ETV Bharat / bharat

সন্ত্ৰাসবাদীৰ অস্তিত্ব স্থায়ী নহয়ঃ প্ৰধানমন্ত্ৰী মোডী

author img

By

Published : Aug 20, 2021, 6:02 PM IST

"সন্ত্ৰাসবাদৰ জৰিয়তে ক্ষমতালৈ অহা সকলে মাথোঁ কিছু সময়ৰ বাবেহে শাসনৰ বাঘজৰী নিজৰ হাতত ৰাখিব পাৰে, কিন্তু তেওঁলোকৰ অস্তিত্ব স্থায়ী নহয় । মানৱতাক চিৰদিনৰ বাবে দমন কৰি ৰখা সম্ভৱ নহয়" । শুকুৰাবাৰে গুজৰাটত এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)য়ে ।

Prime Minister Narendra Modi reaction on terrorism
তালিবানে আফগানিস্তান দখল কৰাৰ পিছতে সন্ত্ৰাসবাদ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীৰ প্ৰতিক্ৰিয়া

নেশ্যনেল ডেস্ক, ২০ আগষ্ট: নাগৰিকৰ স্বাৰ্থক গুৰুত্ব নিদি মাৰণাস্ত্ৰৰ ভয় দেখুৱাই সাম্ৰাজ্য স্থাপন কৰা শক্তিবোৰৰ শাসন কেতিয়াও স্থায়ী নহয় । শুকুৰবাৰে এইদৰে সন্ত্ৰাসবাদ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । শুকুৰবাৰে গুজৰাটৰ বিখ্যাত সোমনাথ মন্দিৰৰ কেইবাটাও প্ৰকল্প উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)য়ে । তেওঁ কয় যে, সোমনাথ মন্দিৰ(Somnath temple) বহুবাৰ ধ্বংস কৰা হৈছিল আৰু মন্দিৰৰ প্ৰতিমা বহুবাৰ অপবিত্র কৰা হৈছিল ।

আনকি সোমনাথ মন্দিৰৰ অস্তিত্ব বিপন্ন কৰাৰ চেষ্টা কৰা হৈছিল । কিন্তু ধ্বংসাত্মক আক্ৰমণে মন্দিৰৰ প্ৰতি থকা ভক্তৰ মনোভাৱ সলনি কৰিব পৰা নাছিল । দুগুণে গৰিমা বৃদ্ধি পাইছিল আৰু এয়াই সকলোৰে আত্মবিশ্বাস বৃদ্ধি কৰিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে । তেওঁ লগতে কয় যে, ধ্বংস কৰাৰ বাবে চেষ্টা কৰা অপশক্তি আৰু সন্ত্ৰাসবাদৰ জৰিয়তে সাম্ৰাজ্য সৃষ্টিৰ আদৰ্শ অনুসৰণ কৰা শক্তিবোৰে মাত্ৰ কিছু সময়ৰ বাবেহে নিজৰ আধিপত্য বিস্তাৰ কৰিব পাৰে, কিন্তু তেওঁলোকৰ অস্তিত্ব কেতিয়াও স্থায়ী নহয় ।

কিয়নো, এনে শক্তিয়ে মানৱতাক চিৰদিনৰ বাবে দমন কৰিব নোৱাৰে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে । তালিবানে আফগানিস্তানৰ দখল কৰাৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰা এই মন্তব্য যথেষ্ট তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে । প্ৰধানমন্ত্ৰী মোডীয়ে লগতে কয় যে, ভ্ৰমণ আৰু পৰ্যটন প্ৰতিযোগিতা সূচকত ২০১৩ চনত ভাৰত ৬৫ সংখ্যক স্থানত থকা আছিল আৰু ২০১৯ চনত ভাৰতে ৩৪ সংখ্যক স্থানত উপনীত হ'বলৈ সক্ষম হয় ।

লগতে পঢ়ক:'সদ্ভাৱনা দিৱস'ত কি প্ৰতিজ্ঞা ল'লে উত্তৰ প্ৰদেশ চৰকাৰৰ বিষয়াই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.