ETV Bharat / state

নগাঁৱত বানৰ বিভীষিকা : বানৰ কবলত শিশুসহ 22,354 গৰাকী লোক - FLOOD IN NAGAON

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 10:15 PM IST

37 villages effected in flood : ৰাজ্যত বানৰ সংহাৰ ৷ কপিলীৰ বাঢ়নী পানীয়ে বুৰালে নগাঁৱৰ 37 খন ৰাজহ গাঁও ৷ ইতিমধ্যে মুকলি কৰা হৈছে ট’ল ফ্ৰী নম্বৰ ।

37 villages effected in flood in Nagaon
বানৰ কবলত শিশুসহ 22,354 গৰাকী লোক (ETV BHARAT ASSAM)

নগাঁও, 30 মে’ : ৰাজ্যজুৰি ৰেমলৰ প্ৰভাৱৰ পিচতে এইবাৰ কপিলীৰ বাঢ়নী পানীয়ে বুৰালে নগাঁও জিলাৰ কেইবাখনো গাঁও ৷ শেহতীয়কৈ কাৰ্বি লাংপী জলবিদ্যুৎ প্ৰকল্পৰ 13 খনকৈ গেট খুলি দিয়াৰ পিচতে কপিলীপৰীয়া ৰাইজৰ হকে সতৰ্কবাণী জাৰি কৰিছিল প্ৰশাসনে ৷ নৈৰ বাঢ়নী পানীয়ে বুৰালে নগাঁৱৰ 37 খন ৰাজহ গাঁও । এই বানত 37 খন গাঁৱৰ 20 সহস্ৰাধিক লোক বানৰ কবলত পৰিছে ৷ বানপীজড়িত লোকসকলৰ হকে নিৰ্মাণ কৰা হৈছে আশ্ৰয় শিবিৰ ৷ ইয়াৰ লগতে মুকলি কৰা হৈছে ট’ল ফ্ৰী নম্বৰ । আনহাতে বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সৈতে প্ৰশাসনে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে ৷

বানৰ বিভীষিকা
বানৰ বিভীষিকা (etv bharat assam)

বানাক্ৰান্তৰ সংখ্যা : বিগত কেইদিন ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাতো হোৱা মুষলধাৰ বৰষুণৰ ফলত কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈছে । কপিলী নৈৰ বাঢ়নী পানীয়ে কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত 23 খন গাঁও আৰু ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত 14 খন ৰাজহ গাঁও প্লাবিত কৰিছে । এতিয়ালৈ মুঠ 37 খন গাঁৱৰ 22,354 লোক বানৰ কবলত পৰিছে । বানৰ কবলত পৰা লোকৰ ভিতৰত 4,391 গৰাকী শিশু বুলি চৰকাৰী তথ্যত প্ৰকাশ হৈছে ৷

জিলা প্ৰশাসনৰ ব্যৱস্থা : ইতিমধ্যে কামপুৰ অঞ্চলৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তেতেলীসৰা পতিয়াপাম, ৰমনী পথাৰ আদিকে ধৰি বানত প্লাবিত হোৱা বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈছে ৷ ইয়াৰ উপৰিও স্থানীয় জনসাধাৰণৰ লগত মত বিনিময় কৰি সংশ্লিষ্ট কৰ্তৃপক্ষক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি জনসাধাৰণক নিৰাপত্তা প্ৰদানৰ বাবে নিৰ্দেশ প্ৰদান কৰে আয়ুক্তগৰাকীয়ে । তেখেতৰ এই পৰিদৰ্শনৰ সময়ছোৱাত অতিৰিক্ত আয়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া ফিলিছ ভি.এল.এইছ. হ্ৰংচাল, কামপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অনন্যা লহকৰ, কাননগো, গাঁওপ্ৰধান, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে । ছাত্র-ছাত্ৰীসকলৰ সুৰক্ষাৰ স্বাৰ্থত জিলা আয়ুক্তগৰাকীয়ে কামপুৰ ৰাজহ চক্ৰ অন্তৰ্গত বানাক্ৰান্ত অঞ্চলৰ 39 খন বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে ।

নগাঁৱত বানৰ সংহাৰ
নগাঁৱত বানৰ সংহাৰ (etv bharat assam)

আশ্ৰয় শিবিৰ : ইতিমধ্যেই বানাক্ৰান্তসকলে আশ্রয় বিচাৰি ঢাপলি মেলিছে ৷ সেইবাবে বানাক্ৰান্ত ৰাইজৰ বাবে কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পদুমণি মুক্তাব প্ৰাথমিক বিদ্যালয়ত এটা আশ্ৰয় শিবিৰো স্থাপন কৰিছে জিলা প্ৰশাসনে । লগতে জিলা প্ৰশাসনে খৰতকীয়াকৈ বানাক্ৰান্ত ৰাইজৰ মাজত বান সাহাৰ্য বিতৰণ কৰাৰ বাবে ব্যৱস্থা কৰিছে বুলিও জানিব পৰা গৈছে । বানাক্ৰান্ত অঞ্চলত চিকিৎসা শিবিৰৰ লগতে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাও কৰিছে জিলা প্ৰশাসনে । জীৱ-জন্তুৰ বাবে পশু খাদ্য বিতৰণ কৰাৰ লগতে পশু চিকিৎসা শিবিৰৰ ব্যৱস্থা কৰা হৈছে ।

নগাঁৱত বানৰ সংহাৰ
নগাঁৱত বানৰ সংহাৰ (etv bharat assam)

আনহাতে বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সকলো বিভাগক সাজু থাকিবলৈ নিৰ্দেশনা দিয়াৰ লগতে বানপীড়িত ৰাইজক সকলো ক্ষেত্ৰতে তৎপৰতাৰে পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে । জৰুৰীকালীন পৰিস্থিতিৰ বাবে ৰাইজে DEOC, DDMA, Nagaon Landline No. 03672-238000 আৰু ট’ল- ফ্ৰী নং- 1077 ত যোগাযোগ কৰিব পাৰিব বুলি জিলা জনসংযোগ বিভাগৰ এক বিবৃতিত উল্লেখ কৰিছে ৷

বানাক্ৰান্তক পৰিদৰ্শন
বানাক্ৰান্তক পৰিদৰ্শন (etv bharat assam)
দুৰ্যোগ ব্যৱস্থাপনাৰ সৈতে জিলা প্ৰশাসনৰ বৈঠক : বৃহস্পতিবাৰে সন্ধিয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্তৰ সভাপতিত্বত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ বিভাগৰ লগতে সকলো সম্পর্ক যুক্ত বিভাগৰ মুৰব্বী বিষয়াৰ লগত জিলাখনৰ সাম্প্ৰতিক বান পৰিস্থিতি সন্দৰ্ভত এখন পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হয় । এই সভাত বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ 24 ঘণ্টাই সষ্টম থাকিবলৈ বিভাগীয় লোকসকলক নিৰ্দেশনা জাৰি কৰা হয় ৷ ইপিনে বৃহস্পতিবাৰে সন্ধিয়া পুনৰ কপিলীৰ জলস্তৰ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে । আজি সন্ধিয়া কপিলীৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ থকা বুলি চৰকাৰী তথ্যত প্ৰকাশ কৰা হৈছে ৷

লগতে পঢ়ক: বাংলাদেশত ৰেমলৰ ভয়ংকৰ ৰূপ, ১৬ গৰাকী লোকৰ মৃত্যু - Remal hits Bangladesh

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.