ETV Bharat / state

চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণত বিলম্ব: টীয়ক বাণিজ্য সন্থাৰ ক্ষোভ

author img

By

Published : Sep 14, 2020, 11:10 AM IST

প্ৰায় দহ বছৰ অতিক্ৰম কৰাৰ পিছতো ৰাজ্যত সম্পূৰ্ণ নহ’ল চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম ৷ তাকে কেন্দ্ৰ কৰি ক্ষোভ প্ৰকাশ কৰিছে টীয়ক বাণিজ্য সন্থাই ৷ সন্থাই শীঘ্ৰে এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ পথ নিৰ্মাণকাৰী সংস্থাক আহ্বান জনাইছে ৷

Delay on making fourlane highway in teok jorhat assam etv bharat news
চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত বিলম্ব

টীয়ক,14 ছেপ্তেম্বৰ: 2007 চনতে ৰাজ্যত আৰম্ভ হৈছিল ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম ৷ কিন্তু প্ৰায় দহ বছৰ অতিক্ৰম কৰাৰ পিছতো সম্পূৰ্ণ নহ’ল এই কাম ৷ আজিৰ পৰা বিগত প্ৰায় 8 মাহ পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোৰহাটৰ চেনিজানৰ সমীপত ৰৈ পথ সম্প্ৰসাৰণৰ কামৰ অগ্ৰগতিৰ বুজ লয় ৷ লগতে এই কাম শীঘ্ৰে সমাপ্ত কৰিবলৈ পথ নিৰ্মাণকাৰ্যত জড়িত থকা কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰে ৷ খোদ মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশৰ পিছতো শামুকীয়া গতিত আগবাঢ়িছে পথৰ নিৰ্মাণকাৰ্য ৷ ৰাজ্য চৰকাৰৰ বন বিভাগ, জলসম্পদ বিভাগ আৰু শক্তি বিভাগৰ মাজত প্ৰয়োজনীয় সমন্বয়ৰ অভাৱৰ বাবে এই কাম লেহেমীয়া গতিত আগবাঢ়িছে যাৰ ফলত দুৰ্ভোগ ভূগিবলগীয়া হৈছে ৰাইজে ৷

চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত বিলম্ব

শেহতীয়াকৈ বিগত 15 জুলাইত কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰী প্ৰকাশ জাভেদকাৰে চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণৰ কামত প্ৰয়োজনীয় পলস সৰবৰাহৰ বাবে পৰিৱেশ সম্পৰ্কীয় প্ৰমাণপত্ৰৰ আৱশ্যক নহয় বুলি নিৰ্দেশনা জাৰি কৰি ৰাজ্য চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পৰা নিৰ্দেশপত্ৰ লাভৰ পিছতো এই কাম ক্ষীপ্ৰ কৰি তোলাত কোনো ভূমিকা গ্ৰহণ কৰিব পৰা নাই ৰাজ্য চৰকাৰে ৷ উল্লেখ্য যে, পৰিৱেশ সম্পৰ্কীয় প্ৰমাণপত্ৰ লাভৰ পিছত চৰকাৰী মেৰপেচৰ বাবে প্ৰয়োজন হয় দীৰ্ঘ সময়ৰ ৷ যাৰ বাবে এই পথ নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ঠ লেহেমীয়া হোৱাৰ লগতে বিপাঙত পৰিছে পথ নিৰ্মাণত জড়িত নিৰ্মাণ সংস্থাসমূহ ৷ তদুপৰি টীয়ক নগৰৰ দুই কাষে পথৰ কাম আধৰুৱা হৈ ৰোৱাত ব্যৱসায়-বাণিজ্যত যথেষ্ঠ প্ৰভাৱ পৰে ৷ লক্ ডাউন প্ৰত্যাহাৰ হোৱাৰ পিছত ব্যৱসায়ীসকলে পুনৰ আৰম্ভ কৰিছে ব্যৱসায়সমূহ ৷ কিন্তু পথ নিৰ্মাণত লেহেমীয়া হোৱাৰ বাবে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ব্যৱসায়ীসকল ৷ সেয়ে শীঘ্ৰে এই পথ নিৰ্মাণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে টীয়ক বাণিজ্য সন্থাই ৷

লগতে চাওকঃ পথৰ দাঁতিত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ দুই যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.