ETV Bharat / state

চৰাইদেউত বুজন পৰিমাণৰ ড্ৰাগছসহ এজন আটক

author img

By

Published : Oct 7, 2021, 9:52 AM IST

one-arrested-with-drugs-at-charaideo
চৰাইদেউত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক এজন

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ ডিব্ৰুগড়ত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে এটাৰ পাচত আনটো অভিযান চলাই লাভ কৰিছে সাফল্য ৷ নামতোলা আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক হ'ল ৰমেন বৰগোঁহাই এটা ড্ৰাগছ সৰবৰাহকাৰী ৷

মৰাণ, 7 অক্টোবৰ : ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে তৎপৰতাৰে অভিযান অব্যাহত ৰাখিছে ৷ চৰাইদেউ সোণাৰিৰ নামতোলাত আৰক্ষীয়ে চলোৱা এনে এক অভিযানৰ সময়ত বুজন পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ হৈছে । নামতোলা আৰক্ষীয়ে ড্ৰাগছবিৰোধী অভিযান চলাই ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰে ৷

one-arrested-with-drugs-at-charaideo
চৰাইদেউত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক এজন

নামতোলা আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীটো ৰমেন বৰগোঁহাই বুলি জানিব পৰা হৈছে ৷ সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধাপোছা অব্যাহত ৰাখিছে আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটোৰ ৷ উল্লেখ্য যে, নাগালেণ্ড সীমান্তৱৰ্তী চৰাইদেউৰ নামতোলাত দীৰ্ঘদিন ধৰি ড্ৰাগছ তথা অবৈধ নিচাজাতীয় সামগ্ৰীৰ বেহা চলি থকা বুলি একাংশই অভিযোগ উত্থাপন কৰি আহিছে ৷

ধৃত ড্ৰাগছ সৰবৰাহকাৰী ৰমেন বৰগোঁহাইক জেৰাৰ অন্তত অঞ্চলটোত ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত অন্য বহু তথ্য পোহৰলৈ আহিব পাৰে বুলি আৰক্ষীয়ে সম্ভাৱনা ব্যক্ত কৰিছে ৷

লগতে পঢ়ক : ডিব্ৰুগড়ত IPL ৰ নামত বৃহৎ জুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.