তামুলপুৰত 44 টা চোৰাং চিকাৰীৰ আত্মসমৰ্পণ

author img

By

Published : Oct 7, 2021, 12:18 PM IST

Updated : Oct 7, 2021, 1:00 PM IST

poacher surrendered at tamulpur

তামুলপুৰত বুধবাৰে সন্ধিয়া অস্ত্ৰসহ 44 টাকৈ চোৰাং চিকাৰী(Poacher)ৰ আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ(Surrender) ৷ তামুলপুৰৰ ভিন্ন প্ৰান্তৰ পৰা অহা চোৰাং চিকাৰীকেইটাই বাক্সা জিলাৰ আৰক্ষী অধীক্ষক, তামুলপুৰ মহকুমা আৰক্ষী বিষয়াসহ বহুকেইগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ উপস্থিতিত আত্মসমৰ্পণ কৰে ৷

বাক্সা, 7 অক্টোবৰ : বুধবাৰে সন্ধিয়া বাক্সা জিলাৰ তামুলপুৰত 44 টাকৈ চোৰাং চিকাৰী(Poacher)ৰ আত্মসমৰ্পণ(Surrender) ৷ তামুলপুৰৰ ভিন্ন প্ৰান্তৰ পৰা অহা চোৰাং চিকাৰীকেইটাই অস্ত্ৰসহ আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰে ৷

poacher surrendered at tamulpur
তামুলপুৰত চোৰাং চিকাৰীৰ আত্মসমৰ্পণ

তামুলপুৰৰ ঘগ্ৰাচকত আয়োজিত এই আত্মসমৰ্পণ অনুষ্ঠানত উপস্থিত থাকে বাক্সা জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিং, তামুলপুৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতা, তামুলপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক সূত্ৰধৰকে ধৰি কেইবাগৰাকীও আৰক্ষী বিষয়া ৷

poacher surrendered at tamulpur
তামুলপুৰত চোৰাং চিকাৰীৰ আত্মসমৰ্পণ

আত্মসমৰ্পণৰ সময়ত চোৰাং চিকাৰীসকলে 14 টা হস্তনিৰ্মিত ৰাইফল, দুটা গ্ৰেণেড, 12 টা গছ কটা মেচিন, 12 টা হৰিণৰ শিং আদিকে ধৰি বিভিন্ন অস্ত্ৰ জমা দিয়ে । আত্মসমৰ্পণকাৰী আটাইকেইজন চোৰাং চিকাৰীক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰে বাক্সা জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে ।

তামুলপুৰত চোৰাং চিকাৰীৰ আত্মসমৰ্পণ

লগতে পঢ়ক : চৰাইদেউত বুজন পৰিমাণৰ ড্ৰাগছসহ এজন আটক

Last Updated :Oct 7, 2021, 1:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.