ETV Bharat / city

গুৱাহাটীত বিশ্ব ৰেডক্ৰছ দিৱস পালন

author img

By

Published : May 9, 2022, 8:08 AM IST

Updated : May 9, 2022, 11:08 AM IST

দেওবাৰে ভাৰতীয় ৰেডক্ৰছ ছ’চাইটিৰ গুৱাহাটী জিলা শাখাৰ উদ্যোগত বিশ্ব ৰেডক্ৰছ দিৱস উদযাপন কৰা হয়(World Red Cross Day celebrated in Guwahati) ৷ সমগ্র বিশ্বৰ লগতে গুৱাহাটীতো আন্তঃৰাষ্ট্ৰীয় মানৱসেৱী অনুষ্ঠান ৰেডক্ৰছৰ প্রতিষ্ঠাতা জিন হেনৰী ডুনাণ্টক স্মৰণ কৰা হয় ।

World Red Cross Day celebrated in Guwahati
গুৱাহাটীত বিশ্ব ৰেডক্ৰছ দিৱস পালন

গুৱাহাটী, 9 মে’ : ভাৰতীয় ৰেডক্ৰছ ছ’চাইটিৰ গুৱাহাটী জিলা শাখাৰ(Indian Red Cross Society, Guwahati District branch) উদ্যোগত প্ৰতিবছৰৰ দৰে এইবাৰো দেওবাৰে বিশ্ব ৰেডক্ৰছ দিৱস উদযাপন কৰা হয় । ভাৰতীয় ৰেডক্ৰছ ছ’চাইটিৰ গুৱাহাটী জিলা শাখাই ৰেডক্রছ হাস্পতালৰ প্ৰাংগণত পুৱা ৰেডক্ৰছৰ পতাকা উত্তোলন কৰি দিনযোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । পতাকা উত্তোলন কৰে ভাৰতীয় ৰেডক্ৰছ ছ’চাইটিৰ গুৱাহাটী জিলা শাখাৰ অধ্যক্ষ এ কে আবচাৰ হাজৰিকা(Guwahati Red Cross Society Chairman Absar Hazarika) ই ৷

ইয়াৰ পিছতেই ৰেডক্ৰছৰ কৰ্মচাৰী, সদস্য, ৰেডক্ৰছ নাৰ্চিং স্কুলৰ ছাত্ৰীসকল আৰু জুনিয়ৰ ৰেডক্ৰছ, ইউথ ৰেডক্ৰছ কাউন্সিলৰ সদস্যসকলে এক শোভাযাত্রা উলিয়ায় ৷ মহানগৰীৰ চান্দমাৰি পুলিচ পইণ্টৰ পৰা আৰম্ভ হোৱা এই শোভাযাত্ৰা নিজৰাপাৰ হৈ ৰেডক্ৰছ হাস্পতালত সামৰণি পৰে । শোভাযাত্ৰাৰ শেষত ৰেডক্ৰছৰ প্রতিষ্ঠাতা জিন হেনৰী ডুনাণ্টৰ প্ৰতিকৃতিত মাল্যাৰ্পণৰ পিছতে বন্তি জ্বলাই পুষ্পাঞ্জলিৰে শ্রদ্ধাঞ্জলি জনায় ।

এই দিৱসৰ লগত সংগতি ৰাখি কণ কণ শিশুসকলৰ মাজত চিত্রাংকন আৰু কুইজ প্রতিযোগিতাৰো আয়োজন কৰা হয় ৷ নিৰ্বাচিত দহগৰাকী প্ৰতিযোগীক মানপত্ৰ, ফলক আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয় । বিয়লি অনুষ্ঠিত হোৱা সাধাৰণ সভাত সভাপতিত্ব কৰে এ কে আবচাৰ হাজৰিকাই । দেৱপ্রসাদ শৰ্মাই সভাৰ আঁত ধৰি কয় যে, ৰেডক্ৰছ বিশ্বৰ একক আৰু অনন্য মানৱীয় অনুষ্ঠান, যিয়ে সকলো দুর্যোগতেই আগবাঢ়ি গৈ সহায়ৰ হাত আগবঢ়াব পাৰে ।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বঢ়ায় গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য ড৹ অমৰজ্যোতি চৌধুৰীয়ে । ড৹ চৌধুৰীয়ে তেখেতৰ ভাষণত ৰেডক্ৰছ ছ’চাইটিয়ে মানৱ জাতিৰ হকে কৰি অহা সহযোগিতাৰ বাবে শলাগ লয় । ৰেডক্ৰছ দিৱসৰ মূল বিষয়বস্তুৰ ওপৰত সংগতি ৰাখি পদ্মশ্ৰী অজয় কুমাৰ দত্তই ৰেডক্রছৰ স্মৃতি বিজড়িত ভাষণ আগবঢ়ায় । তেখেতৰ ভাষণত নতুন প্ৰজন্মক এনে ধৰণৰ সংস্থাৰ কামত ব্ৰতী হৈ সমাজৰ সেৱা কৰাৰ এক অপূর্ব সুযোগ ল’বলৈ আহ্বান জনায় ।

অনুষ্ঠানটোত জ্যেষ্ঠ স্ত্ৰীৰোগ বিশেষজ্ঞ ড৹ অলকা গোস্বামী, ৰেডক্ৰছ গুৱাহাটী শাখাৰ প্ৰাক্তন অধ্যক্ষ মিনতি চৌধুৰী, বিশিষ্ট শিল্পী নয়নজ্যোতি শইকীয়া সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে । অনুষ্ঠানৰ লগত সংগতি ৰাখি নাৰ্চিং প্রশিক্ষণ কেন্দ্ৰত নতুনকৈ ভর্তি হোৱা ছাত্ৰীসকলৰ কেপিং আৰু শপত গ্ৰহণ অনুষ্ঠানো অনুষ্ঠিত হয় । সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় ভাৰতীয় ৰেডক্ৰছ ছ’চাইটিৰ গুৱাহাটী জিলা শাখাৰ উপাধ্যক্ষ কৰুণাকান্ত লহকৰে ।

লগতে পঢ়ক : মাতৃ দিৱস বুলি কোনো দিৱস নাই, ই পাশ্চাত্য সংস্কৃতিৰ প্ৰভাৱ:মৃণালীনী দেৱী

Last Updated :May 9, 2022, 11:08 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.