ETV Bharat / state

তুংগত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ সংঘাত

author img

By

Published : Oct 7, 2021, 6:44 PM IST

Updated : Oct 7, 2021, 6:52 PM IST

Nomination
তুংগত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ সংঘাত

অহা ৩০ অক্টোবৰত অসমৰ ৫ টাকৈ সমষ্টিত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন । যাৰ বাবে সমষ্টি কেইটাত চলিছে নিৰ্বাচনী তৎপৰতা । পিছে কিছুদিন পূৰ্বলৈ মিত্ৰতাকলৈ চৰ্চাত থকা কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত কি চলিছে ? মিত্ৰতাৰ সলনি থাওৰা সমষ্টিত দলৰ সংঘাতে লৈছে আন এক ৰূপ । এইবাৰ থাওৰা সমষ্টিত কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য অখিল গগৈৰ । কংগ্ৰেছ দলৰ ভৱিষ্যৎ সম্পৰ্কে কি ক'লে অখিল গৈগয়ে ?

শিৱসাগৰ,৭ অক্টোবৰ : আপুনি মই ভবাৰ দৰে উপ-নিৰ্বাচনত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতা হোৱা নাই । দুয়োটা দলৰ মাজত তীব্ৰ সংঘাত স্পষ্ট হৈ পৰিছে । সংঘাতৰ কথা নিজ মুখে স্বীকাৰ কৰিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । থাওৰাত উপ নিৰ্বাচনৰ বাবে ধৈৰ্য কোৱৰৰ মনোনয়ন দাখিলৰ দিনটোতে বিস্ফোৰক মন্তব্য অখিল গগৈৰ ।

"অসমত লুপ্ত হৈ যাব কংগ্ৰেছ দল । আৰু কংগ্ৰেছৰ স্থান ল'ব ৰাইজৰ দলে ।" কংগ্ৰেছক Soft communal আখ্যা অখিল গগৈৰ । কিন্তু কিছু দিন পূৰ্বলৈ মিত্ৰতাৰ বাবে কংগ্ৰেছৰ শীৰ্ষ নেতা পিছে পিছে ঘুৰি ফুৰা অখিল গগৈৰ মুখত দলটোৰ বিৰুদ্ধে হঠাৎ এনে মন্তব্য কিয় ?

তুংগত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ সংঘাত

কিহৰ স্বাৰ্থত কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিবলৈ আগ্ৰহী আছিল ৰাইজৰ দল আৰু অখিল গগৈ । ইফালে অখিল গগৈ আৰু ৰাইজৰ দল নিজৰ স্থিতিত অটল । আগন্তুক উপ-নিৰ্বাচনত বিজেপিয়ে কোনো কাৰণতে পৰাভূত কৰিব নোৱাৰে ৰাইজৰ দলক ।

"থাওৰা আৰু মৰিয়নি সমষ্টিত এইবাৰ ৰাইজৰ দলৰ বিজয় নিশ্চিত !" অখিল গগৈৰ মন্তব্য সঁচা হয় নে আগন্তুক নিৰ্বাচনত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ সংঘাতে বিজেপিক কিদৰে সহায় কৰে সেয়া কিন্তু সময়েহে ক'ব । ইফালে শিৱসাগৰৰ ঐতিহাসিক শিৱ দৌলত সেৱা লৈ থাওৰা সমষ্টিৰ বাবে ধৈৰ্য কোঁৱৰে মনোনয়ন দাখিল কৰে । সভাপতি অখিল গগৈৰ উপৰিও ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীক সংগ দিয়ে দলটোৰ বহু সমৰ্থক আৰু কৰ্মীয়ে ।

লগতে পঢ়ক :এবছৰৰ পাচত ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰা উচিতঃ ভৰত গান্ধী

Last Updated :Oct 7, 2021, 6:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.