ETV Bharat / state

ৰাজকন্যাক প্ৰেচক্ৰিপশ্যন দি আৰক্ষীৰ চমন লাভ ডাঃ নভনীল বৰুৱাৰ

author img

By

Published : Oct 7, 2021, 4:08 PM IST

Updated : Oct 7, 2021, 5:02 PM IST

সুস্থ ৰাজকন্যাক অসুস্থতাৰ পৰামৰ্শ দিয়া ডাঃ নভনীল বৰুৱাক আৰক্ষীৰ চমন ৷ ৰাজকন্যা বৰুৱাক জি এন আৰ চি হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱাৰ পৰামৰ্শ দিছিল চিকিৎসকগৰাকীয়ে ৷

Dr Navnil Baruah summoned by dispur police
Dr Navnil Baruah summoned by dispur police

গুৱাহাটী, ৭ অক্টোবৰ : বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাক জি এন আৰ চি হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱাৰ পৰামৰ্শ দি আৰক্ষীৰ জালত পৰাৰ উপক্ৰম হৈছে বিশিষ্ট চিকিৎসক ডাঃ নভনীল বৰুৱা । ইতিমধ্যে আৰক্ষীয়ে চিকিৎসক গৰাকীলৈ চমন জাৰি কৰাৰ লগতে থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে ।

Dr Navnil Baruah
ডাঃ নভনীল বৰুৱাক আৰক্ষীৰ চমন

নিউৰ'চাৰ্জন হিচাপে সুপৰিচিত ডাঃ নভনীল বৰুৱা । কিন্তু এইগৰাকী চিকিৎসকেই প্ৰয়োজন নোহোৱা স্বত্বেও ৰাজকন্যা বৰুৱাক হাস্পতালত ভৰ্তি হ’বলৈ লিখি দিছিল । জি এন আৰ চি হাস্পতালত কৰ্মৰত ডাঃ বৰুৱাৰ পৰামৰ্শ পত্ৰৰ আধাৰতে ৰাজকন্যাক ভৰ্তি কৰোৱা হৈছিল জি এন আৰ চিত ।

উল্লেখযোগ্য যে চৰকাৰে গঠন কৰি দিয়া মেডিকেল ব'ৰ্ডে ৰাজকন্যাৰ কোনো অসুখ নাই বুলি প্ৰতিবেদন দাখিল কৰাৰ পিছতে বুধবাৰে জি এন আৰ চিৰ আই চি ইউৰ পৰা ৰাজকন্যা বৰুৱাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ।

Dr Navnil Baruah
ৰাজকন্যাক প্ৰেচক্ৰিপশ্যন দি আৰক্ষীৰ চমন লাভ ডাঃ নভনীল বৰুৱাৰ

ৰুক্মিনীগাঁও হিট এণ্ড ৰাণ গোচৰত অভিযুক্ত মডেল ৰাজকন্যা বৰুৱা ৷ শুকুৰবাৰে নিশা ৰুক্মিনী গাঁৱত নিচাগ্ৰস্ত অৱস্থাত গাড়ী চলাই আহি 8 জনকৈ শ্ৰমিকক মহতীয়াই নিছিল এইগৰাকী মডেলে ৷ ইয়াৰে এগৰাকী শ্ৰমিকে দুয়োখন ভৰিয়েই হেৰুৱালে এই দুৰ্ঘটনাত ৷ নিশা আৰক্ষীয়ে ৰাজকন্যাক থানালৈ লৈ যায় যদিও পিচ দিনা জামিন লাভ কৰে ৰাজকন্যাই ৷ কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে পুনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মডেল ৰাজকন্যাক ৷

লগতে পঢ়ক : GNRC-ৰ ICU ৱাৰ্ডৰ পৰা গ্ৰেপ্তাৰ ৰাজকন্যা বৰুৱাক

Last Updated :Oct 7, 2021, 5:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.