গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ধুলিয়াৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰূপে শপতগ্ৰহণ
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে সোমবাৰে শপত গ্ৰহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ধুলিয়া(Gauhati HC CJ Dhulia take oath as SC judge) ই ৷ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই ন্যায়ালয়ৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ধুলিয়া আৰু গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্ডিৱালাক শপত বাক্য পাঠ কৰোৱায় ।
ডিলাইত ১৫ কোটি টকা মূল্যৰ সন্দেহযুক্ত হেৰ'ইন জব্দ: আটক 2
অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে লাভ কৰিছে এটাৰ পাছত আন এটা সফলতা ৷ এইবাৰ আৰক্ষীয়ে কাৰ্বি আংলঙৰ ডিলাইত অভিযান চলাই লাভ কৰে বৃহৎ সফলতা(Karbi Anglong police seized heroin) ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি শুভেচ্ছা জনায় অসম আৰক্ষীক ৷
Priyanka Chopra Nick Jonas baby: অৱশেষত ঘৰলৈ আহিল প্ৰিয়ংকা-নিকৰ জীয়েক
মাতৃ দিৱস দিনাই জীয়ৰী মালতী মেৰীৰ প্ৰথম আভাস দিলে গ্ল’বেল ষ্টাৰ প্ৰিয়ংকা চোপ্ৰাই (Priyanka Chopra Nick Jonas baby) । নিওনেটাল ইনটেনচিভ কেয়াৰ ইউনিট(Neonatal Intensive Care Unit)ত 100 দিন ভৰ্তি হৈ থকাৰ পিছত প্ৰিয়ংকা-নিকে প্ৰথমবাৰলৈ ঘৰলৈ আনিছে সন্তানটিক ।
আছানী সন্দৰ্ভত ওড়িশা, পশ্চিমবংগত হাই এলাৰ্ট জাৰি
বংগোপ সাগৰত সৃষ্টি হোৱা ঘূৰ্ণীবতাহ আছানী(Asani intensifies into severe cyclonic storm)য়ে সোমবাৰে প্ৰৱেশ কৰিব ওড়িশা আৰু পশ্চিমবংগৰ উপকূলীয় অঞ্চলত ৷ যাৰ বাবে দুয়োখন ৰাজ্যতে প্ৰচুৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৷
বিটিআৰ চৰকাৰ ভঙা-পতাৰ ৰাজনীতিক লৈ উত্তাল বড়োভূমি
প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰত ইউপিপিএল, বিজেপি আৰু জিএছপিৰ চৰকাৰ শক্তিশালীভাৱেই চলি আছে ৷ সংবাদমেল সম্বোধন কৰি এই কথা স্পষ্ট কৰিলে বিজেপিৰ যুৱ নেতা তথা কাৰ্যবাহী সদস্য গৌতম দাসে(Press meet of BTR EM Gautam Das) ৷