ETV Bharat / state

শগুনৰ সংখ্যা হ্ৰাসৰ ফলত কি কি ৰোগ বৃদ্ধি পাইছে ? এক বিশেষ সাক্ষাৎকাৰ - Vultures decline in Assam

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 10:39 PM IST

Vulture Conservation in Assam : বিলুপ্ত হোৱাৰ দিশে আগবাঢ়িছে মানৱজাতিৰ বাবে উপকাৰী শগুন ৷ কিয় অভাৱনীয়ভাৱে হ্ৰাস পাইছে শগুনৰ সংখ্যা? কিহৰ সংকেট কঢ়িয়াইছে শগুনৰ সংখ্যা হ্ৰাসে ? শগুন সংৰক্ষণ প্ৰজনন কেন্দ্ৰৰ জ্যেষ্ঠ কেন্দ্ৰ প্ৰৱন্ধকৰ সৈতে জ্যেষ্ঠ সাংবাদিক ভৱেশ মেধিৰ আছুতীয়া সাক্ষাৎকাৰ...

VULTURES DECLINE IN ASSAM
শগুন সংৰক্ষণ প্ৰজনন কেন্দ্ৰৰ জ্যেষ্ঠ কেন্দ্ৰ প্ৰৱন্ধকৰ সৈতে সাক্ষাৎকাৰ (ETV Bharat Assam)

গুৱাহাটী, ৪ মে’ : ধৰক, আপোনাৰ ওচৰে-পাজৰে ডাঙৰ জন্তু এটা মৰিল । দেখাত আপচু, কিন্তু উপকাৰী জন্তুটো আঁতৰাবলৈ আপোনাৰ কোনো উপায় নাই । তেতিয়া আপোনাৰ এটাই চিন্তা হ’ব- শটোত শগুন পৰিছেনে নাই ? শগুন পৰিলেই আপুনি ৰক্ষা পৰে । দৈত্যাকাৰ, আপচু এই চৰাইজাতে যে নিতৌ মানৱ সমাজৰ কিমান উপকাৰ সাধে তাৰ লেখ-জোখ নাই ৷

পূজাৰী মানৱ সমাজে শগুনৰ পূজা কেতিয়াবা কৰিব জানো ? শগুন কাৰো শ্ৰদ্ধাৰ পাত্ৰ নহ’লেও ইহঁতে মানৱ সমাজৰ প্ৰতি কৰা উপকাৰৰ তুলনা নাই । বানপানী, ভুঁইকপ আদি প্ৰাকৃতিক দুৰ্যোগৰ সময়ত শ‍ই শ‍ই গৰু-ম’হ, মানুহ আদি মৃত্যুৰ মুখত পৰে । শগুনে এই মৰাশবিলাক খাই মানুহক উদ্ধাৰ নকৰাহঁতেন মহামাৰী ৰোগতে তেনে অঞ্চলৰ মানুহ শেষ হ’লহেঁতেন ।

দুখৰ কথা যে ইমানখিনি উপকাৰ পোৱা সত্ত্বেও আমাৰ সমাজত শগুন এবিধ আপচু, ঘৃণনীয় চৰাই হিচাপেহে পৰিচিত । মানৱজাতিৰ এই উপকাৰী চৰাইবিধে মৃত্যুৰ শেষ ক্ষণ গণি আছে, সেয়া‌‌ হয়তো বহুতৰে অজ্ঞাত বা জনাৰ ইচ্ছুক নহয় । এই উপকাৰী প্ৰজাতিবিধ নিঃশেষ হোৱাৰ পৰা উদ্ধাৰৰ কাম কৰি আছে ‘বম্বে নেচাৰেল হিষ্ট্ৰী ছ’চাইটী’ নামৰ এটা সংস্থাই ।

সমগ্ৰ দেশৰ লগতে এই সংস্থাটোৰ এটা শাখা গুৱাহাটীৰ ৰাণীত স্থাপন কৰা হৈছে । এই সংস্থাটোৱে বহুত বছৰ ধৰি নীৰৱে শগুনৰ উদ্ধাৰ আৰু সংৰক্ষণৰ কাম কৰি আছে । শগুনৰ সকলো বিষয়ে জনাৰ বাবে মহানগৰীৰ সমীপৱৰ্তী ৰাণীৰ শগুন সংৰক্ষণ প্ৰজনন কেন্দ্ৰৰ জ্যেষ্ঠ কেন্দ্ৰ প্ৰৱন্ধক শচীন পি ৰানাডেৰ কাষ চপা‌‌ হৈছিল । আছুতীয়া সাক্ষাৎকাৰত তেওঁ ‌বহুত কথাৰে উত্তৰ দিলে ৷ যিবোৰ হয়তো বহুত মূল্যবান আৰু জনাৰ‌ প্ৰয়োজন ।

শগুনৰ সংখ্যা অভাৱনীয়ভাৱে হ্ৰাস :

সমগ্ৰ বিশ্বজুৰি মুঠতে পোন্ধৰ জাতমান শগুন আছে । ৰানাডে জনোৱা মতে ভাৰতত ৯ টা প্ৰজাতিৰ শগুন আছে ।‌ অসমত দুটা প্ৰজাতিৰ শগুন আছে । তেওঁ কয় যে ১৯৮০ চনত ভাৰতত ৪ কোটি শগুন আছিল । ২০ বছৰমানৰ আগেয়ে অসমত শগুনৰ সংখ্যা লাখৰ ঘৰত আছিল । এতিয়া ভাৰতত ৪ হাজাৰমানো শগুন নাই । এতিয়া অসমত প্ৰায় ২০০০ টা বগাপিঠীয়া আৰু ৫০০ মান লাহী ঠুটীয়া শগুন আছে ।

বগাপিঠীয়া, লাহী ঠুটীয়া আৰু ৰজা শগুন অসমৰ স্থানীয় প্ৰজাতিৰ শগুন । শীতকালত হিমালয়ান গ্ৰিফন আৰু চিনেৰিয়াছ শগুন পৰিভ্ৰমী চৰাইৰূপে অসমলৈ আহে । কেতিয়াবা দুই-এটা ইউৰেছিয়ান গ্ৰিফন প্ৰজাতিৰ শগুনো পৰিভ্ৰমী চৰাইৰূপে অসমলৈ আহে ।

কিয় হ্ৰাস পালে শগুনৰ সংখ্যা ?

ৰানাডে কয় যে পশুধনৰ চিকিৎসাত বহুলভাৱে ব্যৱহৃত ডাইক্লফিনাক নামৰ বিষনাশক ৰাসায়ানিক দৰববিধৰ ব্যৱহাৰৰ ফলতেই ভাৰতৰ লগতে অসমত বহুত শগুনৰ মৃত্যু হৈছে । কাৰণ এই ঔষধেৰে চিকিৎসা কৰা পশুৰ যদি ২-৩ দিনৰ ভিতৰত মৃত্যু হয়, তেন্তে দৰববিধৰ ক্ৰিয়া মৰাশত থাকি যায় । এনে পশুৰ শ ভক্ষণ কৰিলে শগুনৰ বৃক্ক বিকল হৈ ভিচালে গ্ৰউট হৈ মৃত্যুমুখত পৰে । পশুধনৰ চিকিৎসাত ব্যৱহৃত এচিক্লোফেনাক আৰু কেটোপ্ৰফেলো শগুনৰ মৃত্যু হোৱাৰ মূল কাৰণ বুলি তেওঁ উল্লেখ কৰে ।

তেওঁ জনায় যে তিনিওবিধ দৰবেই নিষিদ্ধ কৰা হৈছে । ৰাণাডেৰ মতে, নিষিদ্ধ দৰব ক’ৰবাত ক'ৰবাত ফাৰ্মাচী আদিত মজুত আছে আৰু সেইবোৰ কম পৰিমাণে হ'লেও ব্যৱহাৰ হৈ আছে । এই ব্যৱহাৰ ৰোধ কৰিব লাগিব । ৰাইজো সচেতন হ’ব লাগিব‌ বুলি তেওঁ মতপোষণ কৰে ।

শগুন নোহোৱা হোৱাৰ ফলত চৰিত্ৰ সলনি হৈ হিংস্ৰ হোৱা বাটৰ কুকুৰ, ভতুৱা কুকুৰে বিভিন্ন বিপদ মাতি আনিছে সমাজলৈ । গ্ৰামাঞ্চলত কেবাটাও কুকুৰে দল বান্ধি পথাৰ বা ৰাস্তাত থকা ছাগলী, দামুৰি আদি পোহনীয়া জীৱ-জন্তুক কামোৰে, আক্ৰমণ কৰে বা চিকাৰ কৰি খায় । শগুনৰ সংখ্যা লাখৰ ঘৰৰপৰা আহি মাত্ৰ কেইহেজাৰমান হৈছে । তাৰ ফলতে কুকুৰৰ চৰিত্ৰ সলনি হোৱা বুলি মন্তব্য কৰে শচীন পি ৰানাডে ৷

তেওঁ কয় যে আগেয়ে আমাৰ ভতুৱা কুকুৰবিলাকে আমি সাধাৰণতে ঘৰত যি খাওঁ তাকেই খাইছিল । মাংস কেতিয়াবাহে এটুকুৰা- দুটুকুৰা খাবলৈ পাইছিল । কিন্তু শগুন কমি যোৱাত কুকুৰে বিভিন্নধৰণৰ মৰাশবোৰ খাবলৈ পাইছে । সঘনে মাংস খাবলৈ পোৱাৰ ফলতেই কুকুৰৰ চৰিত্ৰ সলনি হৈছে । বংশবৃদ্ধিৰ হাৰো বাঢ়িছে ।

তেওঁ লগতে কয় যে পোহনীয়া জীৱ-জন্তুক আক্ৰমণ কৰা কুকুৰবিলাকৰ বেছিভাগেই জলাতংক ৰোগত আক্ৰান্ত । তদুপৰি কুকুৰ অন্য ভালেমান জটিল ৰোগৰো বাহক । শগুনৰ সংখ্যা উদ্বেগজনকভাবে হ্ৰাস পোৱাত অন্য বহু ৰোগৰ বাহক যেনে নিগনি, মাখি আদিৰ সংখ্যাও বাঢ়িছে ।

উল্লেখযোগ্য যে অন্যান্য শ ভক্ষণকাৰী জীৱ, যেনে- কুকুৰ, কাউৰী, এন্দুৰ আদিৰ তুলনাত শগুনে শবোৰ বেছি খৰতকীয়াকৈ আৰু পৰিষ্কাৰকৈ ভক্ষণ কৰে । তদুপৰি শগুনে ইয়াৰ শক্তিশালী পাচনতন্ত্ৰৰ সহায়ত মৰাশত থকা চবকা, টেটুৱা, জলাতংক আদিৰ দৰে সংক্ৰামক ৰোগৰ বীজাণুবোৰো খাই হজম কৰিব পাৰে । ফলত মানুহ, জীৱ-জন্তুলৈ বহু ৰোগ বিয়পাৰ আশংকা নাইকিয়া হয় ।

ৰাণাডেৰ মন্তব্য, ‘‘ শগুনৰ সংখ্যা হ্ৰাস পোৱাত মৰাশ খোৱা কুকুৰৰ সংখ্যা বাঢ়িছে ৷ ফলত জলাতংক ৰোগৰ সংক্ৰমণ বৃদ্ধি পাইছে । তদুপৰি বিভিন্ন সংক্ৰামক ৰোগৰ বীজাণুৰ উপৰি গৰু-ম’হৰ চবকা, টেটুৱা ৰোগ বৃদ্ধি পাইছে ।

ৰাণীৰ শগুন সংৰক্ষণ প্ৰজনন কেন্দ্ৰটো :

২০০৭ চন ‘বম্বে নেচাৰেল হিষ্ট্ৰী ছ'চাইটী’য়ে বন বিভাগৰ সহযোগত ৰাণীত স্থাপন কৰিছিল এই কেন্দ্ৰটো । কেন্দ্ৰটোত সম্প্ৰতি ১৪১ টা ডাঙৰ আৰু ২০ টা পোৱালিসহ ১৬১ টা শগুন আছে । ইয়াৰে ১০৮টা বগাপিঠীয়া শগুন আৰু ৫৩ টা লাহী চুঁটীয়া । কেন্দ্ৰটোত পোৱালিসহ থকা মুঠ শগুনৰ ভিতৰত ৯৫ টাৰে আবদ্ধ প্ৰজননৰ জৰিয়তে কেন্দ্ৰটোত জন্ম হৈছে ।

তেওঁ জনায় যে বৰ্তমান ৮ জন‌ লোক এই কেন্দ্ৰটোৰ লগত কাম কৰি আছে । শগুনক ৰখাৰ বাবে বিশেষ ঘৰৰ ব্যৱস্থা কৰা ‌হৈছে ।‌ ভিতৰত নিজে বাহ‌ সাজিব পৰা পৰিৱেশ দিয়া‌ হৈছে । পানীৰ ব্যৱস্থা কৰা‌ আছে ।‌ সপ্তাহত দুবাৰকৈ খাদ্য দিয়া হয় । নিদিষ্ট দূৰৈৰ পৰা‌ খাদ্য দিয়া হয় যাতে শগুন ভীতিগস্ত নহয় ।‌‌ মানুহৰ চকুৰ পৰা সম্পূৰ্ণ আঁতৰ‌ৰ বন্য পৰিৱেশত ৰখা হৈছে ।

শগুনৰ সকলো দিশ‌ চি চি টি ভি কেমেৰাৰে নিৰীক্ষণ কৰি থকা হয় । কেন্দ্ৰটো পৰিচালনাৰ দায়িত্বত থকা জ্যেষ্ঠ প্ৰবন্ধক ৰানাডেই জনায় যে যদিহে সকলো ঠিকে-ঠাকে থাকে, তেন্তে অহা বছৰ কেন্দ্ৰটোৰপৰা কিছুসংখ্যক শগুন প্ৰথমবাৰলৈ প্ৰকৃতিত মুকলি কৰি দিয়া হ’ব পাৰে । ৰাণীৰ কেন্দ্ৰটোৱে ৰাইজক সজাগ কৰিবলৈ বিভিন্ন ঠাইত সজাগতা অনুষ্ঠানৰ আয়োজন কৰি আহিছে ।

লগতে পঢ়ক: Vulture death in Dibrugarh: বিষক্ৰিয়া হৈ ডিব্ৰুগড়ত 20 টা দুষ্প্ৰাপ্য শগুনৰ মৃত্যু

Vulture killing: জঘন্য! শগুন নিধন কৰি ভক্ষণৰ পৰিকল্পনা দুষ্কৃতিকাৰীৰ

Vulture death in Majuli: মাজুলীত 7 টাকৈ শগুন নিধন; কেইবাটাও শগুন অচেতন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.