ETV Bharat / state

সমাপ্ত হ’ল চাকৰি জীৱনৰ; সেউজ বিপ্লৱৰ লক্ষ্যৰে খেতি কৰ্ম আৰম্ভ অৱসৰপ্ৰাপ্ত শিক্ষকৰ - Self Reliant Retired teacher

author img

By ETV Bharat Assamese Team

Published : May 8, 2024, 10:50 PM IST

Green revolution: কৰ্মজীৱনৰ অৱসৰৰ পাছতো জিৰণি নোলোৱা লখিমপুৰৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে নৱ প্ৰজন্মৰ বাবে হৈ পৰিছে আদৰ্শ । কোন এজন ব্যক্তি তথা তেওঁৰ কৰ্মৰাজিৰ বিষয়ে জানো আহক---

Retired teacher in Lakhimpur have undergone green revolution
সেউজ বিপ্লৱৰ লক্ষ্যৰে খেতি কৰ্ম আৰম্ভ অৱসৰপ্ৰাপ্ত শিক্ষকৰ (ETV Bharat Assam)

লখিমপুৰ,৮ মে': চাকৰি জীৱনৰ অৱসৰৰ পাছতো জিৰণি লোৱা নাই লখিমপুৰৰ এগৰাকী শিক্ষকে । আবাদী ভূমি সেউজ কৰি এইগৰাকী শিক্ষকে অৰ্থ উপাৰ্জন কৰাৰ লগতে নৱ প্ৰজন্মৰ বাবে হৈ পৰিছে আদৰ্শ । গোমধানৰ খেতি কৰি সকলোৰে বাবে আদৰ্শ হৈ পৰিছে এইগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক । ২০১৯ চনৰ পৰা ২০ বিঘা মাটিত গোমধানৰ খেতি আৰম্ভ কৰি সেউজ বিপ্লৱ গঢ়িবলৈ চেষ্টা কৰিছে এইগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে ।

এই অৱসৰী শিক্ষকগৰাকী হ'ল লখিমপুৰ জিলাৰ ঘূণাসুঁতি বৰচাপৰি গাঁৱৰ নিবাসী মুখেশ্বৰ চুতীয়া । চাকৰি জীৱন শেষ হোৱাৰ পাছত এনেয়ে বহি নাথাকি খেতি কৰি সকলোৰে বাবে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে চুতীয়াই । ২০১৮ চনত অৱসৰ গ্ৰহণ কৰাৰ পিছত সোৱণশিৰি নদীয়ে কৃষি ক্ষেত্ৰত বিস্তৰ ক্ষতি সাধন কৰা অঞ্চলটিত তেওঁ গৱেষণামূলক অধ্যয়ন কৰি মাত্ৰ চাৰি মাহ ৰবি শস্য কৰাৰ পাছত ৮ মাহ সময় চন পৰি থকা বাবে গোমধানৰ খেতি কৰাৰ চিন্তা-চৰ্চা কৰে ।

ৰাজ্যৰ নিৱনুৱাসকলে নিজ ঠাই এৰি উপাৰ্জনৰ বাবে অন্য ৰাজ্যলৈ ঢাপলি মেলাৰ সময়তে গোমধানৰ খেতি আৰম্ভ কৰা চুতীয়াই নিৱনুৱাসকলৰ বাবে এক আদৰ্শ হৈ পৰিছে । তেওঁ গোমধানৰ খেতি কৰি বছৰি উপাৰ্জন কৰে প্ৰায় ২ ৰ পৰা ৩ লাখ টকা । যোৱাটো বছৰত ২০ বিঘা মাটিত গোমধানৰ খেতি কৰি চুতীয়াই প্ৰায় ৩ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয় । পূৰ্বৰ দৰেই এইবছৰ ৪০ বিঘা মাটিত গোম ধানৰ খেতি কৰিছে মুখেশ্বৰ চুতীয়াই ।

প্ৰতিবিঘা খেতিত দুই লক্ষাধিক টকা উপাৰ্জন কৰিব বুলি চুতীয়াই কয় । এনেদৰে ঋতু অনুযায়ী খেতি কৰিয়েই উঠি অহা চাম তথা নিৱনুৱাসকলে বহিঃৰাজ্যলৈ যোৱাৰ পৰিৱৰ্তে নিজ ঠাইতে স্বাৱলম্বিতাৰ বাট উলিয়াই ল'ব পাৰে বুলি চুতীয়াই হাতে কামে আদৰ্শ দাঙি ধৰিছে । কৰ্ম জীৱনৰ অৱসৰৰ পাছতো বানে গৰকা আবাদী কৃষিক্ষেত্র কৰ্ষণ কৰি সেউজ কৰাৰ লগতে নৱ প্ৰজন্মৰ বাবে আদৰ্শ হোৱা মুখেশ্বৰ চুতীয়াৰ কৰ্মৰাজিৰ সৰ্বত্ৰে চৰ্চা হোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: পিতা-পুত্ৰই নীৰৱেই চলাইছে দুগ্ধ বিপ্লৱ - Self Reliant Story

১২ বছৰে কাঠফুলা খেতিৰে পেটৰ ভাত মোকলাইছে ধেমাজিৰ জিতু গগৈয়ে - Self Reliant Story

চৰকাৰী সাহায্য় অবিহনেই স্বাৱলম্বী নিৰ্মালি বৰদলৈ পূজাৰী - Self Reliant Woman

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.