ETV Bharat / state

এবছৰৰ পাচত ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰা উচিতঃ ভৰত গান্ধী

author img

By

Published : Oct 7, 2021, 3:15 PM IST

Bharat Gandhi demands CM Himanta Biswa Sarma resignation
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ভৰত গান্ধীৰ

৫ বছৰীয়া শাসন কালত ৫ গৰাকী মুখ্যমন্ত্ৰী থাকিব লাগে । মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ এবছৰ সম্পূৰ্ণ হোৱাৰ পাচত ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজেই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰা উচিত । হিমন্ত বিশ্ব শৰ্মাৰ ঠাইত কোনো বড়ো নেতাক মুখ্যমন্ত্ৰী পদৰ বাবে নিজেই নিৰ্বাচিত কৰিব লাগে । এই মন্তব্য ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনেলৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ভৰত গান্ধীৰ ।

ৰঙিয়া, ৭ অক্টোবৰ: বৃহস্পতিবাৰে ৰঙিয়াৰ মিলনপুৰত ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনেল(Voters party international)ৰ পদাধিকাৰী সন্মিলন অনুষ্ঠিত হয় । এই সন্মিলনত অংশ লৈ দলটোৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ভৰত গান্ধী(Bharat Gandhi)য়ে বিজেপি দলক তীব্ৰ সমালোচনা কৰে । লগতে ড৹ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি তেওঁ কয় যে, কাৰ্যকালৰ এবছৰ সম্পূৰ্ণ হোৱাৰ পাচত ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজেই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰা উচিত । কেৱল এয়াই নহয়, হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ঠাইত কোনো বড়ো লোকক মুখ্যমন্ত্ৰী পদৰ বাবে নিজেই নিৰ্বাচিত কৰিব লাগে ।

ভৰত গান্ধীৰ মতে, ৫ বছৰীয়া শাসন কালত ৫ গৰাকী মুখ্যমন্ত্ৰী থাকিব লাগে । বড়ো, আদিবাসী, মুছলমান, অন্যান্য পিছপৰা শ্ৰেণী আৰু সাধাৰণ শ্ৰেণীৰ একোজনকৈ নেতাক প্ৰতিটো বছৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰোৱাৰ বাবে তেওঁ দাবী জনায় । লগতে তেওঁ হিমন্ত বিশ্ব শৰ্মাক এক প্ৰকাৰ সকিয়নী দি কয় যে, যদি ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজেই মুখ্যমন্ত্ৰীৰ পদ ত্যাগ নকৰে, তেন্তে ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনেলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব । পদাধিকাৰী সন্মিলনত মিডিয়া সচিব পবিত্ৰ বড়োৰ লগতে দলীয় কৰ্মকৰ্তাসকল উপস্থিত থাকে ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী ভৰত গান্ধীৰ

ভৰত গান্ধীয়ে কয় যে, যদি এগৰাকী মুখ্যমন্ত্ৰীৰ কাৰ্যকাল এবছৰ হয়, তেন্তে কোনো মুখ্যমন্ত্ৰীয়ে স্বেচ্ছাচাৰী হ'ব নোৱাৰিব ।

ইফালে, উচ্ছেদৰ সময়ত দৰঙৰ ধলপুৰত এগৰাকী লোকক আৰক্ষীয়ে গুলীয়াই হত্যা কৰা আৰু উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ ঘটনাক লৈ তেওঁ গেৰুৱা দলটোক সমালোচনা কৰে । বিজেপি দলৰ এনে অনুশাসনৰ বিৰুদ্ধে উপ-নিৰ্বাচনত চাৰিটা সমষ্টিৰ পৰা দলটোৱে প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে । এই সিদ্ধান্ত অনুসৰি মাজুলী, তামুলপুৰ, গোসাঁইগাঁও আৰু ভৱানীপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনেলে ।

লগতে পঢ়ক:তামুলপুৰত 44 টা চোৰাং চিকাৰীৰ আত্মসমৰ্পন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.