অসম

assam

কৰ’ণা মহামাৰীয়ে জুৰুলা কৰিছে বাইহাটাৰ মৃৎ শিল্পক

By

Published : Sep 14, 2020, 4:06 PM IST

বাইহাটা চাৰিআলিৰ মনসা ভাণ্ডাৰে প্ৰতিবছৰে 200ৰ পৰা 250 খনকৈ পূজা মণ্ডপৰ বাবে প্ৰতিমা নিৰ্মানৰ অৰ্ডাৰ লাভ কৰে ৷ কিন্তু এইবেলি বিশ্বকৰ্মা পূজাৰ লগতে দূৰ্গা পূজাৰো প্ৰতিমা নিৰ্মানৰ বাবে তেনেই তাকৰ সংখ্যক অৰ্ডাৰ লাভ কৰিছে প্ৰতিষ্ঠানখনে ৷

Biswakarma puja no excitement due to Corona
কৰ’ণা মহামাৰীয়ে জুৰুলা কৰিছে বাইহাটাৰ মৃৎ শিল্পক

কামৰূপ, 14 ছেপ্তেম্বৰঃ বিশ্বকৰ্মা পূজালৈ মাজত মাথো কেইটামান দিন ৷ কিন্তু এইবেলি ক’ভিড 19 কাঢ়ি নিছে পূজাৰ সকলো উছাহ-উদ্দীপনা ৷ চৰকাৰে আনলক-4 ৰ সময়ছোৱাত কিছু শিথিলতা প্ৰদান কৰিছে যদিও প্ৰতিবৰ্ষৰ দৰে ধুম ধামেৰে অনুষ্ঠিত কৰা নহয় পূজা ৷ ইয়াৰ ফলত চৰম দুৰ্দশাৰ সন্মুখীন হৈছে মৃৎ শিল্পীসকল ৷ বিগত বৰ্ষসমূহৰ দৰে এইবেলি শিল্পীসকলে লাভ কৰা নাই পৰ্যাপ্ত অৰ্ডাৰ ৷

কৰ’ণা মহামাৰীয়ে জুৰুলা কৰিছে বাইহাটাৰ মৃৎ শিল্পক

উল্লেখ্য যে,বাইহাটা চাৰিআলিৰ মনসা ভাণ্ডাৰে প্ৰতিবছৰে 200ৰ পৰা 250 খনকৈ পূজা মণ্ডপৰ বাবে প্ৰতিমা নিৰ্মানৰ অৰ্ডাৰ লাভ কৰে ৷ কিন্তু এইবেলি বিশ্বকৰ্মা পূজাৰ লগতে দূৰ্গা পূজাৰো প্ৰতিমা নিৰ্মাণৰ বাবে তেনেই তাকৰ সংখ্যক অৰ্ডাৰ লাভ কৰিছে প্ৰতিষ্ঠানখনে ৷ যাৰ ফলত মনসা ভাণ্ডাৰৰ ১২ জনকৈ কৰ্মচাৰী সম্প্ৰতি চিন্তিত হৈ পৰিছে ৷ কেৱল প্ৰতিমা নিৰ্মাণ কৰিয়েই নিজৰ পৰিয়াল পোহপাল দিয়া এইসকল কৰ্মচাৰীক কৰ’ণা মহামাৰীয়ে বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছে ৷

লগতে পঢ়ক-অধিকাৰ সুৰক্ষাৰ দাবীৰে যোৰহাটত আদিবাসী ছাত্র সন্থাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details