গুৱাহাটীৰ পৰা ৩.৩০ বজাত গোৱালৈ উৰা মাৰিব বিসম্বাদী বিধায়কৰ দল
বৰঝাৰ বিমান বন্দৰৰ পৰা ৩.৩০ বজাত গোৱালৈ উৰা মাৰিব মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকল ৷ গোৱাৰ হোটেল তাজত বুকিং কৰা হৈছে ৭১ টা কোঠা ৷ বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ বিধানসভাত অনুষ্ঠিত হ’ব আস্থা ভোট ৷
Maharashtra political crisis: অসম এৰাৰ বাবে সাজু সিন্দে বাহিনী
বিগত 20 জুনৰ পৰা গুৱাহাটীৰ হোটেল ৰেডিশ্যন ব্লুত বাহৰ পাতি থকা মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ(Maharashtra rebel MLAs) দলটো অৱশেষত অসম এৰি যাবলৈ সাজু হৈছে ৷ মহাৰাষ্ট্ৰৰ বিধানসভাত আস্থা ভোটৰ বাবে ৰাজ্যপালৰ আহ্বান মৰ্মে অসম এৰি যাবলৈ সাজু হৈছে দলটো ৷ মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে ঠাকৰে চৰকাৰক সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ দাবী জনাই মঙলবাৰে ৰাজ্যপাললৈ প্ৰেৰণ কৰিছিল পত্ৰ ।
গোচৰ নিষ্পত্তিৰ নামত উৎকোচ বিচৰা আৰক্ষীক আটক নগাঁও আৰক্ষীৰ
নগাঁৱত আৰক্ষীৰ জালত ইজনৰ পিছত সিজনকৈ ঘোচখোৰ আৰক্ষী বিষয়া ৷ জোনমনিৰ ঘটনা মাৰ নৌযাওঁতেই গোচৰ নিষ্পত্তিৰ নামৰ উৎকোচ খুজি আৰক্ষীৰ জালত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হাইদৰ হুছেইন (police detained for taking bribes) ৷
আজিৰ পৰা পুনৰ বন্ধ হল মাজুলী নিমাতি ফেৰী সেৱা
আজিৰ পৰা পুনৰ বন্ধ হল মাজুলী নিমাতি ফেৰী সেৱা (Majuli Nimati ferry service is closed again from today)। যোৱা কেইবাদিনো ধৰি হৈ থকা বৰুষুণৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ, ডুব গৈছে ফেৰী ৰখোৱা ৰেম্প সমূহ ৷ ইফালে ব্ৰহ্মপুত্ৰত সোতৰ গতি বৃদ্ধি পোৱাৰ প্ৰৰিপ্ৰেক্ষিতত যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰৰ পৰা মাজুলী জিলা প্ৰশাসনে অনিদিষ্ট কাললৈ বন্ধ কৰিছে মাজুলী-নিমাতিৰ মাজত চলাচল কৰা ফেৰী সেৱা । ব্ৰহ্মপুত্ৰ নদীৰ পানী কমিলেহে পুনৰ ফেৰী সেৱা আৰম্ভ কৰিব পৰা যাব বুলি আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ লোকে জানিবলৈ দিছে (Department of Internal Water Transport) ।