদ্যালয়, ব'টানীকেল চাৰ্ভে অৱ ইণ্ডিয়া-কলকাতা, ব'টানীকেল চাৰ্ভে অৱ ইণ্ডিয়া-শ্বিলং আদিত তেওঁ গৱেষণামূলক কাম-কাজো আৰম্ভ কৰে ৷

দেৱৰাজ ৰয় মহাবিদ্যালয়ত অধ্যাপনা কৰা কালচোৱাতে উদ্ভিদ বিজ্ঞানৰ তত্বাৱধায়ক ড৹ চম্পকলাল বৈশ্যৰ তত্বাৱধানত 1982 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে তেওঁ ৷ 2006 চনত তেওঁ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ পৰা মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে ৷ অৱসৰৰ পাচত তেওঁ নেডফিত বিজ্ঞানী হিচাপেও প্ৰায় 5 বছৰ কাল কাৰ্যনিৰ্বাহ কৰিছিল ৷ সুগন্ধি আৰু ঔষধি গছৰ ওপৰত গৱেষণা চলাইছিল তেওঁ ৷ ড৹ পদ্মেশ্বৰ গগৈয়ে নামবৰ অভয়াৰণ্য আৰু দেওপাহাৰ বনাঞ্চলৰ গছ-গছনিৰ ওপৰত গভীৰভাৱে অধ্যয়ন কৰি আৱিস্কাৰ নোহোৱা বহু গছ-গছনিৰ নামকৰণ কৰি থৈ গৈছে ৷ নামবৰ বনাঞ্চলৰ ঢেঁকীয়াৰ ওপৰতো তেখেতৰ তত্বাৱধানতে গৱেষণা আৰম্ভ হৈছিল আৰু নামবৰ বনাঞ্চলৰ এবিধ নতুন প্ৰজাতিৰ ঢেঁকীয়াক উদ্ভিদবিদ ড৹ পদ্মেশ্বৰ গগৈৰ নামত 'Thelipteris gogoii' নামেৰে নামকৰণ কৰা হৈছে ৷

বন্যপ্ৰাণী সংৰক্ষণৰ ওপৰতো তেওঁ বিশেষ গুৰুত্ব প্ৰদান কৰিছিল ৷ অসমৰ থলুৱা গীত-মাত, ঐতিহ্য-পৰম্পৰা, থলুৱা কৃষ্টি-সংস্কৃতিৰ ক্ষেত্ৰত অফুৰন্ত জ্ঞান আৰু পাণ্ডিত্য আছিল ড৹ পদ্মেশ্বৰ গগৈৰ ৷ নৱ-প্ৰজন্মৰ মাজত এই সমূহ প্ৰচাৰ-প্ৰসাৰ, সংৰক্ষণ, সংবৰ্ধনৰ দিশতো ড৹ গগৈয়ে অহোপুৰুষাৰ্থ কৰি থৈ গৈছে ৷ চিৰ কুমাৰ ভাৱেই থাকি প্ৰকৃতি, জীৱ-জগত, মানুহৰ সমাজখনকে নিজৰ আপোন হিচাপে লৈ সমাজ জীৱনত নিঃস্বাৰ্থ ভূমিকা পালন কৰি যোৱা ড৹ পদ্মেশ্বৰ গগৈয়ে ৰাখি থৈ গৈছে অনেক সু-কৃতি ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী অতুল বৰা, বিধায়ক বিশ্বজিৎ ফুকন, বিধায়ক মৃণাল শইকীয়া, সাংসদ গৌৰৱ গগৈ আদিয়ে তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : ব্ৰিটিছ সংসদৰ গুৰুত্বপূৰ্ণ পদবীত লখিমপুৰৰ আয়েশা - Baroness Hazarika Of Coatbridge

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.