ETV Bharat / state

নৱৰাত্ৰি : মহিষাসুৰমৰ্দিনীক আদৰাৰ বাবে সাজু ৰাজ্যবাসী

author img

By

Published : Oct 7, 2021, 5:47 PM IST

দুৰ্গা পূজালৈ মাজত আৰু কেইটামান দিন বাকী ৷ বুধবাৰৰ মহালয়াৰ পাচতে দেশ তথা ৰাজ্যত আৰম্ভ হৈছে দেৱী দুৰ্গাৰ আৰাধনা ৷ দেৱী বন্দনাৰে মুখৰিত ৰাজ্য ৷ কাল কৰ’ণাৰ প্ৰাদুৰ্ভাৱ কিছু সাম কটাত ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে পূজা কমিটি তথা ৰাজ্যবাসীয়ে উদযাপন কৰিবলৈ লৈছে দুৰ্গা পূজা ৷ সকলোৰে আশা দুৰ্গতিনাশিনীয়ে বিনাশ কৰক অশুভ শক্তি ৷ ৰাজ্যত পুনৰ প্ৰতিষ্ঠা হওক শান্তি ৷

navaratri prepartion for durga puja
মহিষাসুৰমৰ্দিনীক আদৰাৰ বাবে সাজু ৰাজ্যবাসী

নিউজ ডেস্ক, 7 অক্টোবৰ : চাওঁতে চাওঁতে আহি পালেহি হিন্দু দেৱী দুৰ্গাৰ আৰাধনাক কেন্দ্ৰ কৰি অনুষ্ঠিত হোৱা হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় তথা সামাজিক উৎসৱ দুৰ্গা পূজা ৷ শাস্ত্ৰ মতে, আহিন মাহৰ শুক্ল পক্ষত বা চ’ত মাহৰ শুক্ল পক্ষত পালন কৰা হয় দুৰ্গা পূজা । কাল কৰণাৰ বাবে বিগত প্ৰায় এক-ডেৰ বছৰে দেশ তথা ৰাজ্যত উদযাপন কৰা হোৱা নাছিল কোনো উৎসৱ-পাৰ্বন ৷

কি অসমীয়াৰ বাপুতি সাহোন বিহু, কি পূজা বা ৰাজ্যত উদযাপন কৰা অন্যান্য উৎসৱ ৷ কিয়নো কাল কৰ’ণাৰ ত্ৰাস ৷ বিগত প্ৰায় এক-ডেৰ বছৰে কাল কৰ’ণাৰ ত্ৰাসে এক প্ৰকাৰে বিশ্ববাসীৰ মুখৰ পৰা হাঁহিকনো কাঢ়ি নিছিল ৷

অৱশেষত যেন উদয় হ’ল এক নতুন সুৰুযৰ ৷

নতুন সুৰুযে দিছে নতুন দিগন্তৰ পথ ৷ ন আশা, ন হেঁপাহ, ন কৰ্ম উদ্যম ৷ কিয়নো সাম কাটিছে ক’ভিড মহামাৰীৰ প্ৰকোপ ৷ পুনৰ যেন ঘূৰি আহিছে অতীতৰ সেই মধুৰ দিনবোৰ ৷ তাৰেই যে এক কিৰণ প্ৰতিফলিত হৈছে মহালয়াৰ দিনটোত ৷

দেশ তথা ৰাজ্যবাসীয়ে বুধবাৰে উদযাপন কৰিলে মহালয়া ৷ মহালয়াৰ দিনটোত ৰাজ্য তথা দেশবাসীয়ে আপোন মনেৰে ওলাই আহি উদযাপন কৰা দেখিবলৈ পোৱা গ’ল মহালয়া ৷ সকলোৰে মুখত দেখা গ’ল এক আশাৰ কিৰণ ৷

নৱৰাত্ৰি : মহিষাসুৰমৰ্দিনীক আদৰাৰ বাবে সাজু ৰাজ্যবাসী

লগতে পঢ়ক: সম্প্ৰীতিৰ সুন্দৰ নিদৰ্শন : শিৱসাগৰৰ দেৱী দৌল আৰু দৌল্লা পৰিয়ালৰ পৰম্পৰা

শুভ মহালয়াৰ এই পবিত্ৰ দিনৰ পৰাই আৰম্ভ হয় দেৱী দুৰ্গাৰ আৰাধনা ৷ শৰৎ আৰু বসন্ত কালৰ শুক্লা প্ৰতিপদ তিথিত আৰম্ভ হৈ নৱমীত সমাপন হয় নৱৰাত্ৰি ৷ ৯ দিনত ভগৱতী দুৰ্গা দেৱীৰ ৯ টা অৱতাৰৰ পূজা কৰা হয় আৰু চণ্ডী পাঠ কৰা হয় । ধৰ্মীয় লোক বিশ্বাস অনুসৰি, দুৰ্গতিনাশিনী দেৱী দুৰ্গাক আৰাধনা কৰিলে অপায়-অমংগল বিনাশ হয় ৷ প্ৰতিষ্ঠা হয় শান্তিৰ ৷

ইফালে পৱিত্ৰ মহালয়াৰ দিনটোতে ভাৰত সেৱা সমিতিৰ ব্যৱস্থাপনাত নগাঁৱত হিন্দু মিলন মন্দিৰত প্ৰায় ১২০০ মানুহৰ মাজত বস্ত্ৰ বিতৰণ কৰা হয় ৷ প্ৰায় এক-ডেৰ বছৰৰ অন্তত বিশ্ববাসীয়ে চিঙিবলৈ সক্ষম হৈছে কৰ’ণাৰ শিকলিৰ বান্ধোন ৷ কৰ’ণাৰ ভয়-শংকাকো নেওচি পুনৰ যেন মুকলি মনেৰে পুজা উদযাপন কৰিবলৈ মন মেলিছে ৰাজ্য তথা দেশবাসীয়ে ৷

আমাৰো আশা, পুনৰ যেন ঘূৰি আঁহক অতিতৰ সেই মধুৰ দিনবোৰ ৷ প্ৰতিষ্ঠা হওক শান্তি ৷

লগতে পঢ়ক: ঐক্যতান : মণিৰ উদ্দিনৰ হাতৰ পৰশত প্ৰাণ পালে কাঠৰ দুৰ্গা প্ৰতিমাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.