অসম

assam

Veer Lachit Sena: লখিমপুৰত বীৰ লাচিত সেনাৰ পৰা 70 জনৰ পদত্যাগ

By

Published : Jul 27, 2023, 9:21 AM IST

বুধবাৰে বিয়লি লখিমপুৰত বীৰ লাচিত সেনাৰ পৰা প্ৰায় 70 জন সদস্য তথা বিষয়ববীয়াই পদত্যাগ কৰে সংগঠনটোৰ পৰা ৷ জিলা সমিতিখন অবৈধ বুলি অভিহিত কৰি সমূহীয়াভাৱে পদত্যাগ কৰে তেওঁলোকে ৷

70 Members Resigns From Veer Lachit Sena
বীৰ লাচিত সেনাৰ পৰা পদত্যাগ বৃহৎ সংখ্যক সদস্যৰ

লখিমপুৰত বীৰ লাচিত সেনাৰ পৰা প্ৰায় 70 জন সদস্য তথা বিষয়ববীয়াৰ পদত্যাগ

লখিমপুৰ, 26 জুলাই :লখিমপুৰত বীৰ লাচিত সেনাত খহনীয়া ৷ সংগঠনটোৰ লখিমপুৰ জিলা সমিতিৰ পৰা পদত্যাগ বৃহৎ সংখ্যক সদস্যৰ ৷ বুধবাৰে বিয়লি বীৰ লাচিত সেনাৰ পৰা প্ৰায় 70 জন সদস্য তথা বিষয়ববীয়াই পদত্যাগ কৰে সংগঠনটোৰ পৰা ৷ লখিমপুৰ জিলা সমিতিখন অবৈধ বুলি অভিহিত কৰি সমূহীয়াভাৱে পদত্যাগ কৰে তেওঁলোকে ৷

লখিমপুৰত বীৰ লাচিত সেনাৰ পৰা পদত্যাগ প্ৰায় 70 জন সদস্য তথা বিষয়ববীয়াৰ ৷ জিলা সমিতিৰ প্ৰতি আস্থাহীন হৈ আটাইকেইজন সদস্যই এৰিলে সংগঠন ৷ লখিমপুৰত বুধবাৰে বিয়লি সংগঠন ত্যাগ কৰে 70 জন সদস্য তথা বিষয়ববীয়াই ৷ জিলা সমিতিৰ প্ৰতি আস্থাহীন হৈ তেওঁলোকে সমূহীয়া ভাৱে সংগঠনটোৰ পৰা পদত্যাগ কৰা বুলি জানিবলৈ দিছে ৷

লগতে পঢ়ক :Bongaigaon SP conference: চতুৰ্থ আৰক্ষী অধীক্ষক সন্মিলনৰ বাবে সাজু বঙাইগাঁও; অংশ ল’ব মুখ্যমন্ত্ৰীয়ে

ইতিমধ্যে তেওঁলোকৰ পদত্যাগ পত্ৰ সংগঠনৰ শীর্ষ নেতৃত্ব লৈ প্ৰেৰণ কৰিছে ৷ লখিমপুৰ জিলা সমিতিখন অবৈধ বুলি অভিহিত কৰি, ক্ষোভ প্ৰকাশ কৰি সমূহীয়াকৈ তেওঁলোকে পদত্যাগ কৰে ৷ বৰ্তমানৰ লখিমপুৰ জিলা সমিতিখনক তেওঁলোকে মানি নলয় আৰু এই সন্দৰ্ভত ব্যবস্থা গ্ৰহণ কৰিবলৈ সংগঠনৰ শীর্ষ নেতৃত্বক জনাইছিল যদিও নেতৃত্বই কোনো ব্যবস্থা নোলোৱাত বুধবাৰে তেওঁলোকে সমূহীয়াভাৱে পদত্যাগ কৰা বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৷

পদত্যাগ কৰা সকলৰ ভিতৰত সংগঠনটোৰ লখিমপুৰ জিলা সমিতিৰ মুখ্য প্ৰশাসনিক সচিব সত্যজিৎ দত্ত, যুটীয়া সচিব অনন্ত শইকীয়া, প্ৰাক্তন প্ৰচাৰ সচিব ইমৰাণ খানকে ধৰি লালুক, ৰঙাজান, চাবতি, লীলাবাৰী আদি বিভিন্ন আঞ্চলিক সমিতিৰ বহু সদস্য তথা বিষয়ববীয়া আছে ৷ সংগঠনটোৰ এই আভ্যন্তৰীণ সংঘাতৰ মূৰ্ত প্ৰকাশ ঘটাৰ পাছত এতিয়া শীর্ষ নেতৃত্বই কেনে ব্যবস্থা গ্ৰহণ কৰে সেইয়া হ’ব লক্ষ্যণীয় ৷

লগতে পঢ়ক :Road accident in Lakhimpur: লখিমপুৰৰ বাইপাছত ভয়ংকৰ পথ-দুৰ্ঘটনা

ABOUT THE AUTHOR

...view details