ETV Bharat / city

মাতৃ দিৱস বুলি কোনো দিৱস নাই, ই পাশ্চাত্য সংস্কৃতিৰ প্ৰভাৱ:মৃণালীনী দেৱী

author img

By

Published : May 8, 2022, 10:57 PM IST

ভাৰতত মাতৃ দিৱস বুলি কোনো কথা নাই বুলি দেওবাৰে মহানগৰীৰ নাৰেংগীৰ এক অনুষ্ঠানত উপস্থিত থাকি অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃণালীনী দেৱীয়ে মন্তব্য কৰে (No mothers day in India says Mrinalini devi) ৷ লগতে ল‘ৰা ছোৱালীৰ জন্মদিন প্ৰাচীন ভাৰতীয় সাংস্কৃতিৰ যোগেদি পালন কৰিবলৈ আহ্বান জনায় ৷

Mrinalini devi calls mother's day western culture
মাতৃ দিৱস বুলি কোনো দিৱস নাই, ই পাশ্চাত্য সংস্কৃতিৰ প্ৰভাৱ:মৃণালীনী দেৱী

গুৱাহাটী, 8মে’: ‘‘আমাৰ ভাৰতবৰ্ষত মাতৃ দিৱস বুলি কোনো কথা নাই । এই বিলাক হৈছে পাশ্চাত্য সংস্কৃতিৰ পৰা অহা । সেয়ে ভাৰতীয় সংস্কৃতিত পাশ্চাত্য সভ্যতাৰে (Western culture in India) আমি শিকিবলগীয়া একো কথা নাই ৷’’ দেওবাৰে মহানগৰীৰ নাৰেংগী হাউচিং কলনীত অনুষ্ঠিত এক অনুষ্ঠানত উপস্থিত থাকি অসম সাহিত্য সভাৰ (Asam Sahitya Sabha) উপ সভানেত্ৰী মৃণালীনী দেৱীয়ে এই কথা সদৰি কৰে ৷

মাতৃ দিৱস বুলি কোনো দিৱস নাই, ই পাশ্চাত্য সংস্কৃতিৰ প্ৰভাৱ:মৃণালীনী দেৱী

দেওবাৰে মহানগৰীৰ নাৰেংগী হাউচিং কলনীত 4 লাখ টকা ব্যয়ৰে পুনঃ নিৰ্মাণ কৰা সুৰবালা বৰদলৈ শিশু উদ্যানখন ৰাইজৰ বাবে আনুষ্ঠানিক মুকলি কৰে উপ-সভানেত্ৰী মৃণালীনী দেৱীয়ে ৷ লগতে এই শিশু উদ্যানখনৰ জৰিয়তে শিশুৰ শাৰীৰিক মানসিক উৎকৰ্ষ সাধন হব বুলি আশা প্ৰকাশ কৰে ৷

তদুপৰি মাতৃ দিৱসৰ প্ৰাসংগিতা সন্দৰ্ভত মৃণালীনী দেৱীয়ে ‘‘আমি পাশ্চাত্য সভ্যতাৰে কেক কাটি জন্মদিন পালন কৰোঁ । পূৰ্বে ভগৱানৰ ওচৰত আধ্যাত্মিক মনোভাবেৰে গোঁসাই ঘৰত শিশু সকলৰ জন্মদিন পালন কৰিছিলোঁ ’’ বুলি মন্তব্য কৰে ৷

‘‘কিন্তু এতিয়া আমি পাশ্চাত্য সভ্যতাৰ পৰম্পৰা ৰক্ষা কৰিয়ে আমি যেন ভাৰতীয় সাংস্কৃতি ৰক্ষা কৰিছোঁ ’’ বুলিও সদৰি কৰে মৃণালীনী দেৱীয়ে ৷ সেয়ে ল‘ৰা ছোৱালীৰ জন্মদিনসমূহ প্ৰাচীন ভাৰতীয় সাংস্কৃতিৰ যোগেদি ৰক্ষা কৰিবৰ বাবে ৰাইজক আহ্বান জনায় উপ সভানেত্ৰীগৰাকীয়ে ।

কবি সাহিত্যক ড৹ পূৰ্ণ ভট্টাচাৰ্য্যই আঁত ধৰা এই মুকলি অনুষ্ঠানত উপস্থিত থাকে ৫৮ নং ৱাৰ্ডৰ নৱ নিযুক্ত পাৰিষদ গৌৰী বৰা, কাৰ্বি স্বায়ত্ব পৰিষদৰ উপাধ্যক্ষ দিলীপ টাৰো, শান্তা মণিকা হাউচিং কম্প্লেক্স মহিলা সমিতিৰ সভানেত্ৰী মিৰাৰাণী দত্ত, সম্পাদিকা ৰঞ্জু ৰাণী ডেকা চুবেদাৰ,অৰুণীমা দেৱী, GLপাব্লিকেশ্বনৰ মহা-প্ৰবন্ধক প্ৰণৱ তালুকদাৰ,পবিত্ৰ দাস আদিৰ লগতে উপস্থিত থাকে ভালেমান বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়ক : এবছৰীয়া কাৰ্যকালক ৰাজনৈতিকভাৱে সোণোৱালী যাত্রা হিচাপে অভিহিত মুখ্যমন্ত্রীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.