ETV Bharat / state

অধিকাৰ সুৰক্ষাৰ দাবীৰে যোৰহাটত আদিবাসী ছাত্র সন্থাৰ প্ৰতিবাদ

author img

By

Published : Sep 14, 2020, 3:37 PM IST

যোৰহাটৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ ৷ আদিবাসী সকলৰ অধিকাৰ সুৰক্ষা প্ৰদানৰ দাবীৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত সদৌ অসম আদিবাসী ছাত্র সন্থাই ৷

Massive Protest In Jorhat
অধিকাৰ সুৰক্ষাৰে যোৰহাটত আদিবাসী ছাত্র সন্থাৰ প্ৰতিবাদ

যোৰহাট, 14 ছেপ্তেম্বৰ : সদৌ অসম আদিবাসী ছাত্র সন্থাৰ শতাধিক কৰ্মীয়ে সোমবাৰে যোৰহাটৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অনতিপলমে আদিবাসী সকলৰ অধিকাৰ সুৰক্ষা প্ৰদানৰ দাবী জনাইছে সংগঠনটোৱে অন্যথা প্ৰতিবাদ তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ৷

অধিকাৰ সুৰক্ষাৰে যোৰহাটত আদিবাসী ছাত্র সন্থাৰ প্ৰতিবাদ

প্ৰতিবাদকাৰীৰ অভিযোগ অনুসৰি,অসমৰ আদিবাসী সকলক জনজাতিকৰণ কৰা,চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰা,আদিবাসী সকলক মাটিৰ পট্ৰা প্ৰদান কৰা,স্বায়ত্ব শাসিত পৰিষদ গঠন কৰাৰ উপৰিও আদিবাসী সকলক চাহ জনজাতি হিচাপে নামকৰণ কৰিবলৈ দাবী জনাইছে ৷

ইফালে,প্ৰতিবাদকাৰীৰ দাবী অনুসৰি,ইতিমধ্যে,যিসকলে চাহ জনজাতিৰ পৰা প্ৰতিনিধিত্ব কৰি চৰকাৰৰ নেতা,মন্ত্ৰী,বিধায়ক হৈ আছে তেওঁলোকৰ কথা যদি বিজেপিৰ বৰমুৰীয়া সকলে গুৰুত্ব নিদিয়ে তেতিয়াহ'লে তেওঁলোকক পদত্যাগ কৰিবলৈ দাবী জনাইছে ৷ আনকি,চৰকাৰৰ পৰা যদি আদিবাসী নেতা,মন্ত্ৰীসকলে অধিকাৰ আজুৰি আনিব নোৱাৰে তেতিয়াহ'লে চাহ জনজাতি লোকসকল লৈ নতুন এটা ৰাজনৈতিক দল গঠন কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে ৷

Massive Protest In Jorhat
অধিকাৰ সুৰক্ষাৰে যোৰহাটত আদিবাসী ছাত্র সন্থাৰ প্ৰতিবাদ

উল্লেখ্য যে,প্ৰতিবাদকাৰী সকলে প্ৰতিবাদৰ অন্তত জিলা উপায়ুক্তৰ যোগেদি স্মাৰক প্ৰত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰীলৈ ৷

লগতে পঢ়ক : চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণত বিলম্ব: টীয়ক বাণিজ্য সন্থাৰ ক্ষোভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.