ETV Bharat / state

অসমৰ দুগৰাকী শিক্ষকলৈ সন্মানীয় ৰাষ্ট্ৰীয় শিক্ষক বঁটা

author img

By

Published : Aug 20, 2021, 12:24 PM IST

দেশৰ বিভিন্ন ৰাজ্যৰ মুঠ 88 গৰাকী শিক্ষকৰ ভিতৰত অসমৰ দুগৰাকী শিক্ষক নিৰ্বাচিত হৈছে 2020-2021 বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ(National Award to Teacher) বাবে ৷ 5 ছেপ্তেম্বৰ অৰ্থাৎ শিক্ষক দিৱসৰ দিনা ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে(Ram Nath Kovind) প্ৰদান কৰিব এই বঁটা ৷

assam teacher select for national teacher awards
অসমৰ দুগৰাকী শিক্ষকলৈ সন্মানীয় ৰাষ্ট্ৰীয় শিক্ষক বঁটা

নিউজ ডেস্ক, 20 আগষ্ট : ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ(National Award to Teacher) বাবে নিৰ্বাচিত হৈছে অসমৰ দুগৰাকীকৈ শিক্ষক ৷ ৰঙিয়াৰ কাউৰবাহা দেউলকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক বিনন্দ স্বৰ্গীয়াৰী(Binanda Swargiary) আৰু টীয়কৰ বামুনপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান বিষয়ৰ শিক্ষক কংকণ কিশোৰ দত্তলৈ(Kankan Kishore Dutta) ভাৰত চৰকাৰৰ শিক্ষা বিভাগে(Education Department) আগবঢ়াইছে 2021 বৰ্ষৰ ভাৰতৰ ‘শ্ৰেষ্ঠ শিক্ষক বঁটা’ ।

সুদীৰ্ঘ 25 বছৰে শিক্ষকতা কৰি অহা শিক্ষক বিনন্দ স্বৰ্গীয়াৰীয়ে ছাত্ৰ-ছাত্ৰীৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্যে বড়ো ভাষাত কিতাপো লিখি উলিয়াইছে । আনহাতে, শিক্ষক কংকন কিশোৰ দত্তৰ নাম ৰাষ্ট্ৰৰ অন্যতম শ্ৰেষ্ঠ শিক্ষক হিচাপে ঘোষণা হোৱাৰ লগে লগেই টীয়কৰ শৈক্ষিক আৰু বৌদ্ধিক সমাজত আনন্দৰ লহৰ উঠা পৰিলক্ষিত হৈছে ৷

  • Heartiest congratulations to Sri Kangkan Kishor Dutta of Jorhat and Sri Binanda Swargiary of Baksa on being selected for the prestigious National Awards to Teachers 2021 for your exemplary work.

    We’re extremely proud of you and my good wishes for you to continue the great work. pic.twitter.com/CiYKOgS4n3

    — Himanta Biswa Sarma (@himantabiswa) August 19, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

ইতিমধ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma) আৰু শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে(Ranoj Pegu) ৰাজ্যৰ দুই শিক্ষকৰ সফলতাত অভিনন্দন আৰু শুভেচ্ছা জনাইছে ৷ আগন্তুক 5 ছেপ্তেম্বৰ অৰ্থাৎ শিক্ষক দিৱসৰ দিনা 2020-2021 বৰ্ষৰ সন্মানীয় ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰিব ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে(Ram Nath Kovind) ৷

অসমৰ উপৰিও উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, তামিল নাডু, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, ছিক্কিম, ওড়িশা, বিহাৰ, গুজৰাট আৰু ৰাজস্থানৰ মুঠ 44 গৰাকী শিক্ষকে নিৰ্বাচিত হৈছে এই বঁটাৰ বাবে ৷ CBSEৰ অন্তৰ্গত বিদ্যালয়সমূহৰ ভিতৰত দিল্লীৰ দ্বাৰকাৰ বাল ভাৰতী পাব্লিক স্কুল (Bal Bharati Public School Dwarka) আৰু ৰাজস্থানৰ ঝুনঝুনুৰ বিৰলা বালিকা বিদ্যাপীঠ (Birla Balika Vidyapeeth Jhunjhunu) দুগৰাকী শিক্ষকে এই ৰাষ্ট্ৰীয় সন্মানৰ তালিকাত স্থান লাভ কৰিছে ।

  • I congratulate Kangkan Kishor Dutta from Jorhat and Binanda Swargiary from Baksa for their selection for prestigious National Awards to Teachers, 2021.
    My best wishes to both the teachers. pic.twitter.com/FIN9yWIppM

    — Ranoj Pegu (@ranojpeguassam) August 18, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

ছত্তীশগড়ৰ বাস্তাৰৰ অন্তৰ্গত কাৰ্পাৱান্দৰৰ একলব্য মডেল আৱাসিক বিদ্যালয়ৰ(Eklavya Model Residential School) এগৰাকী শিক্ষকেও বঁটা প্ৰাপ্ত কৰা 44 গৰাকী শিক্ষকৰ তালিকাত স্থান লাভ কৰিছে ৷

দেশৰ শিক্ষকসকলক ৰাষ্ট্ৰীয় বঁটা প্ৰদানৰ উদ্দেশ্য হৈছে শিক্ষকসকলে শিক্ষা ক্ষেত্ৰত প্ৰদান কৰা অনন্য অৱদানসমূহৰ বাবে তেওঁলোকক উৎসাহিত কৰা আৰু সন্মান জনোৱা ৷ শিক্ষকসকলৰ প্ৰতিশ্ৰুতি আৰু অৱদানে কেৱল শিক্ষাৰ মানদণ্ড উন্নত কৰাই নহয়, ই শিক্ষাৰ্থীসকলৰ জীৱন সমৃদ্ধ কৰাতো অনন্য ভূমিকা পালন কৰি আহিছে ৷

প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত উৎকৃষ্ট শিক্ষা প্ৰদান কৰা শিক্ষকসকলক ৰাজহুৱা স্বীকৃতি দিয়াৰ বাবেই প্ৰতিবছৰে এই বঁটা প্ৰদান কৰে কেন্দ্ৰীয় শিক্ষা বিভাগে ৷

লগতে পঢ়ক : ২১ সংখ্যক মৃত্যু বাৰ্ষিকী শ্ৰদ্ধাৰে সোঁৱৰণ সাহিত্যিক বিনেশ্বৰ ব্ৰহ্মক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.