ETV Bharat / state

ব্ৰিটিছ সংসদৰ গুৰুত্বপূৰ্ণ পদবীত লখিমপুৰৰ আয়েশা - Baroness Hazarika of Coatbridge

author img

By ETV Bharat Assamese Team

Published : May 12, 2024, 3:07 PM IST

Updated : May 12, 2024, 5:29 PM IST

Baroness Hazarika of Coatbridge : ব্ৰিটিছ সংসদৰ গুৰুত্বপূৰ্ণ পদবীত এগৰাকী অসমীয়া । পিতৃভিঠা অনুসৰি লখিমপুৰৰ আয়েশা ইউচুফ হাজৰিকাই ব্ৰিটিছ সংসদত লাভ কৰিলে সন্মানীয় বেৰ’নেছ পদবী । যি খবৰে সমগ্ৰ ৰাজ্যখনলৈ কঢ়িয়াই আনিছে আনন্দৰ বতৰা ৷

Ayesha Hazarika becomes first British-Indian of Assamese descent to join House of Lords
আয়েশা ইউচুফ হাজৰিকা (ayesha-hazarika Twitter account)

ব্ৰিটিছ সংসদৰ গুৰুত্বপূৰ্ণ পদবীত আয়েশা ইউচুফ হাজৰিকা (Etv bharat assam)

লখিমপুৰ, 12 মে’ : ব্ৰিটিছ সংসদলৈ নিৰ্বাচিত হ’ল অসম কন্যা । পিতৃসূত্ৰে অসমৰ লখিমপুৰৰ আয়েশা হ’লগৈ ব্ৰিটিছ সংসদৰ বেৰ’নেছ । ব্ৰিটিছ সংসদত হাউছ অৱ লৰ্ডছত বেৰ’নেছ হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তি হিচাপে পৰিগণিত হৈছে অসমৰ আয়েশা হাজৰিকা ।

যোৱা 9 মে’ত লণ্ডনৰ ৱেষ্টমিনষ্টাৰত হাউছ অৱ লৰ্ডছত লেবাৰ পাৰ্টিৰ স্কটিছ ৰাজনৈতিক সহায়ক আৰু ৰেডিঅ’ সম্প্ৰচাৰক কোটব্ৰিজৰ বেৰ’নেছ হিচাপে আয়েশাই দায়িত্ব লাভ কৰিছে । বেৰ’নেছ আয়েশা হাজৰিকাক সমৰ্থন জনাইছিল লৰ্ড ডাবছ আৰু বেৰ’নেছ কেনেডীয়ে শ্বছ অৱ দ্য শ্বছে ।

Baroness Hazarika of Coatbridge
ঐতিহাসিক সেই ক্ষণ (Source : Internet)

উল্লেখ্য যে, 1960 চনত গ্লাছগ’লৈ যোৱা উত্তৰ লখিমপুৰ নগৰৰ কমলাবাৰী পথৰ ড° লিয়াকত আলী হাজৰিকাৰ কন্যা হ’ল আয়েছা ইউছুফ হাজৰিকা । তেওঁৰ দাদাক প্ৰয়াত ইউছুফ আলী হাজৰিকা আছিল উত্তৰ লখিমপুৰ পৌৰসভা ব’ৰ্ডৰ এগৰাকী প্ৰখ্যাত উকীল আৰু অধ্যক্ষ । 1974 চনত স্কটলেণ্ডৰ বেলশ্বিলত জন্মগ্ৰহণ কৰা আয়েশা ইউচুফ হাজৰিকা কোটব্ৰিজত ডাঙৰ-দীঘল হৈছিল ।

2007 চনৰ পৰা 2015 চনলৈকে গৰ্ডন ব্ৰাউন হেৰিট হাৰমান আৰু এড মিলিবেণ্ডৰ বিশেষ উপদেষ্টা হোৱাৰ উপৰিও বেৰ’নেছ আয়েছা ইউচুফ হাজৰিকা আছিল এগৰাকী বক্তৃতা লেখক, প্ৰধানমন্ত্ৰীৰ প্ৰশ্নকে ধৰি বৃহৎ সংসদীয় বিতৰ্কৰ বাবে লেখা প্ৰস্তুত কৰোতা, মহিলাৰ বিভিন্ন বিষয় বিশেষজ্ঞ হিচাপে কাম কৰাৰ লগতে লেণ্ডমাৰ্ক সমতা আইনখনৰ খচৰা প্ৰস্তুত কৰাতো তেওঁ সহযোগিতা আগবঢ়াইছিল ।

Baroness Hazarika of Coatbridge
গৌৰৱান্বিত পৰিয়াল (Source : Internet)

আয়েছা লণ্ডন ইভিনিং ষ্টেণ্ডাৰ্ড, স্কটছমেন, গ্ৰেজিয়া আৰু অন্যান্য ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্তম্ভ লেখক । বিবিচিৰ এণ্ড্ৰু মাৰ শ্ব নিউজনাইট, স্কাই নিউজ গুড মৰ্নিং ব্ৰিটেইন এলবিচি আৰু চিএনএন ইণ্টাৰনেশ্যনেলকে ধৰি টেলিভিছন আৰু ৰেডিঅ’ৰ সৈতেও তেওঁ জড়িত । আয়েছা আছিল নিউজ কুইজ, বিবিচি ৰেডিঅ’ স্কটলেণ্ডৰ ব্ৰেকিং দ্য নিউজ আৰু পেনেল শ্ব’ৰ এক চিনাকি মুখ আৰু কণ্ঠস্বৰ । তেওঁৰ প্ৰথমখন গ্ৰন্থ পাঞ্চ এণ্ড জুডি পলিটিক্স, প্ৰধানমন্ত্ৰীৰ প্ৰশ্ন সম্বলিত এক গ্ৰন্থ 2018 চনৰ মে’ মাহত প্ৰকাশ পাইছিল ।

আয়েশাই 2016 চনত ৰাজনীতিৰ বাবে এম বি ই আৰু 2019 চনৰ জানুৱাৰী মাহত আলমা মেটাৰ হাল বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে । শেহতীয়াকৈ আয়েশাই ব্ৰিটিছ সংসদত বেৰ’নেছ হিচাপে দায়িত্ব লাভ কৰিছে ।

Baroness Hazarika of Coatbridge
ব্ৰিটিছ সংসদৰ গুৰুত্বপূৰ্ণ পদবীত লখিমপুৰৰ আয়েশা (Source : Internet)

এই খবৰ লাভ কৰাৰ পাচতে লখিমপুৰবাসীয়ে গৌৰৱান্দিত অনুভৱ কৰে । মূলতঃ লখিমপুৰৰ পৰা যোৱা এটি পৰিয়ালৰ সন্তানে এনেদৰে ব্ৰিটিছ সংসদত সন্মানীয় পদবী লাভ কৰাত জিলাখনৰ লগতে সমগ্ৰ অসমবাসীয়ে গৌৰৱবোধ কৰিছে ।

লগতে পঢ়ক: সমাপ্ত হ’ল চাকৰি জীৱনৰ; সেউজ বিপ্লৱৰ লক্ষ্যৰে খেতি কৰ্ম আৰম্ভ অৱসৰপ্ৰাপ্ত শিক্ষকৰ - Self Reliant Retired teacher

Last Updated : May 12, 2024, 5:29 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.