ETV Bharat / state

পিতা-পুত্ৰই নীৰৱেই চলাইছে দুগ্ধ বিপ্লৱ - Self Reliant Story

author img

By ETV Bharat Assamese Team

Published : May 5, 2024, 10:06 PM IST

Self Reliant Story:বৰ্হি ৰাজ্যত কোম্পানীত চাকৰি কৰিছিল যুৱকজনে । পিচে এদিন ঘৰলৈ উভতি আহিছিল স্বাৱলম্বী হোৱাৰ সপোন দেখি । এজনী জাৰ্চী গৰুৰে ৰচা সপোনে পালে বাস্তৱ ৰূপ ।

Rashtriya Gokul Mission
মৰিয়াহোলাত দুগ্ধ বিপ্লৱ পিতা-পুত্ৰ (ETV BHARAT ASSAM)

মৰিয়াহোলাত দুগ্ধ বিপ্লৱ পিতা-পুত্ৰ (ETV BHARAT ASSAM)

গোলাঘাট, ৫ মে': দৈনিক ৩০০ লিটাৰ গাখীৰ উৎপাদনেৰে বোকাখাতৰ মৰিয়াহোলাত দুগ্ধ বিপ্লৱ পিতা-পুত্ৰৰ । প্ৰতিদিনে বিক্ৰী কৰে ১৮ হাজাৰ টকাৰ গাখীৰ । যি সময়ত কৰ্ম সংস্থাপন বিচাৰি একাংশ নিবনুৱা যুৱক-যুৱতী বহিঃৰাজ্যলৈ ঢাপলি মেলিছে তেনে সময়তে নিজৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ মানসেৰে বহিঃৰাজ্যৰ পৰা নিজ ঘৰলৈ ঘূৰি আহি স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ৰোহিত চাহু নামৰ এজন যুৱকে ।

প্ৰথম অৱস্থাত ৰোহিত চাহু নামৰ যুৱকজনে বহিঃৰাজ্যত কোম্পানী এটাত চাকৰি কৰিছিল । এনে সময়তে এটি সপোন দেখিলে স্বাৱলম্বী হোৱাৰ । লগে লগে ঘূৰি আহিল নিজৰ আপোন ঘৰলৈ । ন বছৰৰ পূৰ্বে দেখা এটা সপোনে এতিয়া বিশাল ৰূপ ল'লে বোকাখাতৰ চহলা চাপৰিত । ৰঙালাউ উৎপাদন আৰু বৃহৎ ৰপ্তানিৰে সংবাদ শিৰোনাম দখল কৰা চগুৰি চহলাৰ আন এক শুভ সংবাদ এয়া ।

  • " class="align-text-top noRightClick twitterSection" data="">

পিতা-পুত্ৰই নীৰৱেই চলাইছে দুগ্ধ বিপ্লৱ । বান বিধ্বস্ত মৰিয়াহোলাৰ চহলা চাপৰিৰ স্বামীনাথ চাহু আৰু পুত্ৰ ৰোহিত চাহুৱে ন বছৰ পূৰ্বে মাত্ৰ এজনী জাৰ্চী গৰুৰে দেখিছিল সপোন । ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত সৰ্বস্বান্ত স্বামীনাথে পুত্ৰক সাৰথি কৰি আৰম্ভ কৰা গো-ফাৰ্মখনত এতিয়া আছে ৭০ জনীৰো অধিক জাৰ্চী গৰু । চৰকাৰী সাহায্য অবিহনেই নীৰৱে দুগ্ধ বিপ্লৱৰ সূচনা কৰা চাহুৰ ফাৰ্মত দৈনিক উৎপাদন হয় তিনিশৰ পৰা চাৰে তিনিশ লিটাৰ গাখীৰ ।

বোকাখাতৰ লগতে, নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চল আৰু গোলাঘাটৰ ভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰে স্বামীনাথ চাহুৰ ফাৰ্মৰ গাখীৰ । অকল এইয়াই নহয়, লগতে আছে এখন গাহৰি ফাৰ্ম । এই ফাৰ্মত আছে ৫০ টাৰো অধিক গাহৰি । সংবাদ শিৰোনাম নোপোৱা এই পিতা-পুত্ৰক যোৱা গণৰাজ্য দিৱসত ভাৰত চৰকাৰে নতুন দিল্লীলৈ নিমন্ত্ৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা ৰাষ্ট্ৰীয় গো-কূল মিছন আঁচনিত সম্বৰ্ধনা জনাইছিল । কিন্তু এইবোৰ খবৰ সংবাদ মাধ্যমত প্ৰচাৰ নহ'ল সবিস্তাৰে ।

লগতে পঢ়ক:১২ বছৰে কাঠফুলা খেতিৰে পেটৰ ভাত মোকলাইছে ধেমাজিৰ জিতু গগৈয়ে - Self Reliant Story

ভোট জলকীয়াই হাঁহি বিৰিঙাইছে গনেশ কুলিৰ মুখত - Bhut Jolokia Cultivation

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.