ETV Bharat / state

কালগাছিয়াৰ এজন প্ৰধান শিক্ষকৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Aug 20, 2021, 5:39 PM IST

শিক্ষকতাৰ দৰে মহান বৃত্তিত জড়িত হৈ থকাৰ মাজতে টকাৰ লোভত অন্ধ হৈ ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ৰূপসী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত 1385 নং চৰ বালাগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৷ শিক্ষক গৰাকী বিদ্যালয়ত উপস্থিত নাথাকি তামোল আৰু মাকৈৰ ব্যৱসায়ত ব্যস্ত থকাৰো অভিযোগ ৰাইজৰ ৷

a-headmaster-accused-of-rampant-corruption-in-kalgasia
কালগাছিয়াৰ এজন প্ৰধান শিক্ষকৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ

জনীয়া, 20 আগষ্ট: বৰপেটা জিলাৰ ৰূপসী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত 1385 নং চৰ বালাগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্থাপিত হৈছে সীমাহীন দুৰ্নীতিৰ অভিযোগ ৷ বিদ্যালয় খনৰ প্ৰধান শিক্ষক আব্দুল হালিমে লক ডাউনৰ সুযোগ গ্ৰহণ কৰি সীমাহীন দুৰ্নীতি সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ তুলিছে বিদ্যালয় পৰিচালনা সমিতিৰ লগতে একাংশ অভিভাৱকে ৷ দুৰ্নীতিৰ খলনায়ক বুলি পৰিচিত প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে উচিত তদন্ত কৰাৰ দাবী কৰিছে স্থানীয় ৰাইজে ৷

প্ৰধান শিক্ষক আব্দুল হালিমৰ বিৰুদ্ধে বিদ্যালয়খনৰ 114 গৰাকী ছাত্ৰ-ছাত্ৰীৰ নামত চৰকাৰে যোগান ধৰা ইউনিফৰ্মৰ ক্ষেত্ৰত বৰপেটা ৰোডৰ গিৰিশ এন্টাৰপ্ৰাইজ নামৰ কোম্পানীৰ লগত 200 টকাকৈ কমিচনৰ অংক মিলাই ছাত্ৰ-ছাত্ৰীক নিম্নমানৰ পোছাক যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে ৷

কালগাছিয়াৰ এজন প্ৰধান শিক্ষকৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ

লগতে বিদ্যালয়ৰ শৌচালয় নিৰ্মাণৰ ক্ষেত্ৰত টকা আত্মসাৎ কৰা, শিক্ষা বিষয়া প্ৰদিপ কুমাৰ দাসক টকা দিব লাগে বুলি কৈ ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ দিয়াৰ নামত এশৰ পৰা দুই হাজাৰ টকাকৈ উৎকোচ লোৱাৰ আন এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে ৷

ইয়াৰ ওপৰিও বিদ্যালয় খোলা থাকিলে বিদ্যালয়ত সোমাইয়ে হাজিৰা বহীত চহী কৰি বিদ্যালয়ৰ পৰা গুচি গৈ প্ৰধান শিক্ষক আব্দুল হালিমে তামোল আৰু মাকৈৰ ব্যৱসায় কৰে বুলি স্থানীয় ৰাইজ আৰু অভিভাৱকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷ প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে স্বৈৰাচাৰি শাসন চলাই শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ উত্থাপন হোৱাত শুকুৰবাৰে বিভাগীয় কৰ্তৃপক্ষৰ এটা দলে বিদ্যালয়ত উপস্থিত হৈ দুৰ্নীতিৰ তদন্ত কৰে ৷

লগতে ৰাইজৰ লগত মত বিনিময় কৰি দোষী সাব্যস্ত হলে শিক্ষক গৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি আশ্বাস প্ৰদান কৰে বিদ্যালয় সমূহৰ পৰিদৰ্শক নৱজিৎ বায়নে ৷ এই ক্ষেত্ৰত দুৰ্নীতিগ্ৰস্থ শিক্ষকক বদলিকৰণ কৰি শৈক্ষিক পৰিৱেশ ঘূৰাই অনাৰ বাবে দাবী উত্থাপন কৰিছে অভিভাৱক তথা স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ অসমৰ দুগৰাকী শিক্ষকলৈ সন্মানীয় ৰাষ্ট্ৰীয় শিক্ষক বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.