ETV Bharat / state

উপ-নিৰ্বাচনৰ ক'ভিড গাইডলাইন সন্দৰ্ভত মুখ্য নিৰ্বাচনী বিষয়াৰ সংবাদমেল

author img

By

Published : Oct 7, 2021, 6:13 PM IST

উপ-নিৰ্বাচন সন্দৰ্ভত মুখ্য নিৰ্বাচনী বিষয়া ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েৰ সংবাদমেল ৷ কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ নিৰ্বাচনী বিষয়াগৰাকীৰ ৷ মনোনয়ন দাখিলৰ সময়ত সমদল নাইবা ৰাজহুৱা সভা কৰিব নোৱাৰিব । ভোট গ্ৰহণৰ সময়তো সকলোৱে সম্পূৰ্ণ ৰূপে মানি চলিব লাগিব ক'ভিড-১৯ ৰ বিধি ।

উপ-নিৰ্বাচনৰ ক'ভিড গাইডলাইন সন্দৰ্ভত মুখ্য নিৰ্বাচনী বিষয়াৰ সংবাদমেল
উপ-নিৰ্বাচনৰ ক'ভিড গাইডলাইন সন্দৰ্ভত মুখ্য নিৰ্বাচনী বিষয়াৰ সংবাদমেল

গুৱাহাটী, ৭ অক্টোবৰ : ৰাজ্যৰ পাঁচটা সমষ্টিত ৩০ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচন সন্দৰ্ভত বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েই । গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজন কৰা সংবাদমেলখনত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে উপ-নিৰ্বাচন সন্দৰ্ভত নিৰ্বাচন আয়োগে জাৰি কৰা ক'ভিড গাইডলাইনৰ বিষয়ে উল্লেখ কৰে ।

তেওঁ কয়, ৩০ অক্টোবৰত অসমৰ থাওৰা, ভৱানীপুৰ, তামুলপুৰ, গোসাইগাঁও আৰু মৰিয়নি সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব । উপ-নিৰ্বাচনত আটাইকেইটা সমষ্টিতে পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ হ’ব ভোট গ্ৰহণ । ভোট গ্ৰহণৰ সময়ত সকলোৱে ক'ভিড-১৯ ৰ বিধি সম্পূৰ্ণ ৰূপে মানি চলিব লাগিব । তেওঁ লগতে কয় যে, মনোনয়ন দাখিলৰ সময়ত সমদল নাইবা ৰাজহুৱা সভা কৰিব নোৱাৰিব ।

মনোনয়ন দাখিলৰ সময়ত প্ৰাৰ্থীসহ তিনিজন লোক থাকিব পাৰিব । প্ৰচাৰ অভিযান সন্দৰ্ভত তেওঁ কয় যে, ভৱন বা তেনেধনৰণ বন্ধ স্থানত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত মুঠ আসনৰ বিপৰীতে ৩০ শতাংশ লোক উপস্থিত থাকিব পাৰিব । সেইদৰে মুকলি স্থানৰ প্ৰচাৰ সভাত ৫০ শতাংশৰ নাইবা ৫০০ৰ বেছি লোক হ'ব নোৱাৰিব । ষ্টাৰ কেম্পেইনাৰৰ ক্ষেত্ৰত হাজাৰৰ বেছি লোক হ'ব নোৱাৰিব । মাস্ক পৰিধান কৰা আৰু শাৰীৰিক ব্যৱধান মানি চলাটো বাধ্যতামূলক ।

আনহাতে ৰোড শ্ব', বাহন ৰেলী, বাইক ৰেলী আৰু চাইকেল ৰেলী সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰা হৈছে । ঘৰে ঘৰে চলোৱা প্ৰচাৰ অভিযানৰ ক্ষেত্ৰত ৫ জনৰ বেছি লোক হ'ব নোৱাৰিব । ভোট গ্ৰহণৰ ৭২ ঘণ্টাৰ পূৰ্বে প্ৰচাৰ কাৰ্য সামৰিব লাগিব । সেইদৰে ভোটাৰে ভোট গ্ৰহণ কেন্দ্ৰলৈ মাস্ক পৰিধান কৰি আহিব লাগিব । সামাজিক ব্যৱধান মানি চলি ভোটদান কৰিব লাগিব ।

কোনো ব্যক্তিয়ে মাস্ক পৰিধান নকৰাকৈ আহিলে ভোট গ্ৰহণ কেন্দ্ৰত মাস্কৰ যোগান ধৰা হ'ব । আনহাতে নিশা ৭ বজাৰ পৰা পুৱা ১০ বজালৈ কোনেও প্ৰচাৰ কাৰ্য চলাব নোৱাৰিব । পুৱা ১০ বজাৰ পৰা নিশা ৭ বজালৈ প্ৰচাৰ চলাব পাৰিব । উপ-নিৰ্বাচনতো অতিৰিক্ত ভোট কেন্দ্ৰৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।

তেওঁ কয় যে, কোনো প্ৰাৰ্থী নাইবা দলে নিয়মসমূহ ভংগ কৰিলে তেওঁলোকৰ প্ৰচাৰৰ অনুমতি বাতিল কৰা হ'ব । ষ্টাৰ কেম্পেইনাৰৰ ক্ষেত্ৰতো একেই ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি তেওঁ কয় । দুয়োপালি ক'ভিড ভেকচিন লোৱা চৰকাৰী বিষয়া-কৰ্মচাৰীসকলক উপ নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়াটোত জড়িত কৰোৱা হ'ব ।

ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে উপ-নিৰ্বাচনৰ বাবে যথেষ্ট সতৰ্কতামূলক গাইডলাইন জাৰি কৰিছে । আনহাতে, উপ-নিৰ্বাচনতো ৮০ ৰ ঊৰ্দ্ধৰ, বিশেষভাৱে সক্ষম আৰু ক'ভিড ৰোগীৰ বাবে পোষ্টেল বেলেটৰ ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়কঃ ৰাজকন্যাক প্ৰেচক্ৰিপশ্যন দি আৰক্ষীৰ চমন লাভ ডাঃ নভনীল বৰুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.