অসম

assam

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

By

Published : Oct 7, 2021, 7:31 PM IST

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 NEWS AT 7 PM
সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

নিলম্বিত আৰক্ষী বিষয়া ৰৌণক আলী হাজৰিকাক GMCH ত ভৰ্তি

ৰৌণক আলী হাজৰিকা গুৰুতৰভাৱে অসুস্থ । হৃদৰোগত আক্ৰান্ত হৈছে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ জিম্মাত থকা নিলম্বিত ডিআইজি ৰৌণক আলী হাজৰিকা । জি এম চি এইচত ‍ভৰ্তি কৰোৱা হৈছে ৰৌণক আলী হাজৰিকাক ।

উপ-নিৰ্বাচনৰ ক'ভিড গাইডলাইন সন্দৰ্ভত মুখ্য নিৰ্বাচনী বিষয়াৰ সংবাদমেল

উপ-নিৰ্বাচন সন্দৰ্ভত মুখ্য নিৰ্বাচনী বিষয়া ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েৰ সংবাদমেল ৷ কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ নিৰ্বাচনী বিষয়াগৰাকীৰ ৷ মনোনয়ন দাখিলৰ সময়ত সমদল নাইবা ৰাজহুৱা সভা কৰিব নোৱাৰিব । ভোট গ্ৰহণৰ সময়তো সকলোৱে সম্পূৰ্ণ ৰূপে মানি চলিব লাগিব ক'ভিড-১৯ ৰ বিধি ।

তুংগত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ সংঘাত

অহা ৩০ অক্টোবৰত অসমৰ ৫ টাকৈ সমষ্টিত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন । যাৰ বাবে সমষ্টি কেইটাত চলিছে নিৰ্বাচনী তৎপৰতা । পিছে কিছুদিন পূৰ্বলৈ মিত্ৰতাকলৈ চৰ্চাত থকা কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত কি চলিছে ? মিত্ৰতাৰ সলনি থাওৰা সমষ্টিত দলৰ সংঘাতে লৈছে আন এক ৰূপ ।

গৰুখুটিৰ ঘটনাক 'big tragedy' আখ্যা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

২৩ ছেপ্টেম্বৰত দৰং জিলাৰ গৰুখুটিৰ ধলপুৰত চলোৱা উচ্ছেদ অভিযান সন্দৰ্ভত অসম চৰকাৰক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ গৰুখুটিত উচ্ছেদ অভিযান আৰু তাৰ পিছত দুজন নাগৰিকৰ মৃত্যুক 'ডাঙৰ ট্ৰেজেডী' বুলিও অভিহিত কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷

ৰাজকন্যাক প্ৰেচক্ৰিপশ্যন দি আৰক্ষীৰ চমন লাভ ডাঃ নভনীল বৰুৱাৰ

সুস্থ ৰাজকন্যাক অসুস্থতাৰ পৰামৰ্শ দিয়া ডাঃ নভনীল বৰুৱাক আৰক্ষীৰ চমন ৷ ৰাজকন্যা বৰুৱাক জি এন আৰ চি হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱাৰ পৰামৰ্শ দিছিল চিকিৎসকগৰাকীয়ে ৷

ভুল ৰাস্তাৰে মাইনাক লগ কৰিবলৈ আহি প্ৰেমিক সোমাল ৰঙাঘৰত

ম’বাইল প্ৰেমে ঘোৰ অমানিশা নমাই আনিলে এগৰাকী বোৱাৰীৰ জীৱনলৈ ৷ প্ৰেমিকাক লগ কৰিবলৈ আহি ঘৰৰ ভিতৰত অসংযত কাৰ্যত লিপ্ত হ'ল এজন যুৱক ৷ ঘটনাটো সংঘটিত হৈছে কামপুৰ চাংচকীত ৷

নৱৰাত্ৰি : মহিষাসুৰমৰ্দিনীক আদৰাৰ বাবে সাজু ৰাজ্যবাসী

দুৰ্গা পূজালৈ মাজত আৰু কেইটামান দিন বাকী ৷ বুধবাৰৰ মহালয়াৰ পাচতে দেশ তথা ৰাজ্যত আৰম্ভ হৈছে দেৱী দুৰ্গাৰ আৰাধনা ৷ দেৱী বন্দনাৰে মুখৰিত ৰাজ্য ৷ কাল কৰ’ণাৰ প্ৰাদুৰ্ভাৱ কিছু সাম কটাত ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে পূজা কমিটি তথা ৰাজ্যবাসীয়ে উদযাপন কৰিবলৈ লৈছে দুৰ্গা পূজা ৷ সকলোৰে আশা দুৰ্গতিনাশিনীয়ে বিনাশ কৰক অশুভ শক্তি ৷ ৰাজ্যত পুনৰ প্ৰতিষ্ঠা হওক শান্তি ৷

পাম অইলৰ খেতিয়ে কৃষিভূমিৰ উৰ্বৰতা শেষ কৰিব : জাঙুৰ খাই উঠিছে এজেপি

পাম গছৰ খেতিৰ বিৰুদ্ধে সৰৱ এজেপি । এইবাৰ নৰেন্দ্ৰ মোডী চৰকাৰৰ চকু পৰিছে অসমৰ উৰ্বৰ কৃষিভূমিত । চৰকাৰে অসমৰ বিশাল ভূ-খণ্ড ৰামদেৱ আৰু আদানিক পাম অইলৰ খেতিৰ বাবে দিব বিচাৰিছে । অসমৰ পৰিৱেশ আৰু কৃষিভূমি ধ্বংস কৰাৰ বাবে পাম খেতিৰ পৃষ্ঠপোষকতা কৰিছে মোডী চৰকাৰে ।

ধৰ্ষণকাৰীৰ ৰূপত পিতৃ; 14 বছৰীয়া কন্যাৰ গৰ্ভৰ পিতৃৰ সন্তান

পিতৃৰ কামনাৰ বলি(Rape) হ’ল এগৰাকী কিশোৰী ৷ স্বাস্থ্য পৰীক্ষাত অন্তঃসত্বা বুলি ধৰা পৰাৰ পাচতহে ওলাই পৰিল উৰহীৰ ওৰ ৷ সম্প্ৰতি পলাতক অৱস্থাত আছে অভিযুক্ত পিতৃ ৷ ক’ত হৈছে এনে জঘন্য কাণ্ড, জানিবলৈ সবিশেষ পঢ়ক...

চাংসাৰী আৰক্ষীৰ জালত চুপাৰী মাফিয়া

উত্তৰ গুৱাহাটী গৌৰীপুৰৰ ব্ৰক্ষ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ ভিতৰৰ কেইবাটাও গুদামত কামৰূপ আৰক্ষীয়ে চাৰিমাহ পূৰ্বে অভিযান চলাই বৃহৎ পৰিমাণৰ চুপাৰী জব্দ কৰিছিল ৷ কিন্তু সেইসময়ত এই ঘটনাৰ লগত জড়িত আটাইকেইজন অভিযুক্ত পলায়ন কৰিবলৈ সক্ষম হৈছিল ৷ এতিয়া আৰক্ষীৰ জালত পৰিছে চাৰি চুপাৰী ব্যৱসায়ী ৷

ABOUT THE AUTHOR

...view details