ETV Bharat / bharat

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ধুলিয়াৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰূপে শপতগ্ৰহণ

author img

By

Published : May 9, 2022, 12:07 PM IST

Updated : May 11, 2022, 11:36 AM IST

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে সোমবাৰে শপত গ্ৰহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুধাংশু ধুলিয়া(Gauhati HC CJ Dhulia take oath as SC judge) ই ৷ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই ন্যায়ালয়ৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ধুলিয়া আৰু গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্ডিৱালাক শপত বাক্য পাঠ কৰোৱায় ।

Gauhati HC CJ Dhulia, Justice Pardiwala of Guj HC take oath as SC judges
উচ্চতম ন্যায়ালয়

নেশ্যনেল ডেস্ক, 9 মে’: সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুধাংশু ধুলিয়াই ভাৰতৰ শীৰ্ষতম আদালত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ(Gauhati HC CJ Dhulia take oath as SC judge) কৰে ৷ ধুলীয়াৰ লগতে গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জামছেদ বি পাৰ্ডিৱালায়ো উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে ৷

দুয়োগৰাকীকে শপত বাক্য পাঠ কৰোৱায় উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই ৷ উচ্চতম ন্যায়ালয়ৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহত এই শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় ৷ ন্যায়াধীশ ধুলিয়া আৰু ন্যায়াধীশ পাৰ্ডিৱালাৰ নিযুক্তিৰ সৈতে উচ্চ ন্যায়ালয়ত ন্যায়াধীশৰ সংখ্যা 34 গৰাকীলৈ বৃদ্ধি পালে ৷ বিগত জানুৱাৰী মাহত ন্যায়াধীশ আৰ সুভাষ ৰেড্ডীৰ অৱসৰৰ পিছত ন্যায়াধীশৰ সংখ্যা আছিল 32 গৰাকী ৷

ন্যায়াধীশ পাৰ্ডিৱালাই দুবছৰতকৈও অধিক সময় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে দায়িত্বত আছিল ৷ প্ৰায় তিনিবছৰ তেওঁ এতিয়া উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে দায়িত্ব সম্পাদন কৰিব ৷

লগতে চাওক: আৰক্ষীয়ে উচ্চতম ন্যায়ালয়ৰ ৰায়ক অৱমাননা কৰাৰ অভিযোগ জিগনেশ মেৱানীৰ অধিবক্তাৰ

Last Updated :May 11, 2022, 11:36 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.