ETV Bharat / entertainment

Priyanka Chopra Nick Jonas baby: অৱশেষত ঘৰলৈ আহিল প্ৰিয়ংকা-নিকৰ জীয়েক

author img

By

Published : May 9, 2022, 12:30 PM IST

Updated : May 9, 2022, 12:44 PM IST

মাতৃ দিৱস দিনাই জীয়ৰী মালতী মেৰীৰ প্ৰথম আভাস দিলে গ্ল’বেল ষ্টাৰ প্ৰিয়ংকা চোপ্ৰাই (Priyanka Chopra Nick Jonas baby) । নিওনেটাল ইনটেনচিভ কেয়াৰ ইউনিট(Neonatal Intensive Care Unit)ত 100 দিন ভৰ্তি হৈ থকাৰ পিছত প্ৰিয়ংকা-নিকে প্ৰথমবাৰলৈ ঘৰলৈ আনিছে সন্তানটিক ।

Priyanka Chopra Nick Jonas baby
জীয়েকক ঘৰলৈ আনিলে প্ৰিয়ংকা-নিকে

চিটাৰা ডেস্ক, 9মে’ : প্ৰিয়ংকা চোপ্ৰা নিক জোনাছৰ গা সাতখন-আঠখন ৷ হাস্পতালৰ পৰা ঘৰলৈ আনিছে তেওঁলোকৰ সন্তান ৷ 100 দিন ধৰি চিকিৎসকৰ তত্বাৱধানত থকা মালতী মেৰীক অৱশেষত ঘৰলৈ আনিলে পিতৃ মাতৃদ্বয়ে (Priyanka Chopra Nick Jonas baby name) ৷ প্ৰিয়ংকাই ইনষ্টাগ্ৰামৰ জৰিয়তে সন্তানটিৰ প্ৰথম আভাস দিলে অনুৰাগীক ৷ লগতে এইটোও জনালে যে তেওঁলোকৰ সন্তান 100 দিনৰ বাবে নিওনেটাল ইনটেনচিভ কেয়াৰ ইউনিটত পৰ্যৱেক্ষণত আছিল ৷

প্ৰিয়ংকাই শ্বেয়াৰ কৰা ইনষ্টাগ্ৰাম (Priyanka chopra instagram) পোষ্টটোত লিখিছে, "এই মাতৃ দিৱসৰ ক্ষণত আপোনালোকৰ সন্মুখত আমি বিগত মাহকেইটাত সন্মুখীন হোৱা অভিজ্ঞতা আৰু অনুভৱৰ বাহিৰে আন একো উপস্থাপন কৰিব নোৱাৰো ৷ এতিয়া আমি বুজি পাইছো এই অভিজ্ঞতা বহুলোকৰে হৈছে । নিওনেটাল ইনটেনচিভ কেয়াৰ ইউনিটত 100 দিনতকৈও অধিক সময় অতিবাহিত কৰাৰ পিছত আমাৰ কণমানি ছোৱালীজনী অৱশেষত ঘৰলৈ আনিছো ।

Priyanka Chopra Nick Jonas baby
জীয়েকক ঘৰলৈ আনিলে প্ৰিয়ংকা-নিকে

প্ৰিয়ংকাই লগতে কয় যে, প্ৰতিটো পৰিয়ালৰে যাত্ৰা অনন্য আৰু তেনেদৰে চলি যাবলৈ এক নিৰ্দিষ্ট স্তৰৰ বিশ্বাসৰ প্ৰয়োজন ৷ আমাৰ প্ৰত্যাহ্বানজনক মাহকেইটালৈ উভতি চালে এতিয়া স্পষ্ট হৈ পৰে যে প্ৰতিটো মুহূৰ্ত কিমান মূল্যৱান আৰু নিখুঁত আছিল" । প্ৰিয়ংকাই মালতীৰ সঠিক যত্ন লোৱাৰ বাবে চিকিৎসকসকলকো ধন্যবাদ জনাই পোষ্টটোৰ জৰিয়তে ।

লছ এঞ্জেলছৰ ৰেডি চিল্ড্ৰেনছ্ লা জোলা আৰু চিডাৰ চিনাইৰ প্ৰতিজন চিকিৎসক, নাৰ্চ আৰু বিশেষজ্ঞ ধন্যবাদ দিলে প্ৰিয়ংকাই ৷ স্বামী নিক জোনাছক ধন্যবাদ জনাবলৈ নাপাহৰিলে তেওঁ (Priyanka Nick baby name) ৷ প্ৰিয়ংকাই শ্বেয়াৰ কৰা ফটোখনত অভিনেত্ৰীগৰাকীয়ে সন্তানটিক কোলাত লৈ থকা দেখা গৈছে আৰু নিকে হাত এখনত ধৰি একেথৰে চাই আছে মালতীক ( Priyanka Chopra Nick Jonas daughter pictures) ৷ অৱশ্যে বগা ৰঙৰ হাৰ্ট ইম’টিকন এটাৰে সন্তানটিৰ মুখ ঢাকি দিয়ে প্ৰিয়ংকাই ৷

নিকে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত একেখন ছবিয়েই শ্বেয়াৰ কৰে ৷ পত্নী প্ৰিয়ংকাক ধন্যবাদ জনাই পোষ্টটোত লিখে "আপুনি মোক সকলো ধৰণে অনুপ্ৰাণিত কৰে আৰু আপুনি ইমান সহজভাৱে আৰু স্থিৰতাৰে এই নতুন ভূমিকা গ্ৰহণ কৰিছে । আপোনাৰ সৈতে এই যাত্ৰাৰ সংগী হ’বলৈ পাই মই বহু কৃতজ্ঞ অনুভৱ কৰিছো । 2018 চনত বিবাহপাশত আৱদ্ধ হোৱা প্ৰিয়ংকা আৰু নিকে 2022 চনৰ জানুৱাৰীত ছাৰ’গেচীৰ জৰিয়তে এটা সন্তান লাভ কৰিছিল ৷

লগতে পঢ়ক: বিকী-কেটৰিণাৰ পৰা আলিয়া ভাটলৈকে, বলীউডৰ তাৰকাসকলে জনাইছে মাতৃ দিৱসৰ শুভেচ্ছা

Last Updated :May 9, 2022, 12:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.