ETV Bharat / city

অসমৰ ডেকা ল’ৰাৰ তেজৰ ফাকু বন্ধ হ'ব লাগে : মুখ্যমন্ত্রী

author img

By

Published : May 8, 2022, 7:26 PM IST

Updated : May 8, 2022, 10:42 PM IST

cm-himanta-on-ulfa-i-killing-two-youth-for-allegedly-spying
অসমৰ ডেকা লৰাৰ তেজৰ ফাকু বন্ধ হ'ব লাগে :মুখ্যমন্ত্রী

দুই যুৱকক আলফাই মৃত্যুদণ্ডৰে দণ্ডিত কৰা ঘটনা সন্দৰ্ভত মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া (CM Himanta on ULFA I killing two youth)। পুনৰ আলফা স্বাধীনক আলোচনাৰ মাজলৈ অহাৰ বাবে আহ্বান জনাই মুখ্যমন্ত্রীয়ে কয়, অসমীয়াই অসমীয়াক মাৰি কেতিয়াও দেশখন আগুৱাব নোৱাৰে ৷

গুৱাহাটী, ৮ মে' : ''মৃত্যুদণ্ড আদালতে দিয়ে, মৃত্যুদণ্ড ন্যায়াধীশে দিয়ে । মৃত্যুদণ্ড দিয়াৰ আগতে দুয়োপক্ষৰ শুনানি হয় । গতিকে এই শব্দবোৰৰ পৰিভাষা জানিলে মৃত্যুদণ্ড শব্দটো ব্যৱহাৰেই নকৰোঁ ৷’’ এই মন্তব্য মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । আলফা স্বাধীনে চৰম সিদ্ধান্ত গ্ৰহণ কৰি দুজন যুৱকক মৃত্যদণ্ডৰে দণ্ডিত কৰা ঘটনা সন্দৰ্ভত দেওবাৰে এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta on ULFA I killing two youth) ।

উল্লেখ্য যে, চোৰাংচোৱাগিৰি তথা আলফাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ (Spying in ULFA I camp) অপৰাধত আলফা স্বাধীনে ধনজিৎ দাস আৰু সঞ্জীৱ শৰ্মা নামৰ দুজন যুৱকক শনিবাৰে মৃত্যদণ্ডৰে দণ্ডিত কৰিছিল । এই সন্দৰ্ভত আলফা স্বাধীনে বিবৃত্তি প্ৰকাশ কৰাৰ লগতে যুৱকদ্বয়ৰ ভিডিঅ' বাৰ্তাও ৰাজহুৱা কৰিছিল (ULFA I sent video of alleged Spy) । যাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

অসমৰ ডেকা ল’ৰাৰ তেজৰ ফাকু বন্ধ হ'ব লাগে :মুখ্যমন্ত্রী

ঘটনা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোকে কোনোৱা ল’ৰা-ছোৱালীক আলফাত যোগদানৰ বাবে লৈ গৈছে আৰু তাতে গৈ হত্যা কৰিছে ।

সাধাৰণ ভাষাত কথাটো হৈছে এইটো । তেজৰ ফাকুৰে অসমৰ উন্নতি হ'ব নোৱাৰে বুলি সদৰি কৰি মুখ্যমন্ত্রীয়ে পুনৰ আলফা স্বাধীনক আলোচনাৰ (ULFA government peace process) মাজলৈ অহাৰ বাবে আহ্বান জনায় । অসমৰ ডেকা ল’ৰাৰ তেজৰ ফাকু বন্ধ হ'ব লাগে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে, অসমীয়াই অসমীয়াক মাৰি কেতিয়াও দেশখন আগুৱাব নোৱাৰে । তেওঁ লগতে যিসকল যুৱক-যুৱতী ‍আলফালৈ যাব বিচাৰে নাইবা গৈছে তেওঁলোকক ইয়াৰ পৰা শিক্ষা ল'বলৈ আহ্বান জনায় ।

লগতে পঢ়ক : আলফাৰ ভিতৰত থকা বহুতকে গোপনে হত্যা কৰিছে আলফাই : ভাস্কৰ জ্যোতি মহন্ত

Last Updated :May 8, 2022, 10:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.