ETV Bharat / health

ৰাজ্যত যক্ষ্মা ৰোগৰ ঔষধৰ নাটনি; ৰোগৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ আশংকা - Shortage Of Tuberculosis Medicines

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 2:32 PM IST

TB CASES IN Assam : এবছৰত ৫০ হাজাৰৰো অধিক লোক যক্ষ্মাত আক্ৰান্ত । বিভিন্ন জিলাত ঔষধৰ নাটনি । সমস্যাত ৰোগীৰ লগতে অভিভাৱকসকল । যক্ষ্মা ৰোগ নিৰাময় কৰাৰ বাবে বিৰতি নোহোৱাকৈ নিয়মীয়াকৈ ঔষধ সেৱন কৰাটো বাধ্যতামূলক । প্ৰয়োজন অনুপাতে কেন্দ্ৰই যোগান ধৰিব পৰা নাই যক্ষ্মা ৰোগৰ ঔষধ । ঔষধৰ নাটনি দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে নিজাববীয়াকৈ গ্ৰহণ কৰিছে ব্যৱস্থা ।

TB CASES IN Assam
ৰাজ্যত যক্ষ্মা ৰোগৰ ঔষধৰ নাটনি (ETV Bharat Assam)

গুৱাহাটী, ২৩ মে' : চিকিৎসা দীঘলীয়া যদিও নিয়মীয়াকৈ ঔষধ সেৱন কৰিলে যক্ষ্মা ৰোগ সহজতেই ভাল হৈ যায় । কিন্তু নিয়মীয়াকৈ ঔষধ সেৱন নকৰিলে ৰোগৰ প্ৰভাৱ অধিক দীঘলীয়া হোৱাৰ উপৰি ৰোগীৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে । তদুপৰি ৰোগ বিয়পাৰ সম্ভাৱনাও থাকে । কিন্তু শেহতীয়াকৈ যক্ষ্মা ৰোগৰ ঔষধৰ নাটনিয়ে ৰাজ্যৰ বিভিন্ন জিলাত সমস্যাৰ সৃষ্টি কৰিছে ।

ঔষধৰ নাটনিকলৈ বিভিন্ন জিলাত যক্ষ্মা ৰোগৰ ক্ষেত্ৰত উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে । মূলতঃ কেন্দ্ৰীয় চৰকাৰৰ অৱজ্ঞাৰ বাবে অসমত যক্ষ্মা ৰোগীৰ ঔষধৰ নাটনি হৈছে আৰু যাৰ ফলত শেহতীয়াকৈ দ্রুতগতিত এই ৰোগৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে । এনে এক পৰিস্থিতিত কম সময়ৰ ভিতৰতে পুনৰ এই ৰোগে ৰাজ্যত গুৰুতৰ ৰূপ ধাৰণ কৰাৰ আশংকা কৰা হৈছে ।

নিতৌ ন ন জিলাৰ পৰা যক্ষ্মা ৰোগৰ ঔষধৰ নাটনি হোৱাৰ তথ্য আহিয়েই আছে । চৰকাৰী তথ্য অনুসৰি অসমত মাত্ৰ এবছৰতে অর্ধ লক্ষাধিক লোক যক্ষ্মা ৰোগত আক্ৰান্ত হৈছে । কিন্তু নিৰাময় কৰিব পৰা এই ৰোগে শেহতীয়াকৈ ভয়াৱহ হাৰত সংক্ৰমণ হৈছে । ইয়াৰ অন্যতম কাৰণ হৈছে ঔষধৰ নাটনি । কাৰণ বিগত এমাহ ধৰি ৰাজ্যত যক্ষ্মা ৰোগৰ ঔষধৰ যোগান প্ৰায় বন্ধ হৈ আছে ।

লক্ষণীয় বিষয় যে বিগত বৰ্ষত অসমত প্ৰায় ৫১ হাজাৰ লোক যক্ষ্মা ৰোগত আক্ৰান্ত হোৱাটো পৰীক্ষাত ধৰা পৰিছে । কিন্তু এই ৰোগীসকলক সময়মতে ঔষধৰ যোগান ধৰাত ৰাজ্যৰ স্বাস্থ্য বিভাগ চূড়ান্তভাৱে ব্যৰ্থ হৈছে । ৰাজ্যৰ বহুকেইখন জিলাত শেহতীয়াকৈ যক্ষ্মা ৰোগৰ ঔষধৰ নাটনি হোৱাত ৰোগীসকলৰ লগতে আত্মীয়সকল চৰম সংকটত পৰিছে ।

এই ৰোগ নিৰাময় কৰাৰ বাবে বিৰতি নোহোৱাকৈ নিয়মীয়াকৈ ঔষধ সেৱন কৰাটো বাধ্যতামূলক যদিও দিনৰ পাচত দিন ৰোগীসকলে ঔষধ সেৱন কৰিবলৈ চিকিৎসালয়ে চিকিৎসালয়ে ঘূৰিও ঔষধ লাভ নকৰাৰ অভিযোগ উঠিছে ।

উল্লেখ্য যে, দুটা পৰ্যায়ত যক্ষ্মা ৰোগৰ চিকিৎসা কৰা হয় । তদুপৰি এই ঔষধ চৰকাৰে ৰোগীসকলক বিনামূলীয়াকৈ যোগান ধৰে । কিন্তু ৰোগীসকলে কণ্টিনেশ্যন ফেজত ধাৰাবাহিকভাৱে সেৱন কৰিবলগীয়া থ্ৰী এফ ডি চি নামৰ অতি গুৰুত্বপূৰ্ণ ঔষধেই বিগত প্ৰায় এমাহ ধৰি নাটনি হোৱাত এতিয়া ৰোগীসকল চৰম সংকটৰ সন্মুখীন হৈছে । কোনো কোনো জিলাত চাৰিমাহ পর্যন্ত এই ৰোগৰ ঔষধৰ নাটনি হোৱা বুলি জানিব পৰা গৈছে ।

জিলা যক্ষ্মা ৰোগ বিভাগে ইতিমধ্যে ৰাজ্যৰ স্বাস্থ্য বিভাগক এই ঔষধ নাটনি সন্দৰ্ভত অৱগত কৰি শীঘ্ৰে ঔষধ যোগান ধৰাৰ অনুৰোধ কৰিছে । জিলাই জিলাই যক্ষ্মা ৰোগৰ ঔষধৰ নাটনি হোৱাৰ বিষয়টো সন্দৰ্ভত স্বাস্থ্য বিভাগ অৱগত নোহোৱাকৈ থকা নাই । এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তয়ো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।

মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে যক্ষ্মা ৰোগৰ ঔষধ মূলতঃ কেন্দ্ৰীয় চৰকাৰে যোগান ধৰে । সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ এই ঔষধৰ যোগান কিছু হ্ৰাস পোৱাৰ কথা স্বীকাৰ কৰি মন্ত্ৰীগৰাকীয়ে নাটনিৰ জোৰা মাৰিবৰ বাবে অসম চৰকাৰে নিজাববীয়াকৈ এই ঔষধ ক্ৰয় কৰাৰ পদক্ষেপ লোৱা বুলি প্ৰকাশ কৰিছে ।

আনহাতে ৰাজ্য চৰকাৰে ঔষধ ক্ৰয় কৰি জিলাই জিলাই যোগান ধৰাৰ সময়ছোৱাতো যাতে ঔষধৰ নাটনি নহয়, তাৰ বাবে জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকক স্থানীয়ভাৱে ঔষধ ক্ৰয় কৰি ৰোগীক যোগান ধৰিবৰ বাবে পুঁজি আবণ্টন দিয়া বুলিও সদৰী কৰিছে । চৰকাৰে বিষয়টো অৱগত হোৱাৰ লগে লগে তাৎক্ষণিক পদক্ষেপ লোৱা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে । স্বাস্থ্য বিভাগৰ তথ্য মতে কামৰূপ মহানগৰ জিলাত সম্প্ৰতি ১৩০১ জন যক্ষ্মা ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰি আছে ।

সেইদৰে লখিমপুৰ জিলাত প্ৰায় ৫৫০ জন, কামৰূপ জিলাত ৭৮৩ জন, গোলাঘাট জিলাত প্ৰায় ১০০০ জন, দৰং জিলাত ৩৪৩ জন, কোকৰাঝাৰ জিলাত ১১৪২ জন, বৰপেটা জিলাত ৬০২ জন ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰি থকাৰ তথ্য পোৱা গৈছে । এই ৰোগীসকলে সম্প্ৰতি নিয়মীয়াকৈ ঔষধ লাভ নকৰাত তেওঁলোকৰচিকিৎসাৰ সময় বৃদ্ধি পোৱাটো নিশ্চিত হৈ পৰিছে । লক্ষণীয় যে, সংক্ৰমিত ৰোগৰ ঔষধৰ নাটনি যথেষ্ঠ চিন্তনীয় বিষয় । কাৰণ ইয়াৰ ফলত ৰোগৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে ৷

উল্লেখ্য যে, ১৯৯৮ চনত অসমত আৰম্ভ হোৱা ‘‘সংশোধিত ৰাষ্ট্ৰীয় যক্ষ্মা নিয়ন্ত্ৰণ আঁচনি’’খন বর্তমান ‘‘ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূলকৰণ আঁচনি’’ লৈ ৰূপান্তৰ কৰি ২০২৫ চনৰ ভিতৰত যক্ষ্মামুক্ত ভাৰত গঢ়াৰ সংকল্পৰে ৰাজ্যত যক্ষ্মা নিৰ্মূলকৰণ কাম চলাই থকা হৈছে । কিন্তু পৰিস্থিতি এনে থাকিলে যক্ষ্মা ৰোগ নিৰ্মূল কৰাটো সম্ভৱ নহ'ব ।

লগতে পঢ়ক : যক্ষ্মা ৰোগৰ ঔষধৰ নাটনিয়ে চিন্তাত পেলাইছে সাধাৰণ ৰাইজক - Shortage Of Tuberculosis Medicines

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.