চাকৰি নিয়মীয়াকৰণৰ প্ৰলোভন: পৰিণতি ধৰ্ষণ

author img

By

Published : Aug 20, 2021, 5:42 PM IST

rape allegation against nrl DGM
চাকৰি নিয়মীয়াকৰণৰ প্ৰলোভন: পৰিণতি ধৰ্ষণ ()

গোলাঘাটত নুমলীগড় তেল শোধনাগাৰৰ বিষয়াৰ বিৰুদ্ধে ধৰ্ষণ কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ ৷ জানো আহক জুলাই মাহতে সংঘটিত এই ঘটনাক কোনে গাপ দি ৰাখিছে ৷

গোলাঘাট, 20 আগষ্ট : এতিয়া দেশত ''বেটি বাছাও, বেটি পঢ়াও'' শীৰ্ষক শ্ল'গানেৰে নাৰীৰ সুৰক্ষা আৰু উন্নয়নক অগ্ৰাধিকাৰ দি দেশ‌ চলোৱাৰ সংকল্প লৈছে কেন্দ্ৰীয় চৰকাৰে ৷ সেই সময়তে অসম মুলুকত একাংশ সমাজত প্ৰতিষ্ঠিত লোকৰ হাততে সুৰক্ষিত নহয় নাৰী । তেনে এক অনুৰূপ ঘটনাই সংঘটিত হ'ল গোলাঘাটৰ নুমলীগড় তেল শোধনাগাৰত ।

শেহতীয়াকৈ নুমলীগড় তেল শোধনাগাৰ(Numaligarh Refinary Limited) ত কৰ্মৰত এগৰাকী অভিযন্তা যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে শোধনাগাৰৰ Instrumentation বিভাগৰ এজন উপ মহাপ্ৰৱন্ধকৰ বিৰুদ্ধে । সম্প্ৰতি অভিযুক্ত উপ মহাপ্ৰৱন্ধক অৰ্থাৎ DGM জনক গোলাঘাট আৰক্ষীৰ জিম্মাত ৰখা হৈছে বুলি জানিব পৰা গৈছে । চাকৰি নিয়মীয়াকৰণৰ অজুহাতত ভুক্তভোগীক নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলৰ বিষয়া গৰাকীৰ বাসগৃহত মাতি নিচাযুক্ত দ্ৰব্য সেৱন কৰাই ধৰ্ষণ কৰা বুলি অভিযোগ আনিছে ভুক্তভোগী যুৱতীয়ে ।

চাকৰি নিয়মীয়াকৰণৰ প্ৰলোভন: পৰিণতি ধৰ্ষণ

এইক্ষেত্ৰত শোধনাগাৰ কৰ্তৃপক্ষক যুৱতী গৰাকীয়ে লিখিতভাৱে অৱগত কৰিছিল যদিও, শোধনাগাৰ কৰ্তৃপক্ষই বিষয়টোত গাপ দিয়াৰ চেষ্টা চলাইছে বুলিও অৱগত কৰে ভুক্তভোগীয়ে । ইয়াৰ ওপৰিও, অৰ্থৰ বিনিময়ত স্থানীয় ৰাইজৰ এচাম প্ৰভাৱশালী লোকেও জুলাই মাহতে সংঘটিত হোৱা ঘটনাটোক গাপ দিয়াৰ চেষ্টা চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে ।

কিন্তু এচামে লুকাই ৰাখিব বিচাৰিলেও বিষয়টো ক্ৰমে জনতাৰ কাণে কাণে প্ৰচাৰ হৈ পৰাত স্থানীয় দল-সংগঠনে এই সম্পৰ্কত প্ৰতিবাদমুখৰ স্থিতি গ্ৰহণ কৰিছে । ইফালে, ন্যায় লাভৰ পৰা বঞ্চিত যুৱতী গৰাকীয়ে গোলাঘাট আৰক্ষীৰ কাষ চাপিছে । পৰৱৰ্তী সময়ত, আৰক্ষীয়ে অভিযুক্তক বৃহস্পতিবাৰে নিশা গুৱাহাটীৰ পৰা আটক কৰে । বৰ্তমান গোলাঘাট আৰক্ষীয়ে বিষয়টোৰ ওপৰত অধিক তদন্ত চলাই আছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : বঙালী ভাষা নোকোৱাৰ বাবে চাকৰিৰ পৰা বহিষ্কাৰৰ ভাবুকি দুই অসমীয়া যুৱতীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.