ETV Bharat / state

চাংসাৰী আৰক্ষীৰ জালত চুপাৰী মাফিয়া

author img

By

Published : Oct 7, 2021, 3:44 PM IST

উত্তৰ গুৱাহাটী গৌৰীপুৰৰ ব্ৰক্ষ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ ভিতৰৰ কেইবাটাও গুদামত কামৰূপ আৰক্ষীয়ে চাৰিমাহ পূৰ্বে অভিযান চলাই বৃহৎ পৰিমাণৰ চুপাৰী জব্দ কৰিছিল ৷ কিন্তু সেইসময়ত এই ঘটনাৰ লগত জড়িত আটাইকেইজন অভিযুক্ত পলায়ন কৰিবলৈ সক্ষম হৈছিল ৷ এতিয়া আৰক্ষীৰ জালত পৰিছে চাৰি চুপাৰী ব্যৱসায়ী ৷

changsari supari mafia arrested from different part of guwahati
চাংসাৰী আৰক্ষীৰ জালত কেইবাকোটি টকীয়া চুপাৰী কেলেংকাৰী

বাইহাটা, 7 অক্টোবৰ : উত্তৰ গুৱাহাটী কেইবাকোটি টকীয়া চুপাৰী কেলেংকাৰীৰ লগত জড়িত চাৰি ব্যৱসায়ীক বুধবাৰে চাংসাৰী আৰক্ষীয়ে আটক কৰে ৷ আটকাধীন ব্যৱসায়ীকেইটা ক্ৰমে দীননাথ মোৰিয়া, বিকাশ সিং, সন্তোষ সিং আৰু ৰমেশ কুমাৰ । আৰক্ষীয়ে সম্প্ৰতি আটাইকেইজনকে ন্যায়ালয়লৈ প্ৰেৰণ কৰিছে ।

চাংসাৰীয়ে আৰক্ষীয়ে গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা আটক কৰে চাৰিজনক । ঘটনাৰ লগত জড়িত বাকীকেইজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে । ৭ জুলাইত কামৰূপ আৰক্ষীৰ এটা বৃহৎ দলে উত্তৰ গুৱাহাটী গৌৰীপুৰৰ ব্ৰক্ষ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ ভিতৰৰ কেইবাটাও গুদামত অভিযান চলাই বৃহৎ পৰিমাণৰ চুপাৰী জব্দ কৰিছিল ৷ কিন্তু সেইসময়ত এই ঘটনাৰ লগত জড়িত আটাইকেইজন অভিযুক্ত পলায়ন কৰিবলৈ সক্ষম হৈছিল ৷

চাংসাৰী আৰক্ষীৰ জালত কেইবাকোটি টকীয়া চুপাৰী কেলেংকাৰী

কামৰূপ আৰক্ষীয়ে অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ আহমেদৰ নেতৃত্বত চলাইছিল এই অভিযান । অভিযানৰ পাছত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত চাংসাৰী থানাত ২৫৫/২১ u/s 120B/379/411 IPC অধীনত গোচৰ ৰুজু কৰা হৈছিল । ঘটনাৰ তদন্তকাৰী বিষয়া আছিল চাংসাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ বৰ্মন । কমন মেন নামৰ এজন ব্যক্তিৰ টুইটৰ আত ধৰি কামৰূপ আৰক্ষী আৰম্ভ কৰিছিল এই অভিযান । আৰক্ষীয়ে প্ল’ট নম্বৰ ৪/১৭C/১৮/৯৪/১১৩ ত অভিযান চলাই গুদামকেইটা ছীল কৰিছিল ।

লগতে পঢ়ক : আকৌ ক'ত ওলাল প্লাষ্টিকৰ চাউল ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.