ETV Bharat / state

ভোট জলকীয়াই হাঁহি বিৰিঙাইছে গনেশ কুলিৰ মুখত - Bhut Jolokia Cultivation

author img

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 11:01 PM IST

নিজৰ চোতালত থকা মাটিত ভোট জলকীয়াৰ খেতিৰে জীৱিকাৰ পথ বাছি লৈছে জোনাইৰ এজন যুৱকে । গনেশ কুলি নামৰ যুৱকজনে চাকৰিৰ পিছত নদৌৰি কিদৰে বুলিছে স্বাৱলম্বিতাৰ বাট ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

Ganesh Kuli of Jonai becomes self-reliant with the cultivation of bhote chilli
ভোট জলকীয়াই হাঁহি বিৰিঙাইছে গনেশ কুলিৰ মুখত

জোনাই,২৭ এপ্ৰিল: নিবনুৱা সমস্যাই গ্ৰাস কৰা সমগ্ৰ অসমৰ হাজাৰ হাজাৰ যুৱক-যুৱতী ঢাপলি মেলিছে বহিঃৰাজ্যলৈ । কিন্তু তেনে সময়তে বহু যুৱকে দেখুৱাইছে নিদৰ্শন । কৃষি-কৰ্মৰে স্বাৱলম্বিতাৰ বাট বুলিছে বহু যুৱক যুৱতীয়ে । "মন থাকিলে চন, বাকৰিৰ মাটিতে ধন" আপ্ত এই অসমীয়া বাক্যশাৰী বাস্তৱত ৰূপায়িত কৰিছে জোনাইৰ এজন শিক্ষিত যুৱকে ।

নিজৰ চোতালত থকা চাৰি বিঘা মাটিত ভোট জলকীয়া খেতিৰে স্বাৱলম্বী হোৱাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে জোনাইৰ চন্দ্ৰপুৰৰ নিবাসী গনেশ কুলিয়ে । যি সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ একাংশ শিক্ষিত যুৱক যুৱতীসকলে কৰ্ম সংস্থাপন বিচাৰি বিভিন্ন সময়ত বহিঃৰাজ্যলৈ ঢাপলি মেলিছে অথবা এটা চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাবলগীয়া হৈছে তেনে সময়তে জোনাইৰ এইজন যুৱকে নিজৰ চোতালত থকা মাটিত ভোট জলকীয়া খেতি কৰি জীৱিকাৰ পথ বাছি লৈছে ।

চৰকাৰৰ পৰা কোনো ধৰণৰ আঁচনি লাভ নকৰাকৈ নিজৰ ব্যক্তিগত খৰচেৰে তিনিমাহ পূৰ্বে আৰম্ভ কৰা এই খেতিৰ জৰিয়তে গনেশ কুলিয়ে এতিয়া মাহে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে লাখ টকা পৰ্যন্ত । অৱশ্যে বতৰ তথা উৎপাদনৰ প্ৰতি লক্ষ্য ৰাখি যি দৰত ভোট জলকীয়া বজাৰত বিক্ৰী হ'ব লাগিছিল তেনে মূল্যত বিক্ৰী কৰিব নোৱাৰাৰ বাবে কিছু চিন্তিত বুলি অৱগত কৰিছে যুৱ খেতিয়ক গনেশ কুলিয়ে ।

ইফালে সম্পূর্ণ জৈৱিক পদ্ধতিৰে ভোট জলকীয়া খেতি কৰি নিজে স্বাৱলম্বী হোৱা যুৱকজনৰ এনে প্ৰচেষ্টাক এতিয়া শলাগ লৈছে সকলোৱে ৷ ধন অৰ্জনৰ প্ৰতিয়োগিতাৰ দৌৰত নানামি কৃষি-কৰ্মৰে উজলিছে গনেশ কুলি ।

লগতে পঢ়ক: Bhut Jolokia Cultivation : 18 লক্ষাধিক টকা উপাৰ্জন ধেমাজিৰ ভৱেন শালৈৰ, মুখ্যমন্ত্ৰী শুভেচ্ছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.