ETV Bharat / state

লংকা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অভাৱনীয় পৰিস্থিতি

author img

By

Published : Aug 20, 2021, 5:55 PM IST

লংকাৰ খাদ্য বিষক্ৰিয়াৰ ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । দুদিন পাছতো সুস্থ হোৱা নাই বহু লোক । যাৰ বাবে পুনৰ হাস্পতালত ভৰ্তি হৈছে বহু লোক ।

Lanka Food poisoning
লংকা খণ্ড প্ৰাথমিক চিকিৎসা কেন্দ্ৰত অভাৱনীয় পৰিস্থিতি

হোজাই,২০ আগষ্ট : শেহতীয়াকৈ হোজাই জিলাৰ লংকাত খাদ্য বিষক্ৰিয়াৰ ফলত বহু লোক আক্ৰান্ত হৈছিল । কিন্তু সেই আক্ৰান্তৰ সংখ্যা পুনৰ বৃদ্ধি হৈছে । যাৰ বাবে বৃহস্পতিবাৰে নিশা লংকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় ।

নতুনকৈ প্ৰায় ৪৫ গৰাকী লোক অসুস্থ হোৱাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় অঞ্চলটোত । ইফালে ৰোগীৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে হাস্পতালত বিচনাৰ অভাৱ হৈ পৰে । যাৰ বাবে বহু ৰোগীয়ে মাটিতে শুই থাকিবলগীয়া পৰিৱেশৰ সূচনা হয় ।

উল্লেখ্য যে মঙলবাৰে লংকাৰ ৭ নং ৱাৰ্ডৰ বকুল চন্দ্ৰ দাসৰ ঘৰত মনসা পূজাৰ আয়োজন কৰা হৈছিল । পূজালৈ ৱাৰ্ডটোৰ লোকসকল গৈছিল আৰু পূজাত প্ৰসাদকে ধৰি আন খাদ্য সামগ্ৰীও গ্ৰহণ কৰিছিল । কিন্তু তাৰ পাছতে লোকসকল বিভিন্ন ৰোগত আক্ৰান্ত হৈ পৰে ।

লংকা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অভাৱনীয় পৰিস্থিতি

সাধাৰণ চিকিৎসা গ্ৰহণ কৰাৰ পাছতো এতিয়ালৈ সুস্থ হোৱা নাই বহুলোক । ইফালে এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে । লংকা স্বাস্থ্য বিভাগেও এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে ।

জানিব পৰা মতে ৱাৰ্ডটোৰ প্ৰায় প্ৰতিটো পৰিয়ালৰে তিনি চাৰিজনকৈ লোক অসুস্থ হৈছে । উন্নত চিকিৎসাৰ বাবে একাংশ লোকে হোজাই আৰু নগাঁৱৰ ব্যক্তিগত চিকিৎসালয়তো ভৰ্তি হৈছে বুলি জানিব পৰা গৈছে । মনসা পূজাৰ প্ৰসাদ আৰু আন খাদ্য খাই অঞ্চলটোৰ প্ৰায় ২০০ ৰো অধিক লোক অসুস্থ হৈ পৰা বুলি খবৰ পোৱা গৈছে ।

লগতে পঢ়ক:ৰঙিয়া আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.