ETV Bharat / state

নিলম্বিত আৰক্ষী বিষয়া ৰৌণক আলী হাজৰিকাক GMCH ত ভৰ্তি

author img

By

Published : Oct 7, 2021, 5:43 PM IST

Raunak Ali Hazarika admitted to Guwahati Medical College Hospital
ৰৌণক আলী হাজৰিকাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি

ৰৌণক আলী হাজৰিকা গুৰুতৰভাৱে অসুস্থ । হৃদৰোগত আক্ৰান্ত হৈছে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ জিম্মাত থকা নিলম্বিত ডিআইজি ৰৌণক আলী হাজৰিকা । জি এম চি এইচত ‍ভৰ্তি কৰোৱা হৈছে ৰৌণক আলী হাজৰিকাক ।

গুৱাহাটী, ৭ অক্টোবৰ : আয়তকৈ অধিক সম্পত্তি থকাৰ গােচৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰা নিলম্বিত উপ-আৰক্ষী মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকাক বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰােৱা হয় । আৰক্ষীৰ জিম্মাত থকা ৰৌণক আলী হাজৰিকা বুধবাৰে নিশা গুৰুতৰভাৱে অসুস্থ হৈ পৰে ।

হঠাত্‍ হৃদৰোগত আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰা হাজৰিকাক প্ৰথমে মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও স্বাস্থ্যৰ অৱস্থাৰ গুৰুতৰ হোৱাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা হয় । উল্লেখ যে, বিগত চাৰি বছৰত তেওঁৰ দুটাকৈ ছাৰ্জাৰী হৈছিল । বৰ্তমান জি এম চি এইচত তেওঁৰ চিকিৎসা চলি আছে ।

নিলম্বিত আৰক্ষী বিষয়া ৰৌনক আলী হাজৰিকা পূৰ্বেও দুবাৰ হৃদৰােগত আক্ৰান্ত হোৱা বাবে চিকিৎসাধীন হ’বলগীয়া হৈছিল । গ্ৰেপ্তাৰ হোৱা নিলম্বিত আৰক্ষী বিষয়া ৰৌণক আলী হাজৰিকাৰ কেইবা ঠাইত বৃহৎ অট্টালিকা, বিলাসী ৰিজ’ৰ্টকে ধৰি বহু সা-সম্পত্তি থকাৰ তথ্য পোহৰলৈ আহিছে । নিলম্বিত জ্যেষ্ঠ আই পি এছ বিষয়া ৰৌণক আলী হাজৰিকাক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰাৰ পাছতে ন ন তথ্য পোহৰলৈ আহিছে ।

লগতে পঢ়ক: তামুলপুৰত 44 টা চোৰাং চিকাৰীৰ আত্মসমৰ্পণ

নিজে কৰা আয়তকৈ অধিক সম্পত্তিৰ অধিকাৰী ৰৌণক আলী হাজৰিকা । আয়তকৈ ১৬৪ শতাংশ অধিক সম্পত্তি ৰৌণক আলী হাজৰিকাৰ । গুৱাহাটীৰ ডাউন টাউনত ঘৰ-মাটি, ধীৰেনপাৰাত থকা এটা অট্টালিকাৰ উপৰিও হেঙেৰাবাৰীত ৰৌণক আলী হাজৰিকাৰ আছে ৰাজ অট্টালিকা সদৃশ এটা ঘৰ ।

তদুপৰি হংকং, ইণ্ডোনেছিয়া, ডুবাই, বাংলাদেশ, মালেয়ছিয়া, বেংকক, থাইলেণ্ড সহ ৯ খন দেশত অনুমতি নোহোৱাকৈ ভ্ৰমণ কৰিছিল ৰৌণক আলী হাজৰিকাই । ৰৌণক আলী হাজৰিকাৰ বাসগৃহত বাংলাদেশ, হংকং, চীন, মালেয়ছিয়া, জাপান, ইণ্ডোনেছিয়াৰ বিদেশী মুদ্ৰা উদ্ধাৰ হৈছিল । ৰৌণক আলী হাজৰিকাৰ চিমলাত আছে এখন বিলাসী ৰিজ’ৰ্ট ৷

কথি ৰিজ’ৰ্ট নামৰ প্ৰায় চাৰিমহলীয়া এই বিলাসী ৰিজ’ৰ্টখনৰ মূল্যও হ’ব কেইবা কোটি টকা । আনহাতে দুটাকৈ সন্তানৰ পঢ়া-শুনাৰ ক্ষেত্ৰতো কোটি টকাৰ লেনদেনৰ তথ্য পোহৰলৈ আনিছে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে । এতিয়াও বহু তথ্য পোহৰলৈ আহিবলৈ বাকী আছে । বৰ্তমান আৰক্ষীৰ জিম্মাত থকা ৰৌণক আলী হাজৰিকা হৃদৰোগত আক্ৰান্ত হোৱা বাবে জি এম চি এইচত ভৰ্তি কৰোৱা হৈছে ।

লগতে পঢ়ক: পাম অইলৰ খেতিয়ে কৃষিভূমিৰ উৰ্বৰতা শেষ কৰিব : জাঙুৰ খাই উঠিছে এজেপি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.