ETV Bharat / state

ধৰ্ষণকাৰীৰ ৰূপত পিতৃ; 14 বছৰীয়া কন্যাৰ গৰ্ভৰ পিতৃৰ সন্তান

author img

By

Published : Oct 7, 2021, 3:34 PM IST

পিতৃৰ কামনাৰ বলি(Rape) হ’ল এগৰাকী কিশোৰী ৷ স্বাস্থ্য পৰীক্ষাত অন্তঃসত্বা বুলি ধৰা পৰাৰ পাচতহে ওলাই পৰিল উৰহীৰ ওৰ ৷ সম্প্ৰতি পলাতক অৱস্থাত আছে অভিযুক্ত পিতৃ ৷ ক’ত হৈছে এনে জঘন্য কাণ্ড, জানিবলৈ সবিশেষ পঢ়ক...

daughter-is-being-raped-by-her-father
পিতৃৰ যৌন আতিশায্যৰ বলি এগৰাকী কিশোৰী

মৰাণ, 7 অক্টোবৰ : ভূ-লণ্ঠিত হ’ল মানৱতা ! হত্যা, অপহৰণ, ধৰ্ষণ, প্ৰৱঞ্চনা আদি ঘটনাই প্ৰায় ভাগেই সংবাদ মাধ্যমৰ বাতৰিৰ শিৰোনাম দখল কৰা আমি দেখিবলৈ পাওঁ ৷ এইবাৰ পোহৰলৈ আহিছে এটা জঘন্য ঘটনা ৷ এজন পিতৃয়ে এনে জঘন্য কাণ্ড সংঘটিত কৰিলে চৰাইদেউ জিলাত ৷ ঈশ্বৰ তুল্য পিতৃৰ লজ্জাজনক কাণ্ড ৷ পিতৃৰ কামনাৰ বলি হ’ল নিজ কন্যা ৷

এগৰাকী পিতৃক ভগৱানৰ সৈতে তুলনা কৰা হয় ৷ কিন্তু সেই পিতৃয়েই হৈ পৰিছে নিজ কন্যাৰ ধ্বংসমুখী জীৱনৰ আগধৰোঁতা ৷ এতিয়া আহো ঘটনাৰ মাজলৈ ৷ চৰাইদেউৰ বৰহাটৰ নগাহাটত নিজ কন্যাৰ ওপৰত যৌন নিৰ্যাতন(Rape) চলাই পলাই ফুৰিছে অভিযুক্ত পিতৃ ৷

প্ৰাপ্ত তথ্য অনুসৰি, অসম-অৰুণাচল সীমান্তৱৰ্তী চৰাইপুং থানাৰ অন্তৰ্গত নগাহাট ডাবলু হাবিগাঁৱৰ এজন লোকে 14 বছৰীয়া নিজ কন্যাক দীৰ্ঘদিন ধৰি যৌন চলাই আহিছিল ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ পিতৃয়ে যৌন নিৰ্যাতন চলাইছিল কন্যাক ৷

কিন্তু পিতৃৰ এই জঘন্য কাণ্ডই অৱশেষত ল’লে ভয়ংকৰ ৰূপ ৷ কন্যাৰ কিছু স্বাস্থ্যৰ অৱনতি ঘটাৰ উমান পাই মাতৃয়ে কিশোৰীগৰাকীক সাপেখাতী চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰায় ৷ স্বাস্থ্য পৰীক্ষাৰ অন্তত কন্যাগৰাকী 7 মাহৰ অন্তঃসত্বা বুলি চিকিৎসকে সদৰী কৰে ৷

ইয়াৰ পাচতে কিশোৰীগৰাকীৰ ওপৰত পিতৃয়ে চলোৱা যৌন নিৰ্যাতনৰ ৰহস্য পোহৰলৈ আহে ৷ ইফালে কন্যাৰ অন্তঃসত্বাৰ খবৰ পোৱাৰ পাচতে নিজ বাসগৃহৰ পৰা পলায়ন কৰে অভিযুক্ত পিতৃয়ে ৷ সম্প্ৰতি কন্যাৰ ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছে অভিযুক্তৰ পত্নীয়ে ৷

লগতে পঢ়ক : ডুমডুমাত ব্ৰাউন চুগাৰসহ ৩ সৰবৰাহকাৰীক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.