ETV Bharat / state

১২ বছৰে কাঠফুলা খেতিৰে পেটৰ ভাত মোকলাইছে ধেমাজিৰ জিতু গগৈয়ে - Self reliant Story

author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 1:42 PM IST

A man from Dhemaji has become Self-reliant in mushroom cultivation
কাঠফুলা খেতিৰে স্বাৱলম্বী ধেমাজিৰ এগৰাকী ব্যক্তি

Self-reliant Story : কাঠফুলা খেতিৰে স্বাৱলম্বী ধেমাজিৰ এগৰাকী ব্যক্তি । ধেমাজিৰ চিনাই চুক গাঁৱৰ জিতু গগৈয়ে কাঠফুলা খেতিৰেই মাহেকত অৰ্জন কৰিছে ৫০-৬০ হাজাৰ টকালৈ । হাবি-জংঘলত উপলব্ধ কাঠফুলা ভক্ষণ নকৰিবলৈ আহ্বান জিতু গগৈৰ ।

কাঠফুলা খেতিৰে স্বাৱলম্বী ধেমাজিৰ এগৰাকী ব্যক্তি

ধেমাজি, ২৮ এপ্ৰিল : কাঠফুলা, স্বাস্থ্যৰ বাবে উপকাৰী উচ্চ প্ৰ'টিনযুক্ত দেহৰ বাবে প্ৰয়োজনীয় বিভিন্ন ভিটামিন উপাদানেৰে সমৃদ্ধ এবিধ পুষ্টিকৰ খাদ্য । পিছে জনসাধাৰণৰ মাজত আৰু চৰকাৰী সংশ্লিষ্ট বিভাগৰ সজাগতাৰ অভাৱত এতিয়াও কাঠফুলা মুকলি বজাৰত সৰ্বসাধাৰণ গ্ৰাহকে ক্ৰয় কৰি নিয়মীয়া খাদ্যৰ তালিকাত ৰখাৰ পৰা বিৰত আছে ।

বৰ্তমান বহুলোকে এই খেতি কৰিছে যদিও এতিয়াও বহু শিক্ষিত যুৱক-যুৱতীয়ে এই খেতি কৰা বাবে অনীহা প্ৰকাশ কৰা দেখা ৷ অৱশ্যে ইয়াৰ বাবে স্থানীয় বজাৰ আৰু সচেতনতাৰ অভাৱৰ বাবে গ্ৰাহকে সন্দেহ চকুৰে চোৱা বাবেই হয়তো তুলনামূলকভাৱে অন্যান্য খেতিয়কৰ তুলনাত ইয়াৰ খেতিয়কৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা ।

তৎসত্বেও এই কামটোকে জীৱিকাৰ সম্বল হিচাপে বাছনি কৰি ললে ধেমাজিৰ চিনাই চুক গাঁৱৰ জিতু গগৈয়ে ৷ যোৱা ১২ বছৰে কাঠফুলা খেতি কৰি আহিছে যদিও সম্পূৰ্ণ ব্যৱসায় ভিত্তিত ৮ বছৰৰ পৰা কাঠফুলা উৎপাদনত মনোনিৱেশ কৰিছে ৷ ইয়াৰ আগলৈকে পাচলি ব্যৱসায়ী আছিল যদিও কাঠফুলা প্ৰশিক্ষণ গ্ৰহণ কৰি ঘৰতেই গাঁঠিৰ ধন ভাঙি আৰম্ভ কৰে প্ৰত্যাহ্বানমূলক এই বৃত্তিটো ৷

কীট-পতংগৰ পৰা সুৰক্ষিত কৰা বাবে বিশেষ পদ্ধতিৰে চাৰিফালে নেট দি মজিয়াখন পকী কৰি সম্পূৰ্ণ সুৰক্ষিত কৰি সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে বিশুদ্ধ কাঠফুলা উৎপাদন কৰে ৷ পদূলিৰ সন্মুখত লগাই দিয়ে জিতু গগৈ অৰ্গেনিক মাছৰুম কাল্টিভেশ্বন । এই ঘৰটোত তেওঁ ১৬০০টা ধানখেৰৰ দ্বাৰা নিৰ্মিত চিলিণ্ডাৰত কাঠফুলা বীজ ৰোপণ কৰে ৷ যথা সময়ত এটি চিলাণ্ডাৰৰ পৰা ২ৰ পৰা ৩ কেজিলৈকে ওলায় কাঠফুলা ৷

প্ৰথম অৱস্থাত বজাৰৰ বাবে সমস্যাৰ সন্মুখীন হৈছিল । নিজে কাঠফুলাৰ ওপৰত সজাগতা সৃষ্টি কৰি বহুতকে খুৱাইছিল বিনামূলীয়াকৈ ৷ পৰৱৰ্তী সময়তহে ক্ৰমান্বয়ে লাভ কৰিছিল বজাৰখন ৷ উৎপাদিত কাঠফুলাসমূহ ধেমাজিৰ উপৰিও বিভিন্ন অঞ্চলৰ নিৰ্দষ্ট গ্ৰাহকক যোগান ধৰাৰ লগতে বেছি উৎপাদন হ'লে অৰুণাচলৰ পাচিঘাটলৈকে প্ৰেৰণ কৰে ৷

শেহতীয়াকৈ জিতু গগৈয়ে কাঠফুলাৰ পৰা বিস্কুট আৰু কিংছিলি আচাৰ প্ৰস্তুত কৰিছে । তেওঁ ঘৰৰ পৰা বহুলোকে এই আচাৰ আৰু বিস্কুট ক্ৰয় কৰিবলৈ আহে । এই কামটো কৰাত সহায় কৰে ঘৰৰ পৰিয়ালৰ সদস্যসকলে ৷ এতিয়া এটা মাহত জিতু গগৈয়ে প্ৰতি কিলো কাঠফুলাত ২০০ টকাকৈ ন্যুনতম ৫০০০০-৬০০০০ লৈকে উপাৰ্জন কৰে ৷

উল্লেখ্য যে, কাঠফুলা বীজসমূহ আনিবলগীয়া হয়ো সুদূৰ চিলিগুৰিৰ পৰা যাৰ বাবে কেতিয়াবা সমস্যা সন্মুখীনো হ’বলগীয়া হয় জিতু গগৈ ৷ অন্যহাতে কাঠফুলাসমূহ ৰ’দত শুকোৱা বাবে যথেষ্ট সমস্যা সন্মুখীন হৈছে তেওঁ ৷ সেয়ে এটা ড্ৰায়াৰ মেচিন প্ৰয়োজন অনুভৱ কৰি চৰকাৰৰ সংশ্লিষ্ট বিভাগক সুদৃষ্টি দিবলৈও আহ্বান জনায় ৷

আনহাতে অসমৰ শিক্ষিত নিবনুৱাসকলৰ প্ৰতি আহ্বান জনাই কয় যে বহিঃৰাজ্যত কষ্ট কৰি উপাৰ্জন কৰাতকৈ নিজৰ ঠাইতে থাকিও কষ্ট কৰি সুন্দৰকৈ আত্মনিৰ্ভৰশীল হৈ নিজৰ লগতে পৰিয়ালকো সকাহ দিব পাৰে ৷ ইফালে বিষাক্ত কাঠফুলাৰ সম্পৰ্কত জনসাধাৰণক হাবি-জংঘলত উপলব্ধ কাঠফুলাক কেতিয়াও ভক্ষন নকৰিবলৈ আহ্বন জনায় ৷

হাবি-জংঘলৰ বিষাক্ত কাঠফুলাই নিমিষিতে প্ৰাণ কাঢ়িব পাৰে জনতাৰ । সেয়ে বৈজ্ঞানিক পদ্ধতিৰে উৎপাদন কৰা কাঠফুলাকহে নিৰ্ভয়ে ভক্ষণ কৰিবলৈ আহ্বান জনায় ৷ নিসন্দেহে জিতু গগৈৰ আদৰ্শ ল'ব পাৰে উঠি অহা দহজন অসমীয়া শিক্ষিত যুৱক-যুৱতীয়ে ৷ তেতিয়াহে হয়তো প্ৰকৃততে দখল কৰিব পাৰিব পথাৰ আৰু বজাৰ ।

লগতে পঢ়ক: কাঠফুলা খেতিয়ক বসন্ত চিৰিং ফুকনলৈ 'অসম গৌৰৱ বঁটা', উৎফুল্লিত তিতাবৰবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.