ETV Bharat / bharat

আছানী সন্দৰ্ভত ওড়িশা, পশ্চিমবংগত হাই এলাৰ্ট জাৰি

author img

By

Published : May 9, 2022, 11:09 AM IST

বংগোপ সাগৰত সৃষ্টি হোৱা ঘূৰ্ণীবতাহ আছানী(Asani intensifies into severe cyclonic storm)য়ে সোমবাৰে প্ৰৱেশ কৰিব ওড়িশা আৰু পশ্চিমবংগৰ উপকূলীয় অঞ্চলত ৷ যাৰ বাবে দুয়োখন ৰাজ্যতে প্ৰচুৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৷

Asani intensifies into severe cyclonic storm, Odisha, Bengal on alert
আছানী সন্দৰ্ভত ওড়িশা, পশ্চিমবংগত হাই এলাৰ্ট জাৰি

নেশ্যনেল ডেস্ক, 9 মে’ : দক্ষিণ-পূৱ বংগোপ সাগৰত সৃষ্টি হোৱা ঘূৰ্ণীবতাহ আছানী(Asani intensifies into severe cyclonic storm)য়ে দেওবাৰে সন্ধিয়া উত্তৰ অন্ধ্ৰপ্ৰদেশ-ওড়িশা উপকূলৰ পৰা উত্তৰ-পশ্চিম দিশত গতি কৰে ৷ লগে লগে ইয়াৰ শক্তি বৃদ্ধি হৈ তীব্ৰ ঘূৰ্ণীবতাহলৈ পৰিণত হয় বুলি সদৰি কৰে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই ৷

মঙলবাৰে উত্তৰ অন্ধ্ৰপ্ৰদেশ-ওড়িশা উপকূলৰ পৰা পশ্চিম-মধ্য আৰু ইয়াৰ কাষৰীয়া উত্তৰ-পশ্চিম বংগোপ সাগৰত তীব্ৰ ঘূৰ্ণীবতাহবিধে তাণ্ডৱ চলাই পুনৰ ওড়িশা উপকূলৰ উত্তৰ-পশ্চিম বংগোপ সাগৰৰ দিশত গতি কৰাৰ সম্ভাৱনা আছে ৷

অৱশ্যে বৃহস্পতিবাৰে ই নিম্নচাপৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে ৷ বতৰ বিজ্ঞান বিভাগে পূৰ্বে এই কথা সদৰি কৰিছে ৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (IMD) সঞ্চালক প্ৰধান মৃতুঞ্জয় মহাপাত্ৰই এই সন্দৰ্ভত কয় যে, ঘূৰ্ণীবতাহটোৱে পূৱ উপকূলৰ সমান্তৰালভাৱে আগবাঢ়িব আৰু মঙলবাৰৰ সন্ধিয়াৰ পৰা বৃষ্টিপাত হ’ব ।

ঘূৰ্ণীবতাহক কেন্দ্ৰ কৰি ইতিমধ্যে দুয়োখন ৰাজ্যতে সতৰ্কতা জাৰি কৰা হৈছে ৷ সমানে সাজু হৈ আছে উদ্ধাৰকাৰী দলৰ লগতে অগ্নি নিৰ্বাপক বাহিনী, এছডিআৰএফ, এনডিআৰএফ বাহিনী আদি ৷ দুয়োখন ৰাজ্যৰে আৰক্ষী তথা স্থানীয় প্ৰশাসনে সাধাৰণ লোকসকলক সাৱধানে থাকিবলৈ পৰামৰ্শ দি শুকান খাদ্য সামগ্ৰী মজুত ৰখাৰ পৰামৰ্শ জাৰি কৰিছে ৷

লগতে চাওক: Cyclone Asani rages in Bay of Bengal : আহি আছে 'আছানী'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.