ETV Bharat / state

ৰাজ্যৰ বন বিভাগে নষ্ট কৰিব গঁড়ৰ খৰ্গ !

author img

By

Published : Aug 20, 2021, 6:07 PM IST

ৰাজ্যত মজুত থকা গঁড়ৰ খৰ্গসমূহ অচিৰেই নষ্ট কৰি পেলাব ৰাজ্য চৰকাৰে ৷ তাৰবাবে পুনৰ ৰাজ্যত মজুত থকা গঁড়ৰ খৰ্গ সমূহৰ গণনা আৰু পৰীক্ষা আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে ৷ বৰ্তমান ৰাজ্যৰ বিভিন্ন কোষাগাৰত বন বিভাগৰ প্ৰায় 2500 গঁড়ৰ খৰ্গ মজুত আছে ৷

rhino
গঁড়ৰ খৰ্গ

বৰপেটা ২০ আগষ্ট : ৰাজ্যত বন বিভাগে আৰম্ভ কৰিছে গঁড়ৰ খৰ্গৰ পৰীক্ষণ আৰু গণনা ৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত ৰাজ্য চৰকাৰৰ হাতত মজুত থকা ৫০০ গঁড়ৰ খৰ্গ চোৰাং ব্যৱসায়ীৰ হাতত বিক্ৰীৰ অভিসন্ধি চলিছিল ৷ ৰাজ্যত মজুত থকা গঁড়ৰ খৰ্গসমূহ অচিৰেই নষ্ট কৰি পেলাব ৰাজ্য চৰকাৰে ৷ তাৰবাবে পুনৰ ৰাজ্যত মজুত থকা গঁড়ৰ খৰ্গ সমূহৰ গণনা আৰু পৰীক্ষা আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে ৷

ৰাজ্যৰ বন বিভাগে নষ্ট কৰিব গঁড়ৰ খৰ্গ !

ইতিমধ্যে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিয়ে বিভিন্ন জিলাৰ কোষাগাৰ সমূহত মজুত থকা গঁড়ৰ খৰ্গসমূহৰ গণনা আৰু পৰীক্ষণৰ বাবে বৰপেটাত উপস্থিত বিশেষজ্ঞ সমিতিৰ দল ৷ ৰাজ্যৰ বন্যপ্ৰাণী বিভাগৰ মুখ্য বন সংৰক্ষক এম কে যাদৱে গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিৰ সদস্যসকল শুকুৰবাৰে বৰপেটাত উপস্থিত হৈ বৰপেটা কোষাগাৰত জমা হৈ থকা গঁড়ৰ খৰ্গসমূহ গণনা আৰু পৰীক্ষা কৰে ৷

লগতে পঢ়ক : চৰকাৰৰ ১০০ দিন : কেবিনেটে ল'লে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

বিশেষজ্ঞ সমিতিৰ সদস্য এগৰাকীয়ে জনোৱামতে বৰপেটাত জমা হৈ থকা ৩৯ টা খৰ্গকে ধৰি ৰাজ্যত জমা হৈ আছে প্ৰায় ২৫০০ গঁড়ৰ খৰ্গ ৷

ইয়াৰ পূৰ্বে ২০১৬ চনৰ ছেপ্টেম্বৰ মাহতো ৰাজ্যখনত মজুত থকা খৰ্গ সমূহৰ গণনা আৰু পৰীক্ষা কৰা হৈছিল ৷ ২০১০ চনত ৰাজ্যৰ বন বিভাগে এক নিৰ্দেশনাযোগে ৰাজ্যখনত মজুত হৈ থকা ১৬০০ গঁড়ৰ খৰ্গ নষ্ট কৰি পেলোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল ৷ কিন্তু ঢেকিয়াজুলিৰ দিলীপ নাথ নামৰ যুৱকজনে বন বিভাগৰ কাৰ্যত সন্দেহ প্ৰকাশ কৰি এই প্ৰক্ৰিয়া বন্ধ কৰি তাৰ বিপৰীতে ৰাজ্যত প্ৰকৃততে কিমান খৰ্গ মজুত আছে সেই সম্পৰ্কে অনুসন্ধানৰ দাবীত দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছিল ৷

লগতে পঢ়ক : বিশ্ব মহ দিৱস 2021: মহ বন্ধু নে শত্ৰু ?

বন বিভাগৰ নেতৃত্বত গঁড়ৰ খৰ্গৰ হৰলুকি কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে দিলীপ নাথৰ তৎপৰতাৰ পিচতেই ৰাজ্য চৰকাৰে ২০১৬ চনত এখন বিশেষজ্ঞ সমিতি গঠন কৰি ৰাজ্যত মজুত থকা গঁড়ৰ খৰ্গসমূহৰ প্ৰকৃত সংখ্যা আৰু খৰ্গসমূহ আচল নে নকল তাৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছিল ৷

এই গণনাৰ পিচতেই ৰাজ্যত মুঠ ২১০০ খৰ্গ মজুত থকাৰ তথ্য ওলাই পৰিছিল ৷ চৰকাৰৰ হাতত মজুত থকা গঁড়ৰ খৰ্গ নষ্ট কৰাৰ অচিলাৰে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ বনমন্ত্ৰী ৰকিবুল হুছেইনৰ দিনত ৫০০ গড়ঁৰ খৰ্গ চোৰাং ব্যৱসায়ীৰ হাতত বিক্ৰী কৰাৰ অভিসন্ধি চলিছিল বুলি সন্দেহ প্ৰকাশ কৰে দিলীপ নাথে ৷

বৰ্তমান ৰাজ্যৰ বিভিন্ন কোষাগাৰত বন বিভাগৰ প্ৰায় 2500 গঁড়ৰ খৰ্গ মজুত আছে ৷ ইয়াৰে অধিকাংশ গোলাঘাট আৰু কাজিৰঙাত আছে ৷ ইয়াৰ প্ৰায় 1000 গঁড়ৰ খৰ্গ বন বিভাগে চোৰাংচিকাৰীৰ পৰা জব্দ কৰাৰ বিপৰীতে বাকী খৰ্গসমূহ প্ৰাকৃতিকভাৱে মৃত্যু হোৱা গঁড়ৰ ৷

লগতে পঢ়ক : বৰপেটাত বন বিভাগৰ গঁড়ৰ খৰ্গ পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.