ETV Bharat / state

আলফাৰ ভিতৰত থকা বহুতকে গোপনে হত্যা কৰিছে আলফাই : ভাস্কৰ জ্যোতি মহন্ত

author img

By

Published : May 8, 2022, 5:05 PM IST

আলফা স্বাধীনৰ শিবিৰত চোৰাংচোৱাগিৰিত লিপ্ত হোৱা বুলি অভিযোগ তুলি ধনজিৎ দাস আৰু সঞ্জীৱ শৰ্মা নামৰ যুৱক দুজনক সংগঠনটোৱে মৃত্যুদণ্ড বিহা ঘটনাক (ULFA I killed alleged spy in camp) লৈ দেওবাৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ তেওঁ কয়, আলফাৰ এইটো আভ্যন্তৰীণ বিষয়,ইয়াত অসম আৰক্ষীৰ কোনো সম্পৰ্ক নাই ।

dgp-assam-on-ulfa-i-killing-alleged-spy-in-camp
আলফাৰ ভিতৰত থকা বহুতকে গোপনে হত্যা কৰিছে আলফাই : ভাস্কৰ জ্যোতি মহন্ত

গুৱাহাটী, ৮ মে’: আলফাত গুপ্তচৰ সম্পৰ্কে অৱশেষত মুখ খুলিছে অসম আৰক্ষীয়ে । আলফা স্বাধীনৰ শিবিৰত চোৰাংচোৱাগিৰিত লিপ্ত হোৱা বুলি অভিযোগ তুলি ধনজিৎ দাস আৰু সঞ্জীৱ শৰ্মা নামৰ যুৱক দুজনক সংগঠনটোৱে মৃত্যুদণ্ড বিহা ঘটনাক লৈ দেওবাৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (ULFA I's death sentence to two youth) ।

সংবাদ মাধ্যমত ভাস্কৰ জ্যোতি মহন্তই কয় যে, আলফাৰ এইটো আভ্যন্তৰীণ বিষয় ৷ ইয়াত অসম আৰক্ষীৰ কোনো সম্পৰ্ক নাই (DGP Assam on spy in ULFAI camp) । তেওঁ কয়, এতিয়া চৰকাৰ আৰু আলফা স্বাধীনৰ মাজত আলোচনাৰ এটা পৰিৱেশ সূচনা হোৱাৰ পাছত আৰক্ষীয়ে এনে মূৰ্খামি কিয় কৰিব ? আমি কোনো গুপ্তচৰ পঠিয়াই এই আলোচনা প্ৰক্ৰিয়াত ব্যাঘাত নজন্মাও । অসম আৰক্ষীয়ে বিভিন্ন অভিযান চলায় । কিন্তু আলফালৈ গুপ্তচৰ প্ৰেৰণৰ নজিৰ আজিলৈকে নাই ।

আলফাৰ ভিতৰত থকা বহুতকে গোপনে হত্যা কৰিছে আলফাই : ভাস্কৰ জ্যোতি মহন্ত

আলফাক তীক্ষ্ণ সমালোচনা (Assam DGP criticzing ULFA) কৰি তেওঁ পুনৰ কয়, তিনি দশক জোৰা তথাকথিত সংগ্ৰামত আলফাই বহু যুৱকক হত্যা কৰিলে । আলফালৈ যিবোৰ ল'ৰা গৈছে সেইসকলৰ কিমানক তেওঁলোকে গোপনে হত্যা কৰিলে তাৰ লেখ-জোখ নাই । নিজৰ আভ্যন্তৰীণ সমস্যাৰ গইনা লৈ আলফাই নিজৰ সদস্যক হত্যা কৰাতো ঘৃণনীয় কাম ।

এনে কাম সাহসী মানুহে নকৰে বুলি মন্তব্য কৰি তেওঁ কয়, "আমি বিচাৰো এখন শান্তিৰ অসম । সকলোৱে সম মৰ্যদাৰে জীয়াই থকা অসম এখন কামনা কৰো । আলফাই হত্যা কৰা ১২০০ পৰিয়ালৰ ল'ৰা-ছোৱালীক অসম আৰক্ষীয়ে শিক্ষাদান কৰি আছে ৷ ''

লগতে পঢ়ক : নলবাৰী এজেপিৰ সভাপতি নগেন ডেকাক দুৰ্বৃত্তৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.