ETV Bharat / state

বাক্সাত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু দুটাকৈ হাতীৰ

author img

By

Published : Aug 20, 2021, 6:43 PM IST

ৰাজ্যত পুনৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে বন্যহস্তীৰ । বাক্সাত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু দুটাকৈ বন্যহস্তীৰ । ঘটনাৰ পাছতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত ।

Baksa
বাক্সাত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু দুটাকৈ হাতীৰ

বাক্সা,২০ আগষ্ট : ৰাজ্যৰ ভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাত (man elephant conflict) অব্য়াহত আছে । ইয়াৰ মাজতে বাক্সা জিলাত এক শোকাৱহ ঘটনা সংঘটিত হয় । পুনৰ বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু হয় হাতীৰ ।

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ (Manas National Park) বাতাবাৰী ৰেঞ্জৰ অন্তৰ্গত বাক্সা জিলাৰ গোলাগাঁও সমীপৱৰ্তী কৰৈবাৰীত সংঘটিত হৈছে এই ঘটনা । বিদ্যুৎস্পৃষ্ট হৈ দুটাকৈ মাইকী হাতীৰ কৰুণ মৃত্যু ঘটে । ঘটনাৰ পাছতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলতে ।

বনাঞ্চলৰ পৰা ওলাই আহি খাদ্যৰ সন্ধানত হাতী দুটাই জনাঞ্চলত প্ৰৱেশ কৰিছিল । কিন্তু খেতি পথাৰলৈ যোৱাৰ লগে লগে বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় হাতী দুজনীয়ে । মৰ্মান্তিক ঘটনাটোৰ পাছতে অঞ্চলটোৰ ৰাইজে সেই স্থানত ভিৰ কৰে । ইফালে বন বিভাগৰ লোকসকলো উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

বাক্সাত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু দুটাকৈ হাতীৰ

উল্লেখ্য যে, কৰৈবাৰীৰ ৰছেন দেউৰী নামৰ ব্যক্তি এগৰাকীয়ে খেতিপথাৰত থকা চাংঘৰত পোহৰৰ যোগান ধৰিবলৈ তাঁৰেৰে বিদ্যুৎ সংযোগ কৰিছিল । কিন্তু দুৰ্ভাগ্যজনকভাৱে সেই তাঁৰতে লাগি মাইকী হাতী দুটাৰ কৰুণ মৃত্যু হয় বুলি জানিব পৰা গৈছে । ঘটনাস্থলীত শিমলা আৰক্ষীও উপস্থিত হৈ ঘটনাৰ সবিশেষ বুজ লৈছে । অৱশ্যে এই ঘটনাকলৈ যথেষ্ট দুখিত আৰু নিজৰ কামকলৈ অনুতপ্ত ৰছেন দেউৰী নামৰ ব্যক্তিগৰাকী ।

লক্ষণীয়ভাৱে প্ৰতিবছৰে এনেদৰে বনৰীয়া হাতীয়ে কৰুণ মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় । পাহাৰত খাদ্যৰ অভাৱৰ বাবে বন্যহস্তীয়ে জনাঞ্চলত প্ৰৱেশ কৰে । যাৰ ফলত হাতী মানুহৰ সংঘাত হোৱা দেখা যায় ।

এই সংঘাতৰ পৰিণতি স্বৰূপে বহু লোক আৰু বন্যহস্তীৰ মৃত্যু হোৱা দেখা যায় । কিছুমান সংস্থা আৰু লোকে পাহাৰত ফলৰ গছ ৰোপন কৰি হাতীৰ খাদ্যৰ ব্যৱস্থা কৰি দিছে । কিন্তু লক্ষণীয়ভাৱে এই সমস্যা সমাধানৰ ক্ষেত্ৰত আজিলৈ চৰকাৰে কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়ক :বঙালী ভাষা নোকোৱাৰ বাবে চাকৰিৰ পৰা বহিষ্কাৰৰ ভাবুকি দুই অসমীয়া যুৱতীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.