ইঞ্জেকচনৰ চিৰিঞ্জৰ পৰশত প্ৰাণ পালে দুৰ্গা প্ৰতিমাই

author img

By

Published : Sep 30, 2021, 2:23 PM IST

Updated : Oct 1, 2021, 9:35 AM IST

as_dhb_exceptional_devi_durga_pratima_vis1_as10041

এগৰাকী বিশিষ্ট চিত্ৰশিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বিশেষ ধৰণৰ দুৰ্গা প্ৰতিমা ৷ ভেকচিনৰ সজাগতামূলক বাৰ্তা প্ৰেৰণ কৰা উদ্দেশ্যে ইঞ্জেকচনৰ চিৰিঞ্জ নিডল ব্যৱহাৰ কৰি সাজি উলিয়াইছে ব্যতিক্ৰমী প্ৰতিমা ৷ পিছে কোন এইগৰাকী বিশিষ্ট চিত্ৰ শিল্পী, সবিশেষ পঢ়ক...

ধুবুৰী, 30 ছেপ্তেম্বৰ : ধুবুৰীৰ এগৰাকী বিশিষ্ট চিত্ৰ শিল্পী(Artist)। যিগৰাকী চিত্ৰ শিল্পীৰ হাতৰ পৰশত প্ৰতিবাৰেই গঢ় লৈ উঠে ব্যতিক্ৰমী দেৱী দুর্গাৰ প্ৰতিমা । এইবেলিও ইঞ্জেকচনৰ চিৰিঞ্জ নিডল ব্যৱহাৰ কৰি ব্যতিক্ৰমী প্ৰতিমা নিৰ্মাণ কৰিছে চিত্ৰ শিল্পীগৰাকীয়ে ৷ এইবাৰৰ ব্যতিক্ৰমী প্ৰতিমাৰে ভেকচিনৰ সজাগতামূলক বাৰ্তা প্ৰেৰণৰ প্ৰয়াস কৰিছে বিশিষ্ট চিত্ৰ শিল্পীগৰাকীয়ে ।

শাৰদীয় দুৰ্গোৎসৱ(Durga Puja)লৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ ক’ভিড(Covid) পৰিস্থিতি কিছু সুস্থ হৈ উঠাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ক’ভিড প্ৰট’কল মানি দুৰ্গা পূজা উদযাপন কৰা নিৰ্দেশ জাৰি কৰিছে ৷ সেয়েহে ৰাজ্যজুৰি কেৱল দুৰ্গা পূজা আয়োজনৰ ব্যস্ততা পৰিলক্ষিত হৈছে ।

ইঞ্জেকচনৰ চিৰিঞ্জৰ পৰশত প্ৰাণ পালে দুৰ্গা প্ৰতিমাই

খনিকৰ, মৃৎ শিল্পী, চিত্ৰ শিল্পীকে ধৰি ব্যৱসায়ীসকলৰ ব্যস্ততাৰ অন্ত নোহোৱা হৈছে ৷ দুৰ্গা দেৱীৰ প্ৰতিমাৰ লগতে কাৰখানাত অন্তিম হাতৰ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে সকলো । আমি উল্লেখ কৰিব বিচাৰিছো, ধুবুৰী জিলাৰ বিশিষ্ট চিত্ৰ শিল্পী সঞ্জীৱ বসাক((Sanjib Basak)ৰ সৃষ্টিৰ কথা ৷ কেইবাবাৰো আছাম বুক অৱ ৰেকৰ্ডছ(Assam Book of Records), ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ(India Book Of Records)ত নাম অন্তৰ্ভুক্ত কৰিছে চিত্ৰশিল্পী সঞ্জীৱ বসাকে ৷

প্ৰতিবাৰেই এক সামাজিক বাৰ্তা প্ৰেৰণৰ উদ্দেশ্যে দেৱীৰ নিৰ্দিষ্ট সঁজুলিৰে দেৱীৰ প্ৰতিমা সাজি উলিয়ায় চিত্ৰশিল্পী বসাকে ৷ সঞ্জীৱ বসাক প্ৰকৃততে এগৰাকী ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ কৰ্মচাৰী ৷ বিভাগীয় কৰ্তব্য পালন কৰাৰ উপৰিও তেওঁ আজৰি সময়ত নিজ বাসগৃহতেই শিল্প সাধনাত কামত ব্যস্ত থাকে ৷

বিগত বৰ্ষসমূহত দিয়াচলাইৰ খাটিৰে ব্যতিক্ৰমী প্ৰতিমা নিৰ্মাণ কৰিছিল চিত্ৰশিল্পীগৰাকীয়ে ৷ লগতে তেওঁ পেলনীয়া প্লাষ্টিক, টেবলেট আদিৰেও দেৱীৰ প্ৰতিমা সাজি উলিয়াইছে ৷ সঞ্জীৱ বসাকে জনোৱা মতে, প্ৰায় তিনি হাজাৰ চিৰিঞ্জ আৰু পাঁচ হাজাৰটা নিডল ব্যৱহাৰ কৰা হৈছে এইবেলি নিৰ্মাণ কৰা দুৰ্গা দেৱীৰ প্ৰতিমাত ।

ধুবুৰী চহৰৰ 3 নং ৱাৰ্ডৰ স্বামী বিবেকানন্দ ক্লাবৰ পূজা মণ্ডপত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব বিশিষ্ট চিত্ৰ শিল্পীগৰাকীৰ দ্বাৰা নিৰ্মিত এই প্ৰতিমা ৷ প্ৰতিবাৰৰ দৰে এইবাৰো নিৰ্মাণ কৰা ব্যতিক্ৰমী প্ৰতিমাই আছাম বুক অথবা ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত হ’ব বুলিও আশা প্ৰকাশ কৰিছে বিশিষ্ট চিত্ৰ শিল্পী বসাকে ৷ ক’ভিড সৃষ্ট পৰিৱেশৰ সৈতে খাপ খোৱাকৈ চিৰিঞ্জেৰে চিত্ৰ শিল্পীগৰাকীয়ে প্ৰস্তুত কৰা এই প্ৰতিমা সঁচাকৈয়ে প্ৰশংসনীয় ৷

লগতে পঢ়ক : সমাগত দুৰ্গোৎসৱ : মহানগৰীৰ ফাঁচী বজাৰত নাই গ্ৰাহকৰ ভিৰ

Last Updated :Oct 1, 2021, 9:35 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.