অসম

assam

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

By

Published : Aug 20, 2021, 7:07 PM IST

সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

TOP 10 AT 7 PM
সন্ধিয়া 7 বজাৰ শীৰ্ষ 10 বাতৰি

১ ছেপ্টেম্বৰত আজমলক এৰি ফণী যাব বিজেপিলৈ

প্ৰায় দুমাহ পূৰ্বে ইটিভি ভাৰতে পোহৰলৈ আনিছিল যে এ আই ইউ ডি এফৰ বিধায়ক ফণী তালুকদাৰ বিজেপিলৈ যাব । সেই কথাই এতিয়া সত্য প্ৰমাণিত হোৱাৰ দিশে । কিন্তু বদৰুদ্দিন আজমলৰ সংগ এৰি গেৰুৱা বসন কিয় পিন্ধিব ফণী তালুকদাৰে ?

শনিবাৰৰ পৰা আৰম্ভ হ'ব সোণোৱালৰ তিনিদিনীয়া "জন আশীৰ্বাদ যাত্ৰা"

কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত শণিবাৰে প্ৰথমবাৰলৈ অসমলৈ আহিব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ সোণোৱালক আদৰিবলৈ সাজু হৈছে ৰাজ্যিক বিজেপি ৷

ৰাজ্যৰ বন বিভাগে নষ্ট কৰিব গঁড়ৰ খৰ্গ !

ৰাজ্যত মজুত থকা গঁড়ৰ খৰ্গসমূহ অচিৰেই নষ্ট কৰি পেলাব ৰাজ্য চৰকাৰে ৷ তাৰবাবে পুনৰ ৰাজ্যত মজুত থকা গঁড়ৰ খৰ্গ সমূহৰ গণনা আৰু পৰীক্ষা আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে ৷ বৰ্তমান ৰাজ্যৰ বিভিন্ন কোষাগাৰত বন বিভাগৰ প্ৰায় 2500 গঁড়ৰ খৰ্গ মজুত আছে ৷

বাক্সাত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু দুটাকৈ হাতীৰ

ৰাজ্যত পুনৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে বন্যহস্তীৰ । বাক্সাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু দুটাকৈ বন্যহস্তীৰ । ঘটনাৰ পাছতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত ।

কালগাছিয়াৰ এজন প্ৰধান শিক্ষকৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ

শিক্ষকতাৰ দৰে মহান বৃত্তিত জড়িত হৈ থকাৰ মাজতে টকাৰ লোভত অন্ধ হৈ ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ৰূপসী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত 1385 নং চৰ বালাগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৷ শিক্ষক গৰাকী বিদ্যালয়ত উপস্থিত নাথাকি তামোল আৰু মাকৈৰ ব্যৱসায়ত ব্যস্ত থকাৰো অভিযোগ ৰাইজৰ ৷

চাকৰি নিয়মীয়াকৰণৰ প্ৰলোভন: পৰিণতি ধৰ্ষণ

গোলাঘাটত নুমলীগড় তেল শোধনাগাৰৰ বিষয়াৰ বিৰুদ্ধে ধৰ্ষণ কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ ৷ জানো আহক জুলাই মাহতে সংঘটিত এই ঘটনাক কোনে গাপ দি ৰাখিছে ৷


মহানগৰীত বন্ধ হ'ব পেট্ৰ'ল-ডিজেল চালিত বাছ

গুৱাহাটীত দেখা নাযাব পেট্ৰ'ল-ডিজেল চালিত বাছ ৷ এবছৰৰ ভিতৰত গুৱাহাটীত চলিব কেৱল ইলেক্ট্ৰিক আৰু চিএনজি বাছ ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ঘোষণা ৷ ৰাজ্য চৰকাৰে ক্ৰয় কৰিব 200খন ইলেকট্ৰিক বাছ আৰু ১০০ খন চিএনজি বাছ ৷

লংকা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অভাৱনীয় পৰিস্থিতি

লংকাৰ খাদ্য বিষক্ৰিয়াৰ ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । দুদিন পাছতো সুস্থ হোৱা নাই বহু লোক । যাৰ বাবে পুনৰ হাস্পতালত ভৰ্তি হৈছে বহু লোক ।

অসমৰ দুগৰাকী শিক্ষকলৈ সন্মানীয় ৰাষ্ট্ৰীয় শিক্ষক বঁটা

দেশৰ বিভিন্ন ৰাজ্যৰ মুঠ 88 গৰাকী শিক্ষকৰ ভিতৰত অসমৰ দুগৰাকী শিক্ষক নিৰ্বাচিত হৈছে 2020-2021 বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ(National Award to Teacher) বাবে ৷ 5 ছেপ্তেম্বৰ অৰ্থাৎ শিক্ষক দিৱসৰ দিনা ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে(Ram Nath Kovind) প্ৰদান কৰিব এই বঁটা ৷

সন্ত্ৰাসবাদীৰ অস্তিত্ব স্থায়ী নহয়ঃ প্ৰধানমন্ত্ৰী মোডী

"সন্ত্ৰাসবাদৰ জৰিয়তে ক্ষমতালৈ অহা সকলে মাথোঁ কিছু সময়ৰ বাবেহে শাসনৰ বাঘজৰী নিজৰ হাতত ৰাখিব পাৰে, কিন্তু তেওঁলোকৰ অস্তিত্ব স্থায়ী নহয় । মানৱতাক চিৰদিনৰ বাবে দমন কৰি ৰখা সম্ভৱ নহয়" । শুকুৰাবাৰে গুজৰাটত এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)য়ে ।

ABOUT THE AUTHOR

...view details