ETV Bharat / state

প্রমূল্যবােধৰ বার্তা বহন কৰা শিক্ষাৰ দ্বাৰাহে দ্রুত সামাজিক উন্নয়ন সম্ভৱ : মুখ্যমন্ত্রী

author img

By

Published : May 8, 2022, 10:36 PM IST

ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ সােণালী জয়ন্তী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM in LCB college) । প্রতিযােগিতামুখী বিশ্বত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ দক্ষতা আৰু যােগ্যতা প্রমাণ কৰিব লাগিলে বহুমুখী জ্ঞান আহৰণৰ ওপৰত গুৰুত্ব প্রদান কৰিব লাগিব। এজন ছাত্র বা ছাত্রীৰ ওপৰত যেতিয়া পিতৃ-মাতৃ বা গুৰুৰ আশীর্বাদৰ ছাতি থাকে তেতিয়া কোনাে দুর্যোগৰ বৰষুণে তেওঁক তিতাব নােৱাৰে ।

CM Himanta Biswa Sarma at golden jubilee celebrations of Lalit Chandra Bharali College
প্রমূল্যবােধৰ বার্তা বহন কৰা শিক্ষাৰ দ্বাৰাহে দ্রুত সামাজিক উন্নয়ন সম্ভৱ : মুখ্যমন্ত্রী

গুৱাহাটী, ৮ মে’ : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ সােণালী জয়ন্তী উদযাপন অনুষ্ঠানৰ (Golden jubilee celebrations of Lalit Chandra Bharali College ) মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে। উল্লেখ্য যে স্থানীয় জনসাধাৰণ আৰু উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কার্যালয়ৰ কৰ্মচাৰীসকলৰ প্রয়াসত ১৯৭১ চনৰ ৯ আগষ্টত প্রতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনে গৌৰৱােজ্জ্বল ৫০ টা বছৰ অতিক্ৰম কৰিছে ।

CM Himanta Biswa Sarma at golden jubilee celebrations of Lalit Chandra Bharali College
প্রমূল্যবােধৰ বার্তা বহন কৰা শিক্ষাৰ দ্বাৰাহে দ্রুত সামাজিক উন্নয়ন সম্ভৱ : মুখ্যমন্ত্রী

মুকলি সভাত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্রী শৰ্মাই কয় যে শিক্ষাৰ উদ্দেশ্য কেৱল পুথিগত বিদ্যা আহৰণ বা উৎকৃষ্ট ফলাফল প্রদর্শন কৰাই নহয় । যি শিক্ষাই প্রমূল্যবােধৰ বার্তা বহন কৰে, মানৱতাৰ হকে নিজকে নিয়ােজিত কৰাৰ বাবে প্রস্তুত কৰিব পাৰে সেই শিক্ষাৰ জৰিয়তে দ্রুত সামাজিক উন্নয়ন সম্ভৱ । আধুনিক বিজ্ঞান প্রযুক্তি শিক্ষা আমাক নিশ্চয় লাগিব, কিন্ত প্রমূল্যবােধ তথা আধ্যাত্মিকতাবাদ আৰু সংস্কৃতিৰ দ্বাৰা উদ্বুদ্ধ হৈ বিজ্ঞান শিক্ষা গ্রহণ কৰিলেহে সেই বিজ্ঞান মানৱ কল্যাণৰ হকে প্রযােজ্য হ'ব পাৰে বুলি তেওঁ কয়।

CM Himanta Biswa Sarma at golden jubilee celebrations of Lalit Chandra Bharali College
প্রমূল্যবােধৰ বার্তা বহন কৰা শিক্ষাৰ দ্বাৰাহে দ্রুত সামাজিক উন্নয়ন সম্ভৱ : মুখ্যমন্ত্রী

তেওঁ লগতে কয় যে প্রতিযােগিতামুখী বিশ্বত আমাৰ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ দক্ষতা আৰু যােগ্যতা প্রমাণ কৰিব লাগিলে বহুমুখী জ্ঞান আহৰণৰ ওপৰত গুৰুত্ব প্রদান কৰিব লাগিব। আধুনিক শিক্ষা হৈছে এটা সামগ্রিক শিক্ষা আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে ইয়াৰ ওপৰত গুৰুত্বদিছে ।

CM Himanta Biswa Sarma at golden jubilee celebrations of Lalit Chandra Bharali College
প্রমূল্যবােধৰ বার্তা বহন কৰা শিক্ষাৰ দ্বাৰাহে দ্রুত সামাজিক উন্নয়ন সম্ভৱ : মুখ্যমন্ত্রী

ৰাজ্য চৰকাৰে এই দিশত শিক্ষা ব্যৱস্থাটোক আগুৱাই নিয়াত নিৰন্তৰ প্রয়াস অব্যাহত ৰাখিছে । সকলােকে মাতৃ দিৱসৰ শুভেচ্ছা জনাই মুখ্যমন্ত্ৰীয়ে কয় যে, আমাৰ বাবে প্রতিটো দিনেই মাতৃ দিৱস । এজন ছাত্র বা ছাত্রীৰ ওপৰত যেতিয়া পিতৃ-মাতৃ বা গুৰুৰ আশীর্বাদৰ ছাতি থাকে তেতিয়া কোনাে দুর্যোগৰ বৰষুণে তেওঁক তিতাব নােৱাৰে ।

CM Himanta Biswa Sarma at golden jubilee celebrations of Lalit Chandra Bharali College
প্রমূল্যবােধৰ বার্তা বহন কৰা শিক্ষাৰ দ্বাৰাহে দ্রুত সামাজিক উন্নয়ন সম্ভৱ : মুখ্যমন্ত্রী

মাতৃ ভাষাক মাতৃ জ্ঞান কৰাৰ লগতে বন্ধুৰ লগত কথা ক'ব পৰাকৈ বন্ধুৰ ভাষাও আহৰণ কৰাত গুৰুত্ব আৰােপ কৰাৰ বাবে ছাত্র-ছাত্রীসকলক সীমাৰ পৰিধি ভাঙি জ্ঞান অন্বেষণৰ দ্বাৰা বিশ্ব বিজয় কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। প্রতিযােগিতাৰ পৃথিৱীত ফেৰ মাৰিব পৰাকৈ মাতৃ ভাষাৰ লগতে হিন্দী, ইংৰাজী আদি ভাষাৰ ওপৰতাে দখল সাব্যস্ত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে ছাত্র-ছাত্রীসকলক পৰামৰ্শ আগবঢ়ায় ।

ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ পৰা এ টি ৰােডলৈ সুগম যাতায়াতৰ বাবে গুৱাহাটী আই আই টিৰ বিশেষজ্ঞৰ সৈতে আলােচনমর্মে পৰিকল্পনা প্রস্তুত কৰি চৰকাৰক প্রেৰণ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে মহাবিদ্যালয় পৰিচালনা সমিতি তথা কর্তৃপক্ষক আহ্বান জনায় । তদুপৰি উত্তৰ পূব সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত কার্যালয়ৰ সৈতে আলােচনা কৰি মহাবিদ্যালয়খনৰ আন এটা চৌহদ নির্মাণৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈয়ো তেওঁ মহাবিদ্যালয় কর্তৃপক্ষক আহ্বান জনায় ।

এই ক্ষেত্ৰত চৰকাৰে প্রয়ােজনীয় সহায়-সহযােগিতা আগবঢ়াব বুলিও তেওঁ উল্লেখ কৰে। অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মহাবিদ্যালয়খনৰ সােণালী জয়ন্তী উপলক্ষে প্রকাশিত এখন স্মৃতিগ্রন্থও উন্মােচন কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° অমৰেন্দ্ৰ কলিতাই আদৰণি ভাষণ প্রদান কৰা সভাখনত বিধায়ক তৰংগ গগৈ, ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড° বলেন্দ্র কুমাৰ দাস, দাঁতা পৰিয়ালৰ সদস্য কমলজিৎ ভৰালীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।

লগতে পঢ়ক : অসমৰ ডেকা লৰাৰ তেজৰ ফাকু বন্ধ হ'ব লাগে : মুখ্যমন্ত্রী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.